Skip to main content

You may also like this

4-tag:ENGLISH 3-185px-mosaic

ASSAMESE POEM RECITATION

3-tag:POEM RECITATION-350px-list

পাঠ-২১ সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা

পাঠ-২১  সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা


পাঠভিত্তিক প্ৰশ্ন 

১) চমু উত্তৰ লিখা-

ক) সংবিধান বুলিলে কি বুজা ?
উত্তৰ- ৰাষ্ট্ৰ এখন সুকলমে পৰিচালনা কৰা আৰু ইয়াৰ নাগৰিকসকলক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে কিছুমান নীতি নিয়মৰ প্ৰয়োজন হয় ǀৰাষ্ট্ৰ পৰিচালনাৰ বাবে দৰকাৰী এই নীতি নিয়ম আৰু আইন কানুন সমূহকে সংবিধান বোলে ǀ

খ) সংবিধান পৰিবৰ্তন কৰা প্ৰক্ৰিয়াটোক কি বোলে ?
উত্তৰ- সংবিধান পৰিবৰ্তন কৰা প্ৰক্ৰিয়াটোক সংবিধান সংশোধন প্ৰক্ৰিয়া বোলে ǀ

গ)নেপালত কোন চনত গণতন্ত্ৰ প্ৰতিস্হিত হয় ?
উত্তৰ- নেপালত ২০০৮ চনত গণতন্ত্ৰ প্ৰতিস্হিত হয় ǀ

ঘ) লিখিত সংবিধানৰ প্ৰচলন থকা তিনিখন ৰাষ্ট্ৰৰ নাম লিখা ǀ
উত্তৰ- ভাৰতবৰ্ষ,আমেৰিকা যুক্তৰাষ্ট্ৰ, চুইজাৰলেণ্ড

২) চমু টোকা লিখা 
 আং ছান ছ্যু কী, নমনীয় সংবিধান, অলিখিত সংবিধান, ক্ষমতা বিভাজন

আং ছান ছ্যু কী – ম্যানমাৰৰ এগৰাকী প্ৰসিদ্ধ ৰাজনৈতিক নেত্ৰী ǀ ১৯৪৮ চনৰ পৰা ম্যানমাৰত গণতান্ত্ৰিক শাসন ব্যৱস্হা প্ৰচলিত আছিল যদিও ১৯৬২ চনত ইয়াৰ পতন ঘটাই সামৰিক শাসন ক্ষমতালৈ আহে ǀ জনসাধাৰণে পুনৰ গণতান্ত্ৰিক শাসন ব্যৱস্হা তৰিব বিচাৰিছিল যদিও তাত তেওঁলোক সফল হব পৰা নাছিল ǀ এনে এক সময়তে ম্যানমাৰৰ জনতাৰ এই আন্দোলনৰ নেতৃত্ব লয় আং ছান ছ্যু কীয়ে ǀগণতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে হোৱা এই আন্দোলনত আং ছান ছ্যু কী কেইবাৰো কাৰাবন্দী তথা গৃহবন্দী হব লগীয়া হৈছিল ǀ এই মহান নেত্ৰীগৰাকীক ১৯৯১ চনত শান্তিৰ ন’বেল বঁটাৰে পুৰস্কৃত কৰা হয় ǀ

নমনীয় সংবিধান- কিছুমান সংবিধান সংশোধন কৰিবলৈ সাধাৰণ আইন প্ৰণয়ন কৰিলেই হয় ǀ এনে সংবিধানক নমনীয় সংবিধান বোলে ǀএনে সংবিধান লিখিত বা অলিখিতও হব পাৰে ǀযেনে- ইংলেণ্ডৰ সংবিধান খন এখন অলিখিত সংবিধান আৰু এইখন সহজে সংশোধনো কৰিব পাৰি ǀ

অলিখিত সংবিধান- অলিখিত সংবিধানবোৰ ৰ কোনো বিষয় লিখিত ৰূপত নাথাকে ǀ বিভিন্ন সময়ত প্ৰচলিত প্ৰথা-পদ্ধতি,ৰীতি নীতি,ঐতিহ্য,পৰম্পৰা ইত্যাদিৰ ওপৰত ভিত্তি কৰি অলিখিত সংবিধান সৃষ্টি হয় ǀ উদাহৰণস্বৰূপে ইংলেণ্ডৰ সংবিধান ǀ

ক্ষমতা বিভাজন- সংবিধানে চৰকাৰৰ বিভিন্ন বিভাগৰ কাম আৰু ক্ষমতা থিৰাং কৰাৰ লগতে কোন বিভাগে কি ক্ষমতা প্ৰয়োগ কৰিছে তাক নিশ্চিত কৰিছে ǀ চৰকাৰৰ ক্ষমতা,কাৰ্যাৱলী আৰু নিয়ন্ত্ৰণ পদ্ধতিসমূহ সংবিধানতেই লিপিবদ্ধ থাকে ǀযদি তেওঁলোকে ক্ষতাৰ অপব্যৱহাৰ কৰে তেন্তে সাংবিধানিক পদ্ধতিৰে নিয়ন্ত্ৰণৰ ব্যৱস্হা থাকে ǀ

৩) শুদ্ধ উত্তৰটো বাছি উলিওৱা- 

(ক)ইংলেণ্ডৰ সংবিধান লিখিত/অলিখিত ǀ
উত্তৰ- অলিখিত

(খ)ভাৰতবৰ্ষৰ সংবিধান অনমনীয়/নমনীয় আৰু অনমনীয়ৰ সংমিশ্ৰণ ǀ
উত্তৰ- নমনীয়

(গ)কাৰ্যপালিকাই/বিধানমণ্ডলে/ন্যায়পালিকাই দেশৰ আইনসমূহ প্ৰস্তুত কৰে ǀ
উত্তৰ- কাৰ্যপালিকাই

৪) সংবিধান কেই প্ৰকাৰৰ আৰু কি কি বাখ্যা কৰা ǀ
উত্তৰ- সংবিধানৰ উপলব্ধতাৰ ভিত্তিত ইয়াক দুটা ভাগত ভগাব পাৰি -

ক) লিখিত সংবিধান- যিবোৰ সংবিধান লিখিত ৰূপত থাকে সেইবোৰ সংবিধানক লিখিত সংবিধান বোলে ǀ এনে সংবিধান স্পষ্ট আৰু নিৰ্দিষ্ট ǀ ইয়াত ৰচনাকাল আৰু ৰচনাকাৰীৰ সম্বন্ধে অৱগত হব পাৰি ǀ উদাহৰণস্বৰূপে-ভাৰতবৰ্ষ,আমেৰিকা যুক্তৰাষ্ট্ৰ আদি ৰাষ্ট্ৰৰ সংবিধান লিখিত ǀ

খ) অলিখিত সংবিধান- অলিখিত সংবিধানবোৰ ৰ কোনো বিষয় লিখিত ৰূপত নাথাকে ǀ বিভিন্ন সময়ত প্ৰচলিত প্ৰথা-পদ্ধতি,ৰীতি নীতি,ঐতিহ্য,পৰম্পৰা ইত্যাদিৰ ওপৰত ভিত্তি কৰি অলিখিত সংবিধান সৃষ্টি হয় ǀ উদাহৰণস্বৰূপে ইংলেণ্ডৰ সংবিধান ǀ

 সংবিধান পৰিবৰ্তন বা সংশোধনৰ ব্যৱস্হাৰ ওপৰত ভিত্তি কৰি ইয়াক দুটা ভাগত ভগাব পাৰি –

 ক) নমনীয় সংবিধান- কিছুমান সংবিধান সংশোধন কৰিবলৈ সাধাৰণ আইন প্ৰণয়ন কৰিলেই হয় ǀ এনে সংবিধানক নমনীয় সংবিধান বোলে ǀএনে সংবিধান লিখিত বা অলিখিতও হব পাৰে ǀযেনে- ইংলেণ্ডৰ সংবিধান খন এখন অলিখিত সংবিধান আৰু এইখন সহজে সংশোধনো কৰিব পাৰি ǀ
 খ) অনমনীয় সংবিধান- যিবোৰ সংবিধান সংশোধন কৰিবলৈ বিশেষ আইন প্ৰণয়ন কৰিবলগীয়া তেনে সংবিধানক অনমনীয় সংবিধান বোলে ǀ উদাহৰণস্বৰূপে-আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধান ǀ

৫) উত্তৰ লিখা-

(ক) লিখিত আৰু অলিখিত সংবিধানৰ দুটা পাৰ্থক্য ǀ

উত্তৰ-

 (খ) অনমনীয় সংবিধানৰ দুটা বৈশিষ্ট্য ǀ
  উত্তৰ- ১) অনমনীয় সংবিধানৰ সংশোধন পদ্ধতি জটিল ǀ
       ২) অনমনীয় সংবিধান সদায় লিখিত ৰূপত থাকে 

৬) ‘গণতান্ত্ৰিক ৰাষ্ট্ৰত সংবিধানৰ প্ৰয়োজনীয়তা আছে’ -যুক্তিসহ আলোচনা কৰা ǀ

ক) ৰাষ্ট্ৰ এখন সুকলমে পৰিচালনা কৰা আৰু তাৰনাগৰিকসকলক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে কিছুমান নীতি নিয়মৰ প্ৰয়োজন হয় অন্যথা ৰাষ্ট্ৰত অৰাজকতাই দেখা দিয়াৰ সম্ভাৱনা থাকে ǀ সেয়ে গণতান্ত্ৰিক ৰাষ্ট্ৰত সংবিধানৰ আৱশ্যকতা থাকে ǀ

খ) সমাজ বা ৰাষ্ট্ৰত ব্যক্তি বা নাগৰিকৰ ব্যক্তিত্ব বিকাশৰ বাবে কিছুমান অধিকাৰৰ প্ৰয়োজন হয় ǀ দেশৰ সংবিধানে নাগৰিকক এই অধিকাৰ আৰু কৰ্তব্যসমূহ প্ৰদান কৰে বা স্বীকৃতি দিয়ে আৰু প্ৰয়োজনত তাৰ ৰক্ষণাবেক্ষণ কৰে ǀ

গ) সংবিধানে চৰকাৰৰ বিভিন্ন বিভাগৰ কাম আৰু ক্ষমতা থিৰাং কৰাৰ লগতে কোন বিভাগে কি ক্ষমতা প্ৰয়োগ কৰিছে তাক নিশ্চিত কৰিছে ǀ চৰকাৰৰ ক্ষমতা,কাৰ্যাৱলী আৰু নিয়ন্ত্ৰণ পদ্ধতিসমূহ সংবিধানতেই লিপিবদ্ধ থাকে ǀযদি তেওঁলোকে ক্ষতাৰ অপব্যৱহাৰ কৰে তেন্তে সাংবিধানিক পদ্ধতিৰে নিয়ন্ত্ৰণৰ ব্যৱস্হা থাকে ǀ 

ঘ) সংবিধানে নিৰ্দিষ্ট কৰি দিয়া ব্যৱস্হাৰ আলমতে গণতান্ত্ৰিক দেশৰ জণসাধাৰণে নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে অনুষ্টিত হোৱা নিৰ্বাচনত নিজৰ পছন্দৰ প্ৰাৰ্থী বাছনি কৰাৰ সুযোগ পায় ǀ নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰু পদ্ধতিসমূহৰ বিষয়েও সংবিধানত বিস্তৃত বৰ্ণনা থাকে ǀ

ঙ) ৰাষ্ট্ৰৰ কামকাজ পৰিচালনা কৰিবলৈ গঠন কৰা চৰকাৰৰ তিনিটা অংগ(কাৰ্যপালিকা,আইনপালিকা আৰু ন্যায়পালিকা ) থাকে ǀ ǀ গণতান্ত্ৰিক দেশৰ সংবিধানে চৰকাৰৰ তিনিটা অংগৰ মাজৰ দায়িত্ব আৰু কৰ্তব্যৰ স্পষ্ট ভাগবতৰা কৰি ইহঁতৰ মাজৰ পাৰস্পৰিক সম্পৰ্ক নিৰ্ধাৰণ ব্যৱস্হাও কৰি দিয়ে যাতে চৰকাৰৰ তিনিটা অংগৰ কামকাজৰ মাজত কোনো অৰিয়াঅৰিৰ সৃষ্টি নহয় ǀ

৭) তলত উল্লেখ কৰা ৰাষ্ট্ৰসমূহ উপযুক্ত স্হানত বহুওৱা- ভাৰতবৰ্ষ,আমেৰিকা যুক্তৰাষ্ট্ৰ,ইলেণ্ড

Comments

3-popular-180px-course