Skip to main content

You may also like this

4-tag:ENGLISH 3-185px-mosaic

ASSAMESE POEM RECITATION

3-tag:POEM RECITATION-350px-list

পাঠ ২ পৃথিৱীৰ আকাৰ আৰু আকৃতি Class 6 SOCIAL SCIENCE

পাঠ ২  পৃথিৱীৰ আকাৰ আৰু আকৃতি


(১)তলৰ প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া-
(ক) কৰ্কট ক্ৰান্তি কাক বোলে?
উত্তৰঃ বিষুৱ ৰেখাৰ পৰা উত্তৰে ২৩.৫ ডিগ্ৰী উত্তৰ অক্ষাংশলৈকে থকা অংশক কৰ্কট ক্ৰান্তি বোলা হয়। 

(খ) তাপ মণ্ডল তিনিটা কি কি?
উত্তৰঃ গ্ৰীষ্মমণ্ডল,নাতিশীতোষ্ণ মণ্ডল আৰু শীতমণ্ডল।

(গ) অক্ষৰেখা কাক বোলে?
উত্তৰঃ বিষুবৰেখাৰ সমান্তৰালকৈ উত্তৰ আৰু দক্ষিণলৈ কিছুমান বৃত্তাকাৰ ৰেখা কল্পনা কৰা হৈছে সেইবোৰকে অক্ষৰেখা বোলে।

(ঘ) দ্ৰাঘিমাৰেখা কাক বোলে?
উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰ কোনো ঠাইৰ অৱস্থান নিৰ্ণয় কৰিবলৈ অক্ষাংশৰ উপৰিও উত্তৰ আৰু দক্ষিণ মেৰু সংযোগী কিছুমান ৰেখাৰ সহায় লোৱা হয়, এই ৰেখাবোৰক দ্ৰাঘিমাৰেখা বোলা হয়।

(ঙ) গ্ৰীষ্মমণ্ডল আটাইতকৈ অধিক উষ্ম কিয় হয়?
উত্তৰঃ গ্ৰীষ্মমণ্ডলৰ অঞ্চলত সূৰ্যৰ ৰশ্মি পোনপটীয়াকৈ পৰে, সেয়ে গ্ৰীষ্মমণ্ডল আটাইতকৈ অধিক উষ্ম হয়।

(চ) বিষুৱ ৰেখা কোনটো তাপমণ্ডলত অৱস্থিত?
উত্তৰঃ গ্ৰীষ্মমণ্ডল।

(ছ) মেৰু অঞ্চলত সাগৰৰ পানী কিয় গোট মাৰি থাকে?
উত্তৰঃ এই অঞ্চলত শীতৰ তীব্ৰতা অধিক। অতিপাত শীতৰ বাবে বছৰৰ বাৰ মাহে এই অঞ্চলৰ বিভিন্ন অংশত পানী গোট মাৰি বৰফ হৈ থাকে। ইয়াৰ কাৰণ হ'ল ইয়াত বছৰটোৰ ছমাহ সূৰ্যৰ ৰশ্মি অতি হেলনীয়াকৈ পৰে আৰু ছমাহ সূৰ্যৰ ৰশ্মি নপৰে।

(২) কেৱল উত্তৰ দিয়া-
(ক) ককটক্ৰান্তি বৃত্তটো পৃথিৱীৰ কোনটো গোলাৰ্ধত কল্পনা কৰা হৈছে?
উত্তৰঃ উত্তৰ গোলাৰ্ধ।

(খ) কি কাল্পনিক ৰেখাই পৃথিৱীৰ কেন্দ্ৰৰে দুই মেৰুবিন্দুক সংযোগ কৰিছে?
উত্তৰঃ দ্ৰাঘিমাৰেখা।

(গ) গোলকৰ কোনটো ফালে উত্তৰ মেৰু থাকে?
উত্তৰঃ উত্তৰ ফালে বা ওপৰৰ ফালে।

(ঘ) বিষুৱ ৰেখা অক্ষাংশ কিমান?
উত্তৰঃ ০º অক্ষাংশ

(ঙ) তুমি কোন গোলাৰ্ধৰ বাসিন্দা?
উত্তৰঃ উত্তৰ।

(৩) শুদ্ধ উত্তৰটেত শুদ্ধ চিন দিয়া-
(ক) মূখ্য দ্ৰাঘিমাৰেখাৰ মান হৈছে-
       (১) ৯০০
       (২) ০০
       (৩) ৬৬০
উত্তৰঃ (২) ০০

(খ) শীতমণ্ডলৰ অৱস্থান হৈছে
       (১) মেৰু অঞ্চলত
       (২) বিষুৱীয় অঞ্চল
উত্তৰঃ (১)মেৰু অঞ্চলত।

(গ) বিষুৱৰ পৰা কিমান ডিগ্ৰী অক্ষাংশত মকৰ ক্ৰান্তি পোৱা যাব?
       (১) ৬৬ ১/২০ দক্ষিণ অক্ষাংশ
       (২) ২৩ ১/২০ দক্ষিণ অক্ষাংশ
       (৩) ২৩ ১/২০ উত্তৰ অক্ষাংশ
উত্তৰঃ (২) ২৩ ১/২০ দক্ষিণ অক্ষাংশ।

(ঘ) ১০ ৰ অন্তৰে দ্ৰাঘিমা ৰেখাৰ মুঠ সংখ্যা হব-
       (১) ১৮০ ডাল
       (২) ৩৬০ ডাল
       (৩) ৯০ ডাল
উত্তৰঃ (২) ৩৬০ ডাল

(৪) 
(ক) বিষুৱ ৰেখাৰ পৰা উত্তৰ আৰু দক্ষিণ দিশে বিস্তৃত হৈ থকা তাপমণ্ডলটোৰ নাম কি ?
উত্তৰঃ গ্ৰীষ্মমণ্ডল।
(খ) সূৰ্যৰ ৰশ্মি অতি হেলনীয়াভাবে পৰা অঞ্চলত সাগৰৰ পানী সাধাৰণতে কি অৱস্থাত থাকে?
উত্তৰঃ গোটা অৱস্থাত (বৰফ হিচাপে)।


Comments

3-popular-180px-course