Skip to main content

You may also like this

4-tag:ENGLISH 3-185px-mosaic

ASSAMESE POEM RECITATION

3-tag:POEM RECITATION-350px-list

আহাৰৰ প্ৰয়োজনীয়তা - পাঠ-৭ ।। Class 5 ।। আমি আৰু আমাৰ পৰিবেশ

 Class 5     ।।   আমি আৰু আমাৰ পৰিবেশ

পাঠ  -  ৭    আহাৰৰ প্ৰয়োজনীয়তা 

পাঠ ৭  আহাৰ প্ৰয়োজনীয়তা

১। চমুকৈ উত্তৰ লিখা-

(ক)আমাক কিয় আহাৰৰ প্রয়ােজন হয়?

উত্তৰঃ জীয়াই থাকিবলৈ আমাক আহাৰৰ প্ৰয়োজন হয়।

(খ) খাদ্যত থকা উপাদানবােৰ কি কি?

উত্তৰঃ খাদ্যত থকা উপাদানবোৰ হৈছে- শৰ্কৰা, প্ৰ'টিন, চৰ্বি, ভিটামিন, খনিজ দ্ৰব্য আৰু পানী।

(গ) শৰ্কৰা , প্রটিন আৰু চর্বিজাতীয় আহাৰৰ দুটাকৈ নাম উল্লেখ কৰা ।

উত্তৰঃ

১। শৰ্কৰাজাতীয় আহাৰৰ দুটা নাম- ১। ভাত, ২। চেনি।

২। প্ৰটিনজাতীয় আহাৰৰ দুটাকৈ নাম - ১। উৰহী, ২। মটৰ।

৩।চর্বিজাতীয় আহাৰৰ দুটাকৈ নাম - ১। তেল, ২। তিল।

(ঘ) সুষম আহাৰ বুলিলে কি বুজা? সুষম আহাৰৰ কিয় প্রয়ােজন? 

উত্তৰঃ আমাৰ শৰীৰত প্ৰয়োজন হোৱা শৰ্কৰা, প্ৰটিন, চৰ্বি, ভিটামিন, আৰু খনিজ দ্ৰব্য যিবোৰ আহাৰত প্ৰয়োজনীয় পৰিমাণত পোৱা যায়, সেইবোৰ আহাৰেই হৈছে- সূষম আহাৰ আৰু এই আহাৰেই আমাক শক্তি দিয়ে, শৰীৰৰ বৃদ্ধিত সহায় কৰে আৰু নিৰোগী হৈ থকাত সহায় কৰে সুষম খাদ্য নাখালে মানুহৰ শৰীৰত প্ৰয়োজনীয় উপাদানৰ অভাৱ হয় সেইবাবে  সুষম আহাৰৰ প্ৰয়োজন।

(ঙ) আমি কিয় যথেষ্ট পৰিমাণে পানী খাব লাগে?

উত্তৰঃ পানীয়ে আহাৰক শৰীৰে সহজে গ্রহণ কৰিব পৰাকৈ সৰল দ্ৰৱণীয় অৱস্থালৈ আনে।পানীয়ে আমাৰ শৰীৰৰ অলাগতিয়াল পদার্থবােৰ ঘাম আৰু প্ৰস্ৰাৱৰূপে বাহিৰ কৰাত সহায় কৰে। পানীয়ে শৰীৰ শীতল কৰি ৰাখে। পানী কমকৈ খােৱাৰ ফলত দেহত পানীৰ পৰিমাণ কমি গৈ বেমাৰ হােৱাৰ সম্ভাৱনা থাকে।

২। খালী ঠাই পূৰ কৰা-

(ক) জীয়াই থাকিবৰ বাবে আহাৰ প্ৰয়োজন। 

(খ) আমাৰ দেহৰ গঠন আৰু বৃদ্ধিত সহায় কৰা উপাদান বিধ হল প্ৰ'টিন।                                               (গ) সেউজীয়া শাক-পাচলি আৰু ফল-মূলত ভিটামিন আৰু খনিজ পদাৰ্থ থাকে।

(ঘ) প্রয়ােজনীয় পৰিমাণত সকলােবােৰ উপাদান থকা খাদ্যক সুষম  আহাৰ বোলে। 

 (ঙ) ভিটামিন A ৰ অভাৱত চকুৰ দৃষ্টিশক্তি কমে ।

 

৩।‘ ক ’ অংশৰ লগত ‘ খ ’ অংশ মিলােৱা —

 'ক'     -     'খ'                                                

আমাৰ শৰীৰক শক্তি দিয়া উপাদান বিধ হ’ল - শৰ্কৰা 

শৰীৰত হাড় আৰু দাঁতৰ গঠনত সহায় কৰা খনিজ দ্রব্য বিধ হল - কেলচিয়াম

তেজৰ গঠনত সহায় কৰা খনিজ দ্রব্য বিধ হ'ল - লো

আয়'ডিনৰ অভাৱত হােৱা বেমাৰ বিধ হ’ল - গৰল 


৪। শুদ্ধ উত্তৰটো বিচাৰি উলিওৱা— 

(ক) আমাৰ শৰীৰক বেমাৰৰ পৰা ৰক্ষা কৰা উপাদানবােৰ হ’ল- 

গাখীৰ আৰু দৈ / চর্বি আৰু প্ৰটিন / ভিটামিন আৰু খনিজ দ্রব্য। 

উত্তৰঃ ভিটামিন আৰু খনিজ দ্ৰব্য।

(খ) দীর্ঘদিনৰ বাবে খাদ্যৰ উপাদানৰ অভাৱত হােৱা বেমাৰক কি বুলি কোৱা হয়—

 বেৰিবেৰি কুকুৰীকণা / অভাৱজনিত ৰােগ ।

উত্তৰঃ অভাৱজনিত ৰোগ।

(গ) ভিটামিন C অধিক পৰিমাণে থকা খাদ্য হল— 

গাখী / আমলখি / ছয়াবিন ।

উত্তৰঃ আমলখি।

(ঘ) আমাৰ শৰীৰৰ পৰা অলাগতিয়াল পদার্থবােৰ বাহিৰ কৰাত সহায় কৰা খাদ্যবিধ হ’ল-

গাখীৰ পানী / শাক - পাচলি ।

উত্তৰ- পানী।



Thank you for visit.

Online School Education - Assam

Comments

3-popular-180px-course