Skip to main content

You may also like this

4-tag:ENGLISH 3-185px-mosaic

ASSAMESE POEM RECITATION

3-tag:POEM RECITATION-350px-list

পাঠ-২২ ভাৰতীয় সংবিধান

পাঠ-২২ ভাৰতীয় সংবিধান

পাঠভিত্তিক প্ৰশ্ন 

১) চমু উত্তৰ লিখা।
ক) ভাৰতীয় সংবিধান খন ৰচনা কৰোতে কিমান সময় লাগিছিল ?
উত্তৰঃ ২ বছৰ, ১১মাহ , ১৮ দিন।

খ) কোন চনত ভাৰতীয় সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকাৰী কৰা হয় ?
উত্তৰঃ ১৯৫০ চনৰ ২৬ জানুৱাৰী।

গ) কেতিয়াৰ পৰা ভাৰতবৰ্ষত সদস্য নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হয় ? 
উত্তৰঃ ১৮৯২ চনৰ ভাৰত পৰিষদ আইন মতে।

ঘ) ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনত কি ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল ?
উত্তৰঃ স্বায়ত্ব আৰু যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা।

ঙ) সংবিধান সভাৰ খচৰা কমিটিখন কেতিয়া গঠন কৰা হৈছিল ?
উত্তৰঃ ১৯৪৭ চনৰ ২৯ আগষ্ট ।

২) খালী ঠাই পূৰ কৰা।
ক) ভাৰতীয় সংবিধানত ৩৯৫ টা অনুচ্ছেদ,২২ টা অধ্যায় , ১২ টা অনুসূচী আছে ।

খ) সংবিধানে ক্ষমতাসমূহ কেন্দ্ৰীয়, ৰাজ্যিক, উমৈহতীয়া তালিকাত ভাগ কৰিছে ।

গ) সংবিধানৰ ৪২তম সংশোধনৰ যোগেদি সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ অন্তৰ্ভুক্ত কৰিছে।

ঘ) সংবিধানৰ খচৰা কমিটিত অসমৰ সদস্যজন হৈছে ছৈয়দ মহম্মদ চাদুল্লা ।

৩) উত্তৰ দিয়া।
ক) ভাৰতীয় সংবিধানক কিয় দীৰ্ঘতম সংবিধান বুলি কোৱা হয় ?
উত্তৰঃ ভাৰতীয় সংবিধানত ৩৯৫ টা অনুচ্ছেদ, ২২ টা অধ্যায় , ১২ টা অনুসূচী আছে। পৃথিৱীৰ কেইবাখনো সংবিধানৰ পৰা বছা বছা আদৰ্শসমূহ সংগ্ৰহ কৰি আমাৰ সংবিধানত অন্তৰ্ভুক্ত কৰাৰ বাবে সংবিধানখন দীঘলীয়া হৈছে ।

খ) সংমিশ্ৰিত সংবিধান মানে কি বুজা ?
উত্তৰঃ ভাৰতীয় সংবিধানৰ কিছুমান দফা সহজে সংশোধন কৰিব পাৰি অন্যহাতে কিছুমান দফা সালসলনি কৰিবলৈ কিছুমান বিশেষ আইন প্ৰণয়ণ কৰিব লগীয়া হয়। অৰ্থাৎ ই নমনীয় আৰু অনমনীয়ৰ সংমিশ্ৰণ। সেয়েহে ভাৰতীয়সংবিধানক সংমিশ্ৰিত সংবিধান বোলা হয় ǀ

গ) ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ প্ৰধান উদ্দেশ্য সমূহ কি কি ?

উত্তৰঃ ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ প্ৰধান উদ্দেশ্য সমূহ হৈছে- 

→দেশৰ সকলো শ্ৰেণীৰ লোকৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰা
→অৰ্থনৈতিক সমতা স্হাপন কৰা
→গাওঁ অঞ্চলসমূহৰ উন্নয়ন সাধন কৰা 
→পঞ্চায়ত ব্যৱস্হা প্ৰৱৰ্তন কৰা
→শান্তিপূৰ্ণভাৱে বিবাদ নিষ্পত্তি আৰু বন্ধুত্ব স্হাপন কৰা
→নিৰক্ষৰতা দূৰীকৰণৰ বাবে ৬-১৪বছৰৰ শিশুক বিনামুলীয়া বাধ্যতামূলক শিক্ষা প্ৰদান 
→সমাজৰ পিছপৰা শ্ৰেণীৰ লোকৰ বাবে সংৰক্ষণৰ ব্যৱস্হা কৰা
→ৰাষ্ট্ৰৰ ঐতিহ্যসম্বলিত স্হান আৰু কীৰ্তিস্তম্ভ সমূহ সংৰক্ষণ কৰা
→প্ৰাকৃতিক পৰিবেশ সংৰক্ষণ কৰা

ঘ) কোন দেশৰ সংবিধানৰ আৰ্হিত আমাৰ সংবিধানত নিৰ্দেশাত্মক নীতি অন্তৰ্ভুক্ত কৰা হৈছে ?
উত্তৰঃ আয়াৰলেণ্ডৰ সংবিধানৰ আৰ্হিত আমাৰ সংবিধানত নিৰ্দেশাত্মক নীতি অন্তৰ্ভুক্ত কৰা হৈছে।

৪) এটা শব্দত প্ৰকাশ কৰা।

ক) যি ৰাষ্ট্ৰৰ মুৰব্বী বংশানুক্ৰমিক ভাৱে নহয় -

খ) যি ৰাষ্ট্ৰ বিদেশী শাসনৰ পৰা মুক্ত –

গ) যি ৰাষ্ট্ৰত কোনো ৰাষ্ট্ৰীয় ধৰ্ম নাই-

ঘ) যি ৰাষ্ট্ৰই জনসাধাৰণৰ কল্যাণ কামনা কৰে -
উত্তৰঃ
ক) গণৰাজ্য
খ) সাৰ্বভৌম ৰাষ্ট্ৰ
গ) ধৰ্মনিৰপেক্ষ
ঘ) কল্যাণকামী ৰাষ্ট্ৰ

৫) সোঁ অংশৰ লগত বাওঁ অংশ মিলোৱা-

উত্তৰঃ

৬) ভাৰতীয় সংবিধানৰ ঐতিহাসিক পটভূমিৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ এক দীঘলীয়া পৰিক্ৰমা অতিক্ৰম কৰি ভাৰতীয় সংবিধানখনে পূৰ্ণতা পাইছিল।                                     
 ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ পিছতেই বৃটিছ চৰকাৰে এক আইন প্ৰণয়ন কৰি ভাৰতৰ শাসনভাৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা ইংলেণ্ড ৰাণীৰ প্ৰত্যক্ষ শাসনৰ তললৈ যায়। ইয়াৰ পিছৰে পৰা সময়ে সময় বিভিন্ন আইন প্ৰণয়ন কৰি বৃটিছে ভাৰতত শাসন কৰিছিল।
 ১৮৬১ চনত বৃটিছ চৰকাৰে ‘ভাৰত পৰিষদ আইন ’গ্ৰহণ কৰে। এই আইনখনে ভাৰতীয় প্ৰশাসনক বিকেন্দ্ৰীকৰণ কৰি ভাৰতত প্ৰতিনিধিত্বমূলক শাসন ব্যৱস্হাৰ সূচনা কৰিছিল।
 ১৮৯২ চনৰ সংশোধিত ‘ভাৰত পৰিষদ আইন ’গৃহীত হোৱাৰ পৰাই ভাৰতত নিৰ্বাচন প্ৰক্ৰিয়া প্ৰৱৰ্তন হয়। এই আইনখনেও ভাৰতীয় লোকসকলক সন্তুষ্ট কৰিব পৰা নাছিল।

 
 ১৯০৯ চনত ভাৰত চৰকাৰ আইন গৃহীত কৰা হৈছিল যদিও ভাৰতীয়সকল তাতো সন্তুষ্ট হোৱা নাছিল। এই আইনখনক ‘মৰ্লে মিন্টু সংস্কাৰ আইন’ বোলে।
 ১৯১৯ চনত ‘ভাৰত চৰকাৰ আইনে’ ভাৰতত এক প্ৰকাৰৰ স্বায়ত্ব শাসন ব্যৱস্হা প্ৰৱৰ্তন কৰিছিল যদিও ইয়াৰ পৰিসৰ বৰ সীমিত আছিল।
 ১৯৩৫ চমৰ ভাৰত চৰকাৰ আইনতে পোন প্ৰথম বাৰৰ বাবে স্বায়ত্ব শাসন আৰু যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্হা প্ৰৰ্বতন কৰা হয়।
 ১৯২৭ চনত চাৰ জন চাইমনৰ নেতৃত্বত গঠন হোৱা কাৰ চাইমন কমিচনৰ প্রতিবেদন মতে ভাৰতৰ বাবে এখন সুকীয়া সংবিধান ৰচনা কৰাত গুৰুত্ব দিয়া হয়।
 ১৯৩৪ চনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে এখন সংবিধান সভা গঠনৰ বাবে প্ৰভাৱ গ্ৰহণ কৰে। বৃটিছ চৰকাৰে চাইমনৰ প্রতিবেদন গ্রহণ কৰাৰ সময়ছোৱাত লণ্ডনত ভাৰতৰ প্রতিনিধিসকলৰ লগত মতামত বিনিময় কৰিবৰ বাবে তিনিখন ঘূৰণীয়া মেজমেল অনুষ্ঠিত কৰা হৈছিল। এই মেজমেলৰ প্ৰভাৱৰ ভিত্তিত ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইন' গ্ৰহণ কৰা হয়। এই আইনখনক ভাৰতীয় সাংবিধানিক ইতিহাসত অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়।
 দ্বিতীয় মহাযুদ্ধৰ (১৯৩৯-১৯৪৫) আৰম্ভণিত ভাৰতীয়সকলৰ মাজত স্বাধীনতাৰ দাবী অতি সক্রিয় হৈ পৰে। বৃটিছ চৰকাৰে তেওঁলোকৰ যুদ্ধৰ প্ৰস্তুতিত ভাৰতীয়সকলৰ সমর্থন লাভ কৰাৰ উদ্দেশ্যে ১৯৪০ চনত ‘আগষ্ট প্রস্তাব'ৰ জৰিয়তে এক সুকীয়া সংবিধানৰ দাবী মানি লৈছিল। 
 
 সেই অনুসৰি ১৯৪৬ চনত কেবিনেট মিছন ভাৰতলৈ আহে আৰু ভাৰতৰ বাবে এক সুকীয়া সংবিধান ৰচনা কৰিবলৈ প্ৰস্তাৱ আগবঢ়ায়। এই প্রস্তাৱ অনুসৰিয়েই ভাৰতীয় সংবিধান সভা গঠিত হয়। ড ৰাজেন্দ্র প্রসাদক এই সভাৰ সভাপতিৰূপে নির্বাচিত কৰা হৈছিল।
 ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ লগে লগে সংবিধান সভাই ভাৰতৰ বাবে এখন সংবিধান ৰচনা কৰাৰ অধিকাৰ লাভ কৰে।
 ১৯৪৭ চনৰ ২৯ আগষ্ট তাৰিখে ড° আম্বেদকাৰক সভাপতিৰূপে লৈ ৬ জন সদস্যৰ এখন খচৰা কমিটি গঠন কৰা হয়। ১৯৪৮ চনৰ জানুৱাৰী মাহত সংবিধানৰ খচৰা প্ৰকাশ পায় আৰু ইয়াৰ ওপৰত জনসাধাৰণৰ মত লবলৈ ৮ মাহ সময় লয়। ১৯৪৯ চনৰ ২৬ নৱেম্বৰত সংবিধান সভাৰ সভাপতি ড° ৰাজেন্দ্ৰ প্ৰসাদে সংবিধানৰ খচৰা ত স্বাক্ষৰ কৰে। তাৰ পিচত এইখন সংবিধান সভাত গৃহীত হয়। সংবিধান খন ৰচনা কৰি সম্পূৰ্ণ কৰিবলৈ ২বছৰ, ১১ মাহ ,১৮ দিন সময় লাগিছিল। ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা এই সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকাৰী হয়।

৭) সংবিধান প্ৰণয়ণত অসমৰ ভূমিকা কি আছিল লিখা
উত্তৰঃ সংবিধান প্ৰণয়ণত অসমৰ প্ৰধান ভূমিকা লোৱা অসমৰ বৰেণ্য বক্তিসকল হৈছে-চৈয়দ মহম্মদ চাদুল্লা, গোপীনাথ বৰদলৈ, ধৰণীধৰ বসুমতাৰী, নিবাৰণ চন্দ্র লস্কৰ, কুলধৰ চলিহা, ৰোহিনী কুমাৰ চৌধুৰী আৰু অব্দুৰ ৰৌফ। তেওঁলোকৰ মাজৰ চৈয়দ মহম্মদ চাদুল্লা আছিল সংবিধান সভাৰ খচৰা কমিটিৰ সদস্য। গোপীনাথ বৰদলৈয়ে অসমৰ অনুসূচীত জাতি-জনজাতি পার্বত্য জনজাতিৰ স্বাৰ্থ ৰক্ষার্থে গঠিত সংখ্যালঘু উপদেষ্টা সমিতিৰ সভাপতি পদত কাৰ্যভাৰ গ্ৰহণ কৰিছিল। এই সমিতিৰ পৰামৰ্শ মতেই সংবিধানত যষ্ঠ অনুসূচী অন্তর্ভুক্ত কৰা হয়। এই অনুসূচীয়ে উত্তৰ পূৱ ভাৰতৰ পৰ্বতীয়া আৰু জন-জাতীয় অঞ্চলসমূহৰ বাবে স্বায়ত্বশাসনৰ ব্যৱস্হা কৰে। এনেদৰে ভৰিতীয় সংবিধান ৰচনাত এইসকল বৰেণ্য ব্যক্তিয়ে যথেষ্ঠ সবল আৰু গঠনমূলক ভূমিকা পালন কৰিছিল। সমগ্ৰ দেশৰ লগতে নিজ ৰাজ্যৰ জনসাধাৰণৰ স্বাৰ্থৰক্ষাৰ বাবে সংবিধানত দৰকাৰী ব্যৱস্হা থকাৰ দিহা কৰিছিল।


৮)ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত থকা মূল আদৰ্শসমূহ বৰ্ণনা কৰা ǀ
উত্তৰঃ ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ থকা মহান আদৰ্শ সমূহ হৈছে-স্বাধীনতা, সমতা, ন্যায় আৰু ভাতৃত্ববোধ।

ক) স্বাধীনতা- ভাৰতীয়নাগৰিকে মুক্ত মনে কোনো বিষয়ত চিন্তা আৰু মত প্ৰকাশ কৰিব পাৰে, ধৰ্ম গ্ৰহণ কৰি প্ৰচাৰ কৰিব পাৰে, উপাসান কৰিব পাৰে।

খ) সমতা- ভাৰতত বাস কৰা সকলো নাগৰিক আইনৰ চকুত সমান। সংবিধান প্ৰদত্ত সকলো আধিকাৰ বা সা-সুবিধা নাগৰিক জাতি, বৰ্ণ, ধৰ্ম আৰু লিংগ বৈষম্য নোহোৱাকৈ উপভোগ কৰিব পাৰে।

গ) ন্যায়- নাগৰিকসকলক সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায় প্ৰদানৰ কথা কোৱা হৈছে। সামাজিক ন্যায় বুলিলে ভাৰতৰ সকলো নাগৰিকে যাতে সম অধিকাৰ ভোগ কৰি এখ মৰ্যদা পূৰ্ণ জীৱন যাপন কৰিব পাৰে তাক বুজা যায়। অৰ্থনৈতিক ন্যায় বুলিলে সমাজৰ পৰা অৰ্থনৈতিক অসমতাক দূৰ কৰাৰ কথা বুজোৱা হয়। ইচ্ছামতে কৰ্মসংস্হান বিচাৰি লোৱাৰ অধিকাৰ, কাম কৰাৰ অধিকাৰ, উপযুক্ত মজুৰি পোৱাৰ অধিকাৰ, জিৰণি লোৱাৰ অধিকাৰ ইত্যাদিয়ে অৰ্থনৈতিক ন্যায়ৰ ইংগিত দিয়ে। ৰাজনৈতিক ন্যায় বুলিলে প্ৰাপ্তবয়স্ক নাগৰিকে সেইবোৰ সা-সুবিধাৰ পোৱা বুজায় যাৰ দ্বাৰা ৰাষ্ট্ৰ বা চৰকাৰ কাম কাজত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে অংশ গ্ৰহণ কৰিব পাৰেভোটদানৰ স্বাধীনতা, প্ৰতিদ্বন্দিতা কৰাৰ স্বাধীনতা, চৰকাৰী চাকৰিৰ বাবে আবেদন কৰাৰ স্বাধীনতা ইত্যাদি।

ঙ) ভাতৃত্ববোধ- এই ধাৰণাই ভাৰতত বাস কৰা সকলো জাতি, ধৰ্ম আৰু সংস্কৃতিৰ লোকৰ মাজত সমন্বয়, সম্প্ৰীতি, সহমৰ্মিতা আৰু একতা থকাৰ কথাকে বুজায়।


৯) চমু টোকা লিখাঃ

ক) ড° ভীমৰাও আম্বেদকাৰ 
ড° ভীমৰাও আম্বেদকাৰৰ সম্পূৰ্ণ নাম বাবা চাহেব ভীমৰাও আম্বেদকাৰ। আম্বেদকাৰে ভাৰতীয় সমাজত থকা অস্পৃশ্যতা দূৰীকৰণৰ বাবে সংবিধানত মৌলিক অধিকাৰ সন্নিবিষ্ট কৰি সামাজিক সমতা প্ৰতিষ্ঠা কৰিছিল। মহিলাসকলৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা আৰু সম্পত্তিৰ অধিকাৰৰ ওপৰত গুৰুত্ব দিছিল। ভাৰতীয় সংবিধান খনৰ কাৰ্যক্ষম কৰিবলৈ তেওঁ দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছিল।

খ) ৰাজেন্দ্ৰ প্ৰসাদ 
ড° ৰাজেন্দ্র প্রসাদ আছিল স্বাধীন ভাৰতৰ প্ৰথমজন ৰাষ্ট্ৰপতি। তেখেত ভাৰতীয় সংবিধান নিৰ্মাণৰ কামত আৰম্ভণিৰে পৰা জড়িত আছিল। সংবিধান ৰচনাৰ বাবে গঠন কৰা সংবিধান সভাৰো তেখেত সভাপতি আছিল। সংবিধান সভাত তেখেতৰ সভাপতিত্বতেই ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা ভাৰতীয় সংবিধানখন কাৰ্যকাৰী হয়।

গ) সংসদীয় চৰকাৰ
এনে চৰকাৰ ব্যৱস্হাত দেশৰ জন ৰাষ্ট্ৰপতি নামমাত্ৰ মুৰব্বী হিচাপে থাকে। তেওঁৰ নামত দেশৰ শাসন কাৰ্য পৰিচালিত হয়। ভাৰতীয় সংসদীয় চৰকাৰ ব্যৱস্হাত কাৰ্যপালিকাৰ ক্ষমতা ৰাষ্ট্ৰপতিৰ হাতত অৰ্পণ কৰা হৈছে। কিন্তু ৰাষ্ট্ৰৰ সকলো ক্ষমতা প্ৰধানমন্ত্ৰী আৰু তেওঁৰ নেতৃত্বত থকা মন্ত্ৰী পৰিষদে হে প্ৰয়োগ কৰে। মন্ত্ৰীপৰিষদখন লোকসভাৰ ওচৰত দায়বদ্ধ।



।।। ধন্যবাদ।। ।

Comments

3-popular-180px-course