পাঠ-২৩ মৌলিক অধিকাৰ
পাঠভিত্তিক প্ৰশ্ন
১) চমু উত্তৰ দিয়া-
ক) মৌলিক অধিকাৰ বুলিলে কি বুজা ?
উত্তৰ- নাগৰিকসকলৰ প্ৰতিভা আৰু ব্যক্তিত্ব কিকাশ কৰিবলৈ সংবিধানে যিবিলাক অধিকাৰ প্ৰদান কৰিছে সেই অধিকাৰসমূহক মৌলিক অধিকাৰ বোলে ǀ
খ) কোন দেশত প্ৰথমে মৌলিক অধিকাৰ ধাৰণাৰ জন্ম হৈছিল ?
উত্তৰ- আমেৰিকা যুক্তৰাষ্ট্ৰ ৰ (বিল অৱ ৰাইটছ্)ৰ যোগেদি প্ৰথমে মৌলিক অধিকাৰ ধাৰণাৰ জন্ম হৈছিল ǀ
গ) সংবিধানৰ কিমান নং অনুচ্ছেদৰ ভিতৰত মৌলিক অধিকাৰসমূহ উল্লেখ আছে?
উত্তৰ- ১৮ নং অনুচ্ছেদৰ পৰা ৩৫ নং অনুচ্ছেদলৈ ǀ
ঘ) ভাৰতৰ সংবিধানৰ সম্পত্তিৰ অধিকাৰটো কোন চনত বিলোপ কৰা হয় ?
উত্তৰ- ১৯৭৮ চনত
ঙ) কোন চনত শিশুৰ শিক্ষাৰ অধিকাৰ আইন প্ৰণয়ন কৰা হয় ?
উত্তৰ- ২০০৯ চনত ǀ
২)খালী ঠাই পূৰ কৰা-
ক) অস্পৃশ্যতা এক সামাজিক ব্যাধি ǀ
খ) ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ ǀ
গ) মৌলিক অধিকাৰসমূহ সংবিধানৰ অবিছেদ্য অংগ ǀ
ঘ) মৌলিক অধিকাৰ নাগৰিকৰ ব্যক্তিত্ব বিকাশত সহায় কৰে ǀ
৩) শুদ্ধ উত্তৰটো বাছি উলিওৱা-
ক) দেশৰ জৰুৰীকালীন অৱস্হাত নাগৰিকে সকলো মৌলিক অধিকাৰ উপভোগ কৰিব পাৰে / নোৱাৰে ǀ
উত্তৰ- নোৱাৰে ǀ
খ) মৌলিক অধিকাৰৰ পৰা নাগৰিকসকলবঞ্চিত হ’লে ন্যায়ালয়ৰ ওচৰ চাপিব পাৰে নোৱাৰে ǀ
উত্তৰ- পাৰে ǀ
গ) আইনৰ দৃষ্টিত ৰাষ্ট্ৰৰ পৰা বনুৱালৈকে সকলো সমান হয়/ নহয়
উত্তৰ- হয় ǀ
ঘ) চৰকাৰী সাহাৰ্যপ্ৰাপ্ত শিক্ষানুষ্ঠানত সকলো ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিব পাৰে / নোৱাৰে ǀ
উত্তৰ- পাৰে |
ঙ) সকলো ভাৰতীয় নাগৰিকে নিজৰ নিজৰ ভাষা সংস্কৃতি ৰক্ষা কৰিব পাৰ / নোৱাৰে ǀ
উত্তৰ- পাৰে ǀ
৪) ভাৰতীয় সংবিধানত মৌলিক অধিকাৰ অন্তভুৰ্ক্ত কৰাৰ কাৰণ কি লিখা ǀ
উত্তৰ- ভাৰতীয় সংবিধানত মৌলিক অধিকাৰ অন্তভুৰ্ক্ত কৰাৰ কাৰণবোৰ হৈছে-
→এইবোৰ অধিকাৰৰ বিনে নাগৰিকৰ ব্যক্তিত্ব বিকাশ সম্ভৱ নহয় →এই অধিকাৰবোৰৰ পৰা ৰাষ্ট্ৰ এখনৰ পৰিচয় পোৱা যায় ǀ
→মৌলিক অধিকাৰ উপভোগৰ ক্ষেত্ৰত কোনো বৈষম্য নথকাৰ
বাবে সকলো শ্ৰেণীৰ লোকে জাতি –ধৰ্ম-বৰ্ণ নিৰ্বিশেষে এই অধিকাৰ সমূহ উপভোগ কৰিব পাৰে ǀ
ধন্যবাদ।।







Comments
Post a Comment