Skip to main content

You may also like this

4-tag:ENGLISH 3-185px-mosaic

ASSAMESE POEM RECITATION

3-tag:POEM RECITATION-350px-list

পাঠ ২৪ স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা. Class 6 SOCIAL SCIENCE

পাঠ ২৪   স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা
 
অনুশীলনীঃ

১) উত্তৰ দিয়া-

(ক) গাঁও অঞ্চলৰ স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা কেইটা আৰু কি কি?
উত্তৰঃ গাঁও অঞ্চলৰ স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা তিনিটা-
১) গাঁও পঞ্চায়ত, 
২) আঞ্চলিক পঞ্চায়ত আৰু 
৩) জিলা পৰিষদ।

(খ) গাঁও পঞ্চায়তৰ সদস্য সংখ্যা কিমান?
উত্তৰঃ গাঁও পঞ্চায়ত ১০ জন সদস্যৰে গঠিত।

(গ) কোন চনত অসমত তিনি তৰপীয়া পঞ্চায়ত ব্যৱস্থাৰ সূচনা হৈছে?
উত্তৰঃ ১৯৯৪ চনৰ পৰা অসমত তিনি তৰপীয়া পঞ্চায়ত ব্যৱস্থাৰ সূচনা হৈছে।

(ঘ) আঞ্চলিক পঞ্চায়তৰ কাৰ্যকাল কেইবছৰ?
উত্তৰঃ আঞ্চলিক পঞ্চায়তৰ কাৰ্যকাল ৫ বছৰ।

(ঙ) জিলা পৰিষদৰ সমষ্টিসমূহ কিমান জনসংখ্যাৰ ভিত্তিত নিৰ্ধাৰণ কৰা হয়?
উত্তৰঃ জিলা পৰিষদৰ এটা সমষ্টিত ৪০ হাজাৰ জনসংখ্যাৰ ভিত্তিত নিৰ্ধাৰণ কৰা হয়।

২) শুদ্ধ উত্তৰটো বাচি উলিওৱা-

(ক) জিলা পৰিষদৰ কাৰ্যকাল (২/৩/৫ ) বছৰ।
উত্তৰঃ ৫ বছৰ 
(খ) গাঁও পঞ্চায়তত অনুসূচীত জাতি, জনজাতি আৰু মহিলাৰ বাবে সংৰক্ষিত আসনৰ ব্যৱস্থা আছে / নাই।
উত্তৰঃ আছে। 
(গ) অসমত স্বায়ত্ব শাসিত জিলা পৰিষদ (২ /৩/৪) খন।
উত্তৰঃ 2 খন। 
(ঘ) আঞ্চলিক পঞ্চায়ত (নগৰ সমিতি /গাঁও পঞ্চায়ত/ জিলা পৰিষদ)ৰ সদস্যৰে গঠিত।
উত্তৰঃ গাঁও পঞ্চায়ত
(ঙ) অসমত পৌৰ নিগম (১ /২/৩) খন আছে।
উত্তৰঃ ১ খন আছে। 

৩) খালী ঠাই পূৰণ কৰা-

(ক) বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল এখন স্বায়ত্ব শাসিত পৰিষদ ǀ
(খ) জিলা পৰিষদৰ এটা সমষ্টিত প্ৰায় ৪০ হাজাৰ জনসংখ্যা থাকে
(গ) বি.টি.চি ৪ খন জিলাক লৈ গঠন কৰা হৈছে ǀ

৪) স্বায়ত্ব শাসিত জিলা পৰিষদ গঠনৰ উদ্দেশ্যৰ বিষয়ে চমুকৈ লিখা ǀ
উত্তৰঃ প্ৰত্যেক জাতি জনগোষ্ঠীৰ নিজা নিজা ভাষা, কৃষ্টি, সংস্কৃতি ৰীতি নীতি আৰু পৰম্পৰা আছে। এইবোৰৰ ৰক্ষণাবেক্ষণ আৰু উন্নতিৰ বাবে সংবিধানে আমাক বিশেষ সুবিধা প্ৰদান কৰিছে । সেইমতে স্বায়ত্ব শাসিত জিলা পৰিষদ গঠন কৰা হৈছে।

৫) ভৈয়ামৰ যিকোনো দুখন স্বায়ত্ব শাসিত পৰিষদৰ নাম লিখা ǀ
উত্তৰঃ
১) মিচিং স্বায়ত্ব শাসিত পৰিষদ
২) ৰাভা স্বায়ত্ব শাসিত পৰিষদ।

৬) জিলা পৰিষদৰ কাৰ্যাৱলী লিখা।
উত্তৰঃ জিলা পৰিষদে জিলাখনৰ সামূহিক উন্নয়নৰ বাবে কৰা কামবোৰক ২০ টা ভাগত ভাগ কৰিছে। তাৰে কিছুমান উল্লেখযোগ্য কাম হৈছে-
1)গাঁও পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়ত ৰ কামকাজ পৰ্যবেক্ষণ কৰে আৰু সিবিলাকৰ মাজত সমন্বয় ৰক্ষা কৰে।
2) গাঁও পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়তলৈ অনুদান আগবঢ়োৱা আচনি প্ৰস্তুত কৰে আৰু কাৰ্যকাৰী কৰে।
3)আশ্ৰম, ছাত্ৰাবাস, শিক্ষানুষ্ঠান, সমবায় সমিতি, সাংস্কৃতিক বিকাশ কেন্দ্ৰ, হাট-বজাৰ আদি প্ৰতিষ্ঠা কৰিব পাৰে।
4) জলপথত নাঁও, ফেৰী আদিৰ ব্যৱস্হা কৰে।


৭) দলগত কাৰ্যঃ
আঞ্চলিক পঞ্চায়তৰ কামৰ এখন তালিকা প্ৰস্তুত কৰা।

উত্তৰঃ আঞ্চলিক পঞ্চায়তৰ  কামৰ এখন তালিকা তলত উল্লেখ কৰা হল-

1)ৰাজহুৱা পুথিভঁৰাল নিৰ্মাণ 
2)ৰাস্তা পদূলি নিৰ্মাণ 
3)গ্ৰাম্য আৱাস নিৰ্মাণ
4)ভূমি সংৰক্ষণৰ ব্যৱস্হা
5)খোৱা পানীৰ যোগান আদি। 



।। ধন্যবাদ ।।
ONLINE SCHOOL EDUCATION - ASSAM 


Comments

3-popular-180px-course