পাঠ ১ সৌৰজগতত আমাৰ পৃথিৱী
অনুশীলনীঃ
১) সৌৰজগত বুলিলে কি বুজা ?
উত্তৰঃ সূৰ্যক কেন্দ্ৰ কৰি পৃথিৱীৰ সৈতে অন্য,গ্ৰহ,উপগ্ৰহ, ধুমকেতু,উল্কা আৰু গ্ৰহাণুপুঞ্জক লৈ সৃষ্টি হোৱা সূৰ্যৰ পৰিয়ালটোকে সৌৰজগত বোলে।
(খ) সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাদিক্ৰমে গ্ৰহবোৰৰ নাম লিখা।
উত্তৰঃ বুধ,শুক্ৰ,পৃথিৱী,মঙ্গল,বৃহস্পতি,শনি,ইউৰেনাচ আৰু নেপচুন।
(গ) সূৰ্য কি? সূৰ্যৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ সূৰ্য এটা উত্তপ্ত নক্ষত্ৰ। সূৰ্যৰ ওপৰিভাগৰ উত্তাপ প্ৰায় ৬০০০ ডিগ্ৰী চেলচিয়াছ। সূৰ্যৰ আনুমানিক বয়স ৬০০ কোটি বছৰ বুলি বিজ্ঞানীসকলে ঠাৱৰ কৰিছে। সূৰ্য শক্তিৰ উৎস আৰু ইয়াৰ বাবেই পৃথিৱীত জীৱৰ অস্তিত্ব ৰক্ষা পৰিছে। পৃথিৱীত হোৱা দিন ৰাতি, ঋতু পৰিবৰ্তন, বতৰৰ সাল সলনি এই সকলোবোৰৰ কাৰণ সূৰ্য।
২) উত্তৰ দিয়া-
(ক) নিজৰ পোহৰ থকা তৰাবোৰক কি বুলি কোৱা হয়?
উত্তৰঃ নক্ষত্ৰ।
(খ) পৃথিৱীৰ পৰা আটাইতকৈ ওচৰত থকা গ্ৰহৰটো নাম কি?
উত্তৰঃ শুক্ৰ।
(গ) আমি তাপ আৰু পোহৰ পোৱা নক্ষত্ৰটোৰ নাম কি ?
উত্তৰঃ সূৰ্য।
(ঘ) ৰাতিৰ আকাশত তীব্ৰভাৱে গতি কৰি ধ্বংস হোৱা উজ্জ্বল পিণ্ডবোৰক কি বুলি জনা যায়?
উত্তৰঃ উল্কাপিণ্ড।
(৩) পাঠৰ চিত্ৰ-থকা সৌৰজগতৰ চিত্ৰখন পযৱেক্ষণ কৰি তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা-
আমাৰ সৌৰজগতৰ চিত্ৰ
(ক) সৌৰজগতৰ আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম কি ?
উত্তৰঃ নেপচুন।
(খ) ইউৰেনাচ গ্ৰহটো কোন দুটা গ্ৰহৰ মাজত অৱস্থিত?
উত্তৰঃ শনি আৰু নেপচুন।
(গ) সূৰ্যৰ পৰা পৃথিৱীৰ অৱস্থান কেই নম্বৰ স্থানত?
উত্তৰঃ তৃতীয়।
(ঘ)সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি?
উত্তৰঃ বৃহস্পতি।
(ঙ) গ্ৰহাণুপুঞ্জবোৰ কোন গ্ৰহৰ মাজত দেখা যায়?
উত্তৰঃ মঙ্গল আৰু বৃহস্পতি।
(৪) শুদ্ধ উত্তৰটো লিখা-
(ক) পৃথিৱীৰ যমজ বুলি কোনটো গ্ৰহক কোৱা হয় ?
(১)বুধ
(২)শুক্ৰ
(৩)মঙ্গল
(৪)শনি
উত্তৰঃ (২)শুক্ৰ।
(খ) সৌৰজগতত অস্থায়ীভাৱে ভুমুকি মৰা উজ্জ্বল বাষ্পপিণ্ডবোৰ হল-
(১)ধুমকেতু
(২)গ্ৰহাণুপুঞ্জ
(৩)উপগ্ৰহ
(৪)নক্ষত্ৰ
উত্তৰঃ (১)ধুমকেতু







Comments
Post a Comment