Skip to main content

You may also like this

4-tag:ENGLISH 3-185px-mosaic

ASSAMESE POEM RECITATION

3-tag:POEM RECITATION-350px-list

আমাৰ সংবিধান - পাঠ-১৫ ।। Class 5 ।। আমি আৰু আমাৰ পৰিবেশ

 Class 5     ।।   আমি আৰু আমাৰ পৰিবেশ

আমাৰ সংবিধান - পাঠ-১৫


১। উত্তৰ লিখা-

(ক) কেতিয়াৰ পৰা ভাৰত এখন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি লাভ কৰে?

উত্তৰঃ ১৯৪৫ চনৰ ১৫ আগষ্টৰ পৰা ভাৰত এখন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি লাভ কৰে।

(খ) সংবিধান সভাৰ দুগৰাকী সদস্য়ৰ নাম উল্লেখ কৰা।

উত্তৰঃ সংবিধান সভাৰ দুগৰাকী সদস্য়ৰ নাম হ'ল জৱাহৰলাল নেহৰু আৰু মৌলানা আবুল কালাম আজাদ।

(গ) কোন তাৰিখে ভাৰতবৰ্ষক সাৰ্বভৌম গণতান্ত্ৰিক গণৰাজ্য় হিচাপে ঘোষণা কৰা হয়?

উত্তৰঃ ১৯৫০ চনৰ ২৬ জানুৱাৰীত ভাৰতবৰ্ষক সাৰ্বভৌম গণতান্ত্ৰিক গণৰাজ্য হিচাপে ঘোষণা কৰা হয়।

(ঘ) সংবিধান সভাৰ সভাপতি কোন আছিল?

উত্তৰঃ সংবিধান সভাৰ সভাপতি আছিল- ড° ৰাজেন্দ্ৰ প্ৰসাদ।

(ঙ) ভাৰতীয় নাগৰিকৰ কেইটা মৌলিক কৰ্তব্য় আছে?

উত্তৰঃ ভাৰতীয় নাগৰিকৰ ১১ টা মৌলিক কৰ্তব্য় আছে।

২। 'ক' অংশৰ লগত 'খ' অংশ মিলোৱা-

'ক' - 'খ'

সাৰ্বভৌম - সৰ্বোচ্চ ক্ষমতা থকা বা স্বাধীন।

গণতান্ত্ৰিক - জণগণৰ দ্বাৰা শাসিত।

সংবিধান - নিয়ম-নীতিৰ সমষ্টি।

নিৰ্দেশনাত্মক নীতি - দেশৰ প্ৰতি সংবিধানৰ নিৰ্দেশনা।

৩। খালী ঠাই পূৰ কৰা-

(ক) আমি ১৯৫০ চনৰ পৰা প্ৰতি বছৰ ২৬ জানুৱাৰী তাৰিখে গণতন্ত্ৰ দিৱস দিৱস হিচাপে পালন কৰোঁ।

(খ) ভাৰতবৰ্ষৰ সংবিধানখন অতি দীঘলীয়া সংবিধান।

(গ) ভাৰতবৰ্ষ এখন সাৰ্বভৌম গণতান্ত্ৰিক গণৰাজ্য।

(ঘ) প্ৰত্যেক দেশ বা ৰাষ্ট্ৰৰ একোখন নিজস্ব ৰাজ্য আছে।

(ঙ) ১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনা ভাৰতে স্বাধীনতা লাভ কৰে।

৪। সংবিধানৰ প্ৰস্তাৱনাত কি উল্লেখ আছে?

উত্তৰঃ সংবিধানৰ প্ৰস্তাৱনাত থকা কিছু কথা চমুকৈ আভাস দিয়া হ'ল-

- ভাৰতবৰ্ষ এখন সাৰ্বভৌম,গণতান্ত্ৰিক গণৰাজ্য

- আইনৰ চকুত সকলো সমান। জাতি, বৰ্ণ, ধৰ্ম, লিংগ, ভাষাক আদিক লৈ কোনো বৈষম্য নাথাকিব।

- প্ৰত্যেক নাগৰিকে যিকোনো বিষয়ত মুক্তভাৱে নিজৰ মতামত প্ৰকাশ কৰিব পাৰিব।

- দেশত বাস কৰা সকলো শ্ৰেণীৰলোকে যাতে জীৱন ধাৰণৰ ন্যুনতম সা-সুবিধাৰ পৰা বঞ্চিত নহয় তাৰ প্ৰতি লক্ষ্য ৰখা হয়।

- ভাৰতীয় নাগৰিকসকলক সমান সুযোগ দি তেওঁলোকৰ মাজত ভাতৃত্ববোধ জগাই তুলিব।

৫। মৌলিক অধিকাৰ বুলিলে কি বুজা আৰু সেইবোৰ কি কি লিখা।

উত্তৰঃ ভাৰতীয় সংবিধানে নাগৰিকক প্ৰয়োজনীয় সুযোগ সুবিধা লাভৰ বাবে কিছুমান অধিকাৰ প্ৰদান কৰিছে। এই অধিকাৰ অবিহনে নাগৰিকৰ ব্যক্তিত্ব বিকাশ হ'ব নোৱাৰে। এই অধিকাৰ সমূহকে মৌলিক অধিকাৰ বোলে। এই মৌলিক অধিকাৰবোৰ হৈছে-

(ক) সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ।

(খ) স্বাধীনতাৰ অধিকাৰ।

(গ) সমতাৰ অধিকাৰ।

(ঘ) শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰ।

(ঙ) ধৰ্মীয় অধিকাৰ।

৬।শিক্ষাৰ অধিকাৰ আইন বুলিলে কি বুাজ?

উত্তৰঃ প্ৰাথমিক শিক্ষা প্ৰতিগৰাকী শিশুৰ মৌলিক অধিকাৰ। এই অধিকাৰ ২০০৯ চনত "শিক্ষাৰ অধিকাৰ আইন" ৰূপে প্ৰচলিত হয়। এই আইন অনুযায়ী ৬ ৰ পৰা ১৪ বছৰ বয়সলৈকে সকলো শিশুৱে প্ৰাথমিক শিক্ষা বাধ্যতামূলক আৰু বিনামূলীয়াকৈ গ্ৰহণ কৰিব পাৰিব।

৭। নিৰ্দেশনাত্মক নীতিবিলাকৰ মূল উদ্দেশ্য কি?

উত্তৰঃ নিৰ্দেশনাত্মক নীতিবিলাকৰ মূল উদ্দেশ্য হৈছে- সামাজিক আৰু আৰ্থিক দিশত সমতা স্থাপন কৰি জনসাধাৰণৰ সৰ্বতোপ্ৰকাৰৰ কল্যাণ সাধন কৰা। 

৮। নিৰ্দেশনাত্মক নীতিসমূহ কেইটা ভাগত ভগোৱা হৈছে আৰু কি কি লিখা।

উত্তৰঃ নিৰ্দেশনাত্মক নীতিসমূহ চাৰিটা ভাগত ভগোৱা হৈছে আৰু সৈইবোৰ হ'ল-

(ক) অৰ্থনৈতিক নীতি- পুৰুষ-মহিলা উভয়কে সমান কামৰ কাৰণে সমান মজুৰি দিয়া, মাতৃ আৰু শিশুৰ মংগলৰ কাৰণে ব্যৱস্থা কৰা ইত্যাদি।

(খ) গান্ধীবাদী নীতি- পঞ্চায়তীৰাজ ব্যৱস্থা কৰা, কুটীৰ শিল্পৰ সম্প্ৰসাৰণ, বনজ সম্পদ সংৰক্ষণ, গো-পালন ইত্যাদি।

(গ) আন্তঃৰাষ্ট্ৰীয় নীতি- আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বৃদ্ধি কৰা ইত্যাদি।

(ঘ)অন্যান্য- ঐতিহাসিক তাৎপৰ্যপূৰ্ণ ঠাইবোৰ সংৰক্ষণৰ ব্যৱস্থা কৰা ইত্যাদি।

।। ধন্যবাদ  ।।


Comments

3-popular-180px-course