Skip to main content

You may also like this

4-tag:ENGLISH 3-185px-mosaic

ASSAMESE POEM RECITATION

3-tag:POEM RECITATION-350px-list

পাঠ ২২ গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ Class 6 SOCIAL SCIENCE

পাঠ ২২   গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ 


অনুশীলনীঃ

১। চমু উত্তৰ লিখা - 
ক) গণতন্ত্ৰৰ এটা নীতিৰ নাম লিখা।
উত্তৰঃ গণতন্ত্ৰৰ এটা নীতিৰ নাম হল- স্বাধীনতা।

খ) যুগলহঁতে পূজাৰ বন্ধত কি ক্লাব খুলিলে?
উত্তৰঃ যুগলহঁতে পূজাৰ বন্ধত এটা ক্ৰিকেট ক্লাব খুলিলে।

গ) মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত কি আন্দোলন কৰিছিল?
উত্তৰঃ মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত সত্যাগ্ৰহ আন্দোলন কৰিছিল।

২) উত্তৰ দিয়া-
ক) গণতন্ত্ৰ জনপ্ৰিয় হোৱাৰ কাৰণ কি?
উত্তৰঃ গণতন্ত্ৰ জনপ্ৰিয় হোৱাৰ কাৰণ হল এই শাসন ব্যৱস্থাত সকলো লোকে পোনপটীয়াকৈ বা আওপকীয়াকৈ  দেশৰ শাসন ব্যৱস্থাত অংশ গ্ৰহণ কৰাৰ সুবিধা পায়।

খ) নাগৰিকৰ অধিকাৰ কেইটা আৰু কি কি?
উত্তৰঃ বৰ্তমান ভাৰতীয় নাগৰিকৰ ৬টা মৌলিক অধিকাৰ আছে সেইবোৰ হৈছে- 
১) সমতাৰ অধিকাৰ
২) স্বাধীনতাৰ অধিকাৰ
৩) শোষনৰ বিৰুদ্ধে অধিকাৰ
৪) সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ
৫) সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ
৬) ধৰ্মীয় অধিকাৰ।

গ) তুমি দেশৰ কাৰণে কৰিব পৰা দুটা কৰ্তব্যৰ বিষয়ে উল্লেখ কৰা।
উত্তৰঃ
    ১) দেশৰ ৰাষ্ট্ৰীয় সংগীত আৰু ৰাষ্ট্ৰীয় পতাকাৰ প্ৰতি সন্মান দেখুওৱা 
    ২) দেশখনত ৰক্ষা কৰা দেশৰ প্ৰতি সেৱা আগবঢ়োৱা। 

ঘ) প্ৰাকৃতিক পৰিৱেশ সুৰক্ষিত কৰিবলৈ তোমালোকে কি কি কাম কৰিবা উল্লেখ কৰা।
উত্তৰঃ
১) গছ গছনি ৰোপণ কৰা।  
২) জধে মধে গছ বন কটা বন্ধ কৰিব পাৰো।
৩) বনৰীয়া জীৱ জন্তু সংৰক্ষণ কৰা ।

ঙ) আমি আমাৰ দেশত উপভোগ কৰিব পৰা দুটা অধিকাৰ উল্লেখ কৰা ।
উত্তৰঃ
১) নিজৰ মনৰ ভাব  প্ৰকাশ কৰিব পাৰোঁ ।
২) আমি সকলোৱে নিজৰ দেশৰ ভিতৰত মুকলিভাৱে এঠাইৰ পৰা আনঠাইলৈ যাব পাৰোঁ ।

৩) খালী ঠাই পূৰ কৰা-
ক) আমি নিজৰ ৰাজ্যৰ বাহিৰে আমাৰ দেশৰ আন ৰাজ্যটো মাটি কিনি ঘৰ সাজি থাকিব পাৰোঁ।
খ) শিশুৰ প্ৰাথমিক শিক্ষাৰ আইনখন ২০১০ চনত কাৰ্যকৰী কৰা হয়।
গ) ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ।
ঘ) ভাৰতৰ ঐক্য আৰু সংহতি ৰক্ষা কৰা আমাৰ মৌলিক কৰ্তব্য।

৪) হেক্টৰৰ কাহিনীটো পঢি কৃষ্ণাঙ্গ শ্ৰেণীয়ে কি কি অধিকাৰৰ পৰা বঞ্চিত হৈ আছিল লিখা।
উত্তৰঃ 
১) ভোটাধিকাৰ দিয়া নাছিল। 
২)  মুকলিভাৱে এঠাইৰ পৰা আন ঠাইলৈ যাব পৰা নাছিল । 
৩)  বলপূৰ্বকভাবে নিজ ভাষাৰ বিপৰীতে অন্যভাষাত শিক্ষা গ্ৰহণ কৰিবলৈ বাধ্য কৰিছিল। 

৫)দলগত কাৰ্য-
আমি মৌলিক কৰ্তব্য কিয় পালন কৰিব লাগে আলোচনা কৰা।


৬। প্ৰকল্প ঃ

ক) বিভিন্ন জাতীয় পতাকাৰ ছবি সমূহ সংগ্ৰহ কৰি এটা এলবাম প্ৰস্তুত কৰা। 

খ) আমাৰ দেশৰ ৰাষ্ট্ৰীয় আৰু জাতীয় সংগীত দুটি শুদ্ধকৈ লিখি চৰ্চা কৰা। 




।। ধন্যবাদ ।।
ONLINE SCHOOL EDUCATION - ASSAM 

Comments

3-popular-180px-course