Skip to main content

You may also like this

4-tag:ENGLISH 3-185px-mosaic

ASSAMESE POEM RECITATION

3-tag:POEM RECITATION-350px-list

গাওঁ পঞ্চায়ত - পাঠ-১৬ ।। Class 5 ।। আমি আৰু আমাৰ পৰিবেশ

Class 5     ।।   আমি আৰু আমাৰ পৰিবেশ

গাওঁ পঞ্চায়ত - পাঠ-১৬
উত্তৰ লিখা-
(ক) কোনে পঞ্চায়তীৰাজ ব্যৱস্থাৰ সমৰ্থন কৰিছিল?
উত্তৰঃ জাতিৰ পিতা মহাত্মা গান্ধীয়ে পঞ্চায়তীৰাজ ব্যৱস্থা সমৰ্থন কৰিছিল।
(খ) গাওঁ পঞ্চায়তত মুঠ আসনৰ কিমান শতাংশ আসন মহিলাৰ বাবে সংৰক্ষিত?
উত্তৰঃ গাওঁ পঞ্চায়তত মুঠ আসনৰ ৩৩% আসন মহিলাৰ বাবে সংৰক্ষিত।

(গ) ভোটাধিকাৰ পাবলৈ হ'লে কিমান বছৰ পূৰ্ণ হ'ব লাগিব?
উত্তৰঃ ভোটাধিকাৰ পাবলৈ হ'লে ১৮ বছৰ পূৰ্ণ হ'ব লাগিব।

(ঘ) শেহতীয়া অসম পঞ্চায়ত আইনখন কোন চনত গ্ৰহণ কৰা হয়?
উত্তৰঃ শেহতীয়া অসম পঞ্চায়ত আইনখন ১৯৯৪ চনত গ্ৰহণ কৰা হয়।

২। খালী ঠাই পূৰ কৰা-

(ক) গাওঁসভাৰ বৈঠক আহ্বান কৰিববৰ বাবে ১৫ দিনৰ আগতে সভাৰ বিষয়ে প্ৰচাৰ কৰিব লাগে।
(খ) পৌৰ নিগমৰ কাৰ্যকাল ৫ বছৰ।
(গ) একোখন গাওঁ পঞ্চায়ত এলেকাত ১০ টা আঞ্চলিক সমষ্টি থাকে।
(ঘ) গুৱাহাটী পৌৰ নিগম ১৯৭৪ চনত স্থাপন কৰা হয়।

৩। শুদ্ধ উত্তৰটো বাছি উলিওৱা-

(ক) গাওঁ পঞ্চায়তৰ কাৰ্যকাল ৫ বছৰ/৬ বছৰ/৪ বছৰ।
উত্তৰঃ ৫ বছৰ।
(খ) পৌৰসভাৰ সদস্য় বা সদস্য়া গৰাকীক পৌৰপতি/কাউন্সিলৰ/কমিচনাৰ বোলা হয়।
উত্তৰঃ কমিচনাৰ।
(গ) পৌৰ নিগমৰ সদস্য়ৰ সংখ্য়া ৩০ জন/২০ জন/ ৬০ জনৰ অধিক হ'ব নোৱাৰে।
উত্তৰঃ ৬০ জন।
(ঘ) গাওঁ পঞ্চায়ত গঠন কৰিবলৈ এলেকাটোত ৬০০০ ৰ পৰা ৮০০০/৯০০০/১০০০০ লৈ জনসংখ্য়া থকা উচিত।
উত্তৰঃ ১০০০০ লৈ।

৪। তলত দিয়া বাক্য়কেইটাৰ পৰা অশুদ্ধবোৰ বাচি উলিয়াই শুদ্ধকৈ লিখা-
(ক) গাঁৱৰ সকলো প্ৰাপ্তবয়স্ক পুৰুষ আৰু মহিলাক লৈ অনুষ্ঠিত কৰা সভাখনেই হৈছে গাওঁ সভা।
 
উত্তৰঃ কোনো এখন গাওঁ বা পঞ্চায়ত এলেকাৰ প্ৰাপ্ত বয়স্ক পুুৰুষ আৰু মহিলাক লৈ অনুয্ঠিত কৰা সভাখনেই হৈছে গাওঁসভা।
(খ) গাওঁ সভাক ১০টা ৱাৰ্ডত ভাগ কৰা হয়।
উত্তৰঃ গাওঁ পঞ্চায়তক ১০টা ৱাৰ্ডত ভাগ কৰা হয়।
(গ) গাওঁ পঞ্চায়ত হ'ল সভাপতি আৰু সদস্য়সকলক লৈ গঠিত গাঁৱৰ প্ৰশাসনিক সংগঠন।
উত্তৰঃ গাওঁ পঞ্চায়ত হ'ল সভাপতি বা সভানেত্ৰী আৰু ১০ জন সদস্য়/সদস্য়াক লৈ গঠিত গাওঁৰ স্থানীয় প্ৰশাসন।
(ঘ) ১৮ বছৰ পূৰ হোৱা সকলো প্ৰাপ্ত বয়স্ক লোকেই গাওঁ পঞ্চায়তৰ সদস্য়।
উত্তৰঃ ১৮ বছৰ পূৰ হোৱা ৰাইজৰ দ্বাৰা নিৰ্বাচিত ১০ জন লোকেই গাওঁ পঞ্চায়তৰ সদস্য়।
৫। গাওঁ পঞ্চায়ত কিদৰে গঠন কৰে?
উত্তৰঃ ৬০০০ ৰ পৰা ১০০০০ জনসংখ্য়া থকা এলেকা এটাত গাওঁ পঞ্চায়ত গঠন কৰা হয়। পঞ্চায়ত গঠন কৰিবলৈ ১০ জন সদস্য়/সদস্য়া আৰু এজন সভাপতি লাগে। নিৰ্বাচনৰ সুবিধাৰ বাবে পঞ্চায়ত এলেকাক ১০টা আঞ্চলিক সমষ্টিত ভাগ কৰা হয়। প্ৰতিটো সমষ্টিৰ এজনকৈ সদস্য় ৰাইজে ভোটৰ দ্বাৰা নিৰ্বাচিত কৰে। পঞ্চায়তৰ অন্তৰ্গত এজন লোকক ৰাইজে প্ৰত্য়ক্ষভাৱে সভাপতি নিৰ্বাচন কৰে। এইদৰে এজন সভাপতি/সভানেত্ৰী আৰু ১০ জন সদস্য়/সদস্য়াৰে গাওঁ পঞ্চায়ত গঠন হয়।

৬। গাওঁ পঞ্চায়তৰ যিকোনো তিনিটা কাম উল্লেখ কৰা।
উত্তৰঃ গাওঁ পঞ্চায়তৰ যিকোনো তিনিটা কাম হ'ল-

-পঞ্চায়তৰ বাৰ্ষিক বাজেট প্ৰস্তুত কৰা। 
-খোৱা পানীৰ যোগান ধৰা, স্বাস্থ্য় আৰু পৰিয়াল কল্য়াণ ব্য়ৱস্থা কৰা।

-ৰাজহুৱা বাট-পথ আৰু নলা-নৰ্দমা ব্য়ৱস্থা কৰা।

৭। নগৰ অঞ্চলৰ শাসন ব্য়ৱস্থাত থকা নিকায়সমূহ কি কি?
উত্তৰঃ নগৰ অঞ্চলৰ শাসন ব্য়ৱস্থাত থকা নিকায়সমূহ হ'ল- (ক) নগৰ সমিতি, (খ) পৌৰ নিগম আৰু (গ) পৌৰ নিগম।

৮। গাওঁ সভাৰ বৈঠকখন 'থুল' হোৱা বুলি কেতিয়া গণ্য় কৰা হয়?
উত্তৰঃ গাওঁ সভাৰ বৈঠকখনত মুঠ ভোটাৰৰ কমেও ১০% বা ১০০ জন লোক উপস্থিত থাকিলে বৈঠকখন 'থুল' হোৱা বুলি গণ্য় কৰা হয়।

৯। প্ৰতিটো গাওঁ পঞ্চায়ত এলেকাত ১০ টা আঞ্চলিক সমষ্টিত ভাগ কৰি লোৱাৰ কাৰণ কি?
উত্তৰঃ নিৰ্বাচনৰ সুবিধাৰ বাবে গাওঁ পঞ্চায়ত এলেকাত ১০ টা আঞ্চলিক সমষ্টিত ভাগ কৰা হৈছে।



।। ধন্যবাদ🙏

Comments

3-popular-180px-course