Skip to main content

You may also like this

4-tag:ENGLISH 3-185px-mosaic

ASSAMESE POEM RECITATION

3-tag:POEM RECITATION-350px-list

পাঠ-২৪ আমাৰ মৌলিক কৰ্তব্য Class 8 SOCIAL SCIENCE

পাঠ-২৪     আমাৰ মৌলিক কৰ্তব্য

Download SCERT Assam Class 8 SOCIAL SCIENCE Textbook 👇

অনুশীলনী                                                             

১। উত্তৰ লিখা-
(ক) নাগৰিকৰ কৰ্তব্য বুলিলে কি বুজা ?
উত্তৰঃ - ভাৰতবৰ্ষৰ নাগৰিকসকলৰ ব্যক্তিত্বৰ বিকাশ আৰু সাধাৰণ জীৱন-যাপনৰ বাবে সংবিধানে কিছুমান অধিকাৰ প্ৰদান কৰিছে ǀ এই সা-সুবিধা আৰু অধিকাৰ সমূহ উপভোগ কৰাৰ লগে লগে নাগৰিকসকলৰ ৰাষ্ট্ৰৰ প্ৰতি কিছুমান দায়িত্ব আহি পৰে ǀ  এই দায়িত্বকেই নাগৰিকৰ কৰ্তব্য বুলি কোৱা হয় ǀ

(খ) ২০০২ চনত নাগৰিকৰ বাবে সংযোজন কৰা কর্তব্যটো কি ?
উত্তৰঃ - ২০০২ চনত নাগৰিকৰ বাবে সংযোজন কৰা কৰ্তব্যটো হ’ল “ছয়ৰ পৰা চৈধ্য বছৰ বয়সৰ প্ৰত্যেক শিশুক পিতৃ মাতৃ আৰু অভিভাৱকে শিক্ষা লাভৰ সুবিধা প্ৰদান কৰা |” 

(গ) জাতীয় পতাকাক আমি কিয় সম্মান জনাব লাগে ?
উত্তৰঃ - জাতীয় পতাকা খন আমাৰ দেশৰ সন্মানৰ ধ্বজা ǀ সেইবাবে জাতীয় পতাকাক আমি সম্মান জনাব লাগে ǀ

(ঘ) বিদ্যালয়ত শৃংখলা বজাই ৰখাৰ বাবে তোমাৰ কর্তব্য কি?
উত্তৰঃ - বিদ্যালয়ৰ শৃংখলা বজাই ৰখাৰ বাবে বিদ্যালয়ৰ নিয়মসমূহ মানি চলিব লাগিব ǀ  

২। সংবিধানত উল্লিখিত যিকোনো পাঁচটা কর্তব্যৰ বিষয়ে লিখা।
উত্তৰঃ - সংবিধানত উল্লিখিত যিকোনো পাঁচটা কর্তব্যৰ বিষয়ে তলত উল্লেখ কৰা হল। 
 ১) সংবিধান মানি চলা আৰু ৰাষ্ট্ৰীয় পতাকা আৰু ৰাষ্ট্ৰীয় প্ৰতীকৰ প্ৰতি শ্ৰদ্ধা জনোৱা ;
 ২) স্বাধীনতা আন্দোলনত ভাৰতবাসীক অনুপ্ৰাণিত কৰা মহান আদৰ্শ সমুহক সন্মান জনোৱা আৰু অনুসৰণ কৰা;
 ৩) ভাৰতবৰ্ষৰ ঐক্য আৰু সংহতি ৰক্ষা কৰা;
 ৪) মাতৃভূমিক ৰক্ষা কৰা আৰু প্ৰয়োজন হলে দেশৰ প্ৰতি সেৱা আগবঢ়োৱা;
 ৫) জনসাধাৰণৰ মাজত ভাতৃত্ববোধ গঢ়ি তোলা, নাৰীৰ মৰ্য্যদা হানিকাৰক আচৰণৰ পৰা বিৰত থকা। 

৩। এন চি চি আৰু স্কাউট গাইডৰ দ্বাৰা কি কি গুণ বিকশিত হব পাৰে লিখা ।
উত্তৰঃ - ক) শিশুৰ মনত দেশপ্ৰেমৰ ভাব জাগ্ৰত হব পাৰে। 
     খ) শৃংখলাবদ্ধ, ধৈৰ্য, সহানুভূতি আদি গুণ বিকাশ হব পাৰে ǀ

৪। প্রাকৃতিক পৰিৱেশ ৰক্ষা কৰিবলৈ আমি কি কি কৰা উচিত?
উত্তৰঃ -  প্রাকৃতিক পৰিৱেশ ৰক্ষা কৰিবলৈ আমি 
  ক) প্ৰাকৃতিক সম্পদ যেনে- বন, হ্ৰদ, নদী আদি ৰক্ষণাবেক্ষণ দিব লাগিব। 
 খ)প্ৰাকৃতিক সম্পদ উন্নয়নৰ ব্যৱস্হা কৰা ǀ
 গ) জীৱিত প্ৰাণীৰ প্ৰতিপালন কৰা আৰু সেইবোৰক দিয়া ǀ

৫। খালী ঠাই পূৰ কৰা-
(ক) আমাৰ দেশৰ ৰাষ্ট্ৰীয় সংগীত ৫২ ছেকেণ্ডৰ ভিতৰত শেষ কৰিব লাগে ।
(খ) ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰোতে আমি ৰাষ্ট্ৰীয় সংগীত গাব লাগে ǀ
(গ) ৬-১৪ বছৰৰ সকলো শিশুক প্ৰাথমিক শিক্ষা লাভৰ সুবিধা দিব লাগে।
(ঘ) ভাৰতীয় সংবিধানত মুঠ  ১১ টা কৰ্তব্যৰ কথা উল্লেখ আছে।

৬। শুদ্ধটো বাছি উলিওৱা—
(ক) ৰাষ্ট্ৰীয় প্রতীকৰ প্রতি সম্মান জনাব নালাগে/ লাগে ।
উত্তৰঃ - ৰাষ্ট্ৰীয় প্রতীকৰ প্রতি সম্মান জনাব লাগে ।
(খ) নলা-নর্দমাত প্লাষ্টিকৰ বেগ, জাবৰ-জোখৰ পেলাব লাগে /নালাগে ।
উত্তৰঃ - নলা-নর্দমাত প্লাষ্টিকৰ বেগ, জাবৰ-জোখৰ পেলাব নালাগে  ।
(গ) বানপানী ৰোধৰ বাবে গছপুলি ৰুব লাগে/নালাগে ।
উত্তৰঃ - বানপানী ৰোধৰ বাবে গছপুলি ৰুব লাগে ।
(ঘ) শান্তি স্থাপনৰ বাবে হিংসাত্মক কার্য পৰিহাৰ কৰিব লাগে/নালাগে ।
উত্তৰঃ - শান্তি স্থাপনৰ বাবে হিংসাত্মক কার্য পৰিহাৰ কৰিব লাগে ।
(ঙ) দেশৰ প্ৰতি সেৱা আগবঢ়াব লাগে /নালাগে ǀ
উত্তৰঃ - দেশৰ প্ৰতি সেৱা আগবঢ়াব লাগে ।

৭) জনসাধাৰণৰ মাজত বৈজ্ঞানিক দৃষ্টিভংগী জগাই তুলিব পৰা দুটা বিশেষ কাৰ্যৰ বিষয়ে বৰ্ণনা কৰা ǀ
উত্তৰঃ - জনসাধাৰণৰ মাজত বৈজ্ঞানিক দৃষ্টিভংগী জগাই তুলিব পৰা দুটা বিশেষ কাৰ্যৰ বিষয়ে বৰ্ণনা কৰা হল
ক) শিক্ষাঃ শিক্ষাৰ জৰিয়তে সমাজৰ কুসংস্কাৰ সমূূহ দূৰ কৰি বিজ্ঞান সন্মত দৃষ্টি ভংগীী    গঢ়ি তুুলিব পাৰি। মানৱ জাতিৰ উন্নতিৰ মাপকাঠি হৈছে শিক্ষা ǀ ইয়াৰ জৰিয়তে সমাজত বিজ্ঞানসন্মত দৃষ্টিভংগীৰ বুনিয়াদ গঢ়ি তুলিব পাৰি ǀ
খ) ঘৰৰ পৰিবেশ নৈতিক শিক্ষাৰে সুস্থ কৰি শিশু সকলৰ মাজত  মানবীয় প্ৰমূল্যবোৰ জগাই তুলিব পাৰে ǀ আৰু ইয়াৰ দ্বাৰা সমাজত প্ৰচলিত অন্ধবিশ্বাস আতৰাই বৈজ্ঞানিক দৃষ্টিভংগী জগাই তুলিব পৰা যাব। 
 
৮। অসমৰ যিকোনো পাঁচগৰাকী স্বাধীনতা যুঁজাৰুৰ ফটোসহ জীৱনী সংগ্ৰহ কৰি এটা এলবাম প্ৰস্তুত কৰা। 









ধন্যবাদ।
Online School Education - Assam


Comments

3-popular-180px-course