পাঠ ২৩ কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ
অনুশীলনীঃ
১। উত্তৰ লিখা-
ক) কেন্দ্ৰীয় চৰকাৰৰ ভাগ কেইটা আৰু কি কি?
উত্তৰঃ কেন্দ্ৰীয় চৰকাৰৰ ভাগ তিনিটা-
১) বিধানমণ্ডল,
২) কাৰ্যপালিকা,
৩) ন্যায়পালিকা।
খ) লোকসভা আৰু ৰাজ্যসভাৰ আন দুটা নাম লিখা।
উত্তৰঃ লোকসভা-নিম্নসদন
ৰাজ্যসভা- উচ্চসদন
গ) লোকসভা আৰু ৰাজ্যসভাৰ সদস্যৰ সংখ্যা কিমান ?
উত্তৰঃ লোকসভাৰ সদস্য সংখ্যা হৈছে- ৫৪৫ জন।
ৰাজ্যসভাৰ সদস্য সংখ্যা হৈছে- ২৫০ জন।
ঘ) প্ৰধানমন্ত্ৰী আৰু আন মন্ত্ৰীসকলক কোনে নিয়োগ কৰে ?
উত্তৰঃ প্ৰধানমন্ত্ৰী আৰু আন মন্ত্ৰীসকলক ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে।
ঙ) কেন্দ্ৰীয় মন্ত্ৰীসকলৰ দপ্তৰসমূহ কোনে বিতৰণ কৰে ?
উত্তৰঃ প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰীসকলৰ দপ্তৰসমূহ বিতৰণ কৰে।
চ) ন্যায়পালিকাৰ কাম কি ?
উত্তৰঃ ন্যায়পালিকাই আইনৰ ভিত্তি আৰু সঠিকভাৱে কাৰ্যকৰী হৈছেনে নাই বিচাৰ কৰে।
ছ) ৰাজ্য চৰকাৰৰ প্ৰধান ভাগ কেইটা আৰু কি কি ?
উত্তৰঃ ৰাজ্য চৰকাৰৰ ভাগ তিনিটা-
১) বিধানমণ্ডল,
২) কাৰ্যপালিকা,
৩) ন্যায়পালিকা।
জ) বিধানসভালৈ নিবাচিত সদস্যজনক কি বুলি কোৱা হয়?
উত্তৰঃ বিধানসভালৈ নিৰ্বাচিত সদস্যজনক বিধায়ক বুলি কোৱা হয়।
ঝ) ৰাজ্যৰ মুৰব্বীজন কোন?
উত্তৰঃ ৰাজ্যপাল ৰাজ্যৰ মুৰব্বী।
ঞ) মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদক কোনে নিযুক্তি দিয়ে ?
উত্তৰঃ ৰাজ্য এখনৰ ৰাজ্যপালে মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদক নিযুক্তি দিয়ে।
চ) অসমৰ উচ্চ ন্যায়ালয় কত অৱস্হিত?
উত্তৰঃ অসমৰ উচ্চ ন্যায়ালয় গুৱাহাটীত অৱস্থিত।
২) খালী ঠাই পূৰ কৰা–
(ক) বিধানমণ্ডলে আইন প্ৰস্তুত কৰে।
(খ) কাৰ্যপালিকাই আইনসমূহ কাৰ্যকাৰী কৰে।
(গ) ন্যায়পালিকাই ন্যায় বিচাৰ কৰে।
(ঘ) বিধানসভাৰ কাযকাল ৫ বছৰ।
(ঙ) ৰাজ্যপালেই ৰাজ্যৰ মুৰব্বী।
৩) শুদ্ধ উত্তৰটো বাচি উলিওৱা-
(ক) অসমৰ বিধানসভাৰ সমষ্টি ১১৬/১২৬/১৩৬টা
উত্তৰঃ ১২৬ টা।
(খ) বতমান ভাৰতত ৰাজ্য ২৫/২৩/২৯খন আছে
উত্তৰঃ ২৯ খন।
(গ) লোকসভাৰ কাযকাল ৪/ ৫/ ৬বছৰ
উত্তৰঃ ৫ বছৰ।
(ঘ) ৰাজ্যত মুখ্য ন্যায়াধীশ থাকে ১/২/৬জন
উত্তৰঃ ১জন।
(ঙ) ৰাজ্যসভাৰ সদস্য সংখ্যা ৫৪৫/২৫০/১২৬টা
উত্তৰঃ ২৫০ টা।
৪। প্ৰকল্প ঃ
অসমৰ ৰাজ্যপাল আৰু মূখ্যমন্ত্ৰী সকলৰ নাম ফটোসহ একাদিক্ৰমে সজাই দুটা এলবাম প্ৰস্তুত কৰা।
।। ধন্যবাদ ।।
ONLINE SCHOOL EDUCATION - ASSAM







Comments
Post a Comment