Skip to main content

You may also like this

4-tag:ENGLISH 3-185px-mosaic

ASSAMESE POEM RECITATION

3-tag:POEM RECITATION-350px-list

পাঠ ১৮ আমাৰ চৌপাশৰ বজাৰ Class 7

পাঠ ১৮ আমাৰ চৌপাশৰ বজাৰ 


 ১। চমু উত্তৰ লিখা-
(ক) বিনিময় প্ৰথা কাক বোলে? 
উত্তৰঃ সামগ্ৰী সলনি সামগ্ৰী বিনিময় কৰা প্ৰাচীন প্ৰথাটোক আমি বিনিময় প্ৰথা বুলি কওঁ।

(খ) বজাৰ মানে কি?
উত্তৰঃ বজাৰ বুলিলে সাধাৰণতে এটুকুৰা নিদিষ্ট ঠাইকে বুজো, য'ত গ্ৰাহক আৰু বিক্ৰেতা পৰস্পৰ মখামুখি হয় আৰু টকা-পইচা বা মুদ্ৰাৰ বিনিময়ত বস্তু বা সামগ্ৰীৰ কিনা-বেচা কৰা হয়।

(গ) দৈনিক বজাৰ সুবিধাসমূহ কি কি?
উত্তৰঃ দৈনিক বজাৰ সুবিধাসমূহ হল- 
        ১) দৈনিক বজাৰসমূহ স্থায়ী হোৱা বাবে প্ৰয়োজন অনুসৰি বস্তু লাভ কৰিব পাৰি। 
        ২) দৈনিক বজাৰত দোকানসমূহত বিজ্ঞানসন্মত পদ্ধতি ব্যৱহাৰ কৰা হয় বাবে ইয়াত গ্ৰাহকৰ কোনো অসুবিধা নহয়।

(ঘ) বস্তু দাম বা দৰ মানে কি?
উত্তৰঃ বস্তু এটা ক্ৰয় কৰা বাবে আমি যি মূল্য প্ৰদান কৰোঁ তাকে বস্তু দাম বা দৰ বুলি কোৱা হয়।

(ঙ) সাপ্তাহিক বজাৰত বস্তুৰ দাম কিয় কম হয়?
উত্তৰঃ সাপ্তাহিক বজাৰত একেজাতীয় সামগ্ৰীৰ বা বস্তু কেইবাখনো দোকানত থকা বাবে দামটো কম হয়।

(চ) জোন-বিল মেলা কিহৰ বাবে বিখ্যাত?
উত্তৰঃ জোন-বিল মেলা বিনিময় প্ৰথা বাবে বিখ্যাত।

২। উত্তৰ লিখা-
(ক) দৈনিক বজাৰ আৰু সাপ্তাহিক বজাৰৰ মাজত কি কি পাৰ্থক্য আছে?
উত্তৰঃ দৈনিক বজাৰ নিতৌ খোলা থাকে বাবে আমি কোনো বস্তু প্ৰয়োজন হ'লে এই বজাৰবোৰৰ পৰা সংগ্ৰহ কৰিব পাৰো।
    আনহাতে সাপ্তাহিক বজাৰ হ'ল সপ্তাহৰ এটা বা দুটা নিদিষ্ট বাৰত কোনো নিৰ্দিষ্ট ঠাইত অস্থায়ীভাৱে বহা কাৰণে কোনো প্ৰয়োজনীয় সামগ্ৰী তাৎক্ষণিকভাৱে কিনিব নোৱাৰো।

(খ) বিভিন্ন প্ৰকাৰৰ বজাৰবোৰে আমাৰ সামাজিক প্ৰয়োজনবোৰ কি দৰে পূৰ কৰে?
উত্তৰঃ আমাৰ চাৰিওফালে থকা বজাৰসমূহে মানুহৰ দৈনিক প্ৰয়োজনসমূহ তাৎক্ষণিকভাৱে পূৰ কৰে। এই বজাৰবোৰ মানুহৰ প্ৰয়োজন সমূহৰ ওপৰত ভিত্তি কৰি গঢ়ি ওঠে। ইয়াৰ উপৰিও সাপ্তাহিক বজাৰে সমাজৰ অন্নান্য প্ৰয়োজন দূৰ কৰে। 

(গ) পাইকাৰী বিক্রেতাৰ প্ৰয়ােজনীয়তা সম্পর্কে আলােচনা কৰা। 
উত্তৰঃ পাইকাৰী বিক্ৰেতা হ'ল উৎপাদনকাৰীৰ পৰা অধিক সামগ্ৰী কম দামত কিনি খুচুৰা বিক্ৰেতাই যোগান ধৰা। পাইকাৰী বিক্ৰেতাৰ সামগ্ৰী দাম কম যদিও অধিক সামগ্ৰী বিক্ৰী কৰা ফলত অধিক ধন লাভ কৰে।

(ঘ) বজাৰ শৃংখল মানে কি?
উত্তৰঃ বজাৰবোৰ শৃংখলভাৱে পৰিচালনা হবলৈ যিবোৰ নীতি নিয়ম থাকে তাক বজাৰ শৃংখল বোলে। 

৩।শুদ্ধ উত্তৰটো বাছি উলিওৱা— 
(ক) গ্রাহকে বস্তু ক্রয় কৰে— 
(i) পাইকাৰী বিক্রেতাৰ পৰা 
(ii) খুচুৰা বিক্রেতাৰ পৰা 
(iii) উৎপাদনকাৰীৰ পৰা। 

উত্তৰঃ খুচুৰা বিক্ৰেতা পৰা।

(খ) বস্তু এটাৰ কিনা দামতকৈ বিক্রী দাম বেছি হ'ল ব্যৱসায়ীজনৰ -
(i) / লাভ হয় , 
(ii) লােকচান হয়। 
(iii) একো নহয় 

উত্তৰঃ লাভ হয়।

(গ) ঘৰে ঘৰে গৈ বস্তু বিক্ৰী কৰা বিক্রেতাসকলক- 
(i) পাইকাৰী বিক্রেতা 
(ii) খুচুৰা বিক্রেতা 
(iii) হকাৰ বা ফেৰীৱালা বােলে। 

উত্তৰঃ হকাৰ বা ফেৰিৱালা বোলে।  


(ঘ) সকলাে ব্যৱসায়ীয়ে বস্তু ক্রয় - বিক্রয় কৰাৰ মূল লক্ষ্য হৈছে -
(i) বিক্রী বৃদ্ধি কৰা
(ii) লাভ অর্জন কৰা 
(iii) লােকচান কৰা। 

উত্তৰঃ লাভ অৰ্জন কৰা।

৪। খালী ঠাই পূৰ কৰা ঃ

(ক) মুদ্ৰাৰ সহায়ত আমি আমাৰ জীৱনৰ প্ৰয়ােজনীয় সামগ্ৰীসমূহ বজাৰৰ পৰাই কিনাে। 

(খ) বস্তুৰ পাইকাৰী দামতকৈ খুচুৰা দাম কম হয়।

(গ) হাট বজাৰৰ পুৰণি ব্যৱস্থা।

(ঘ) উৎপাদনকাৰীৰ পৰা পাইকাৰী বিক্রেতাই সৰহ পৰিমাণৰ বস্তু ক্রয় কৰে। 

(ঙ) মুদ্ৰাৰ হৈছে বস্তু কিনা-বেচাৰ মাধ্যম। 

(চ) ক্রয় দামতকৈ বিক্রী দাম কম হ'লে লোকচান হয়।


।। ধন্যবাদ ।।

Comments

3-popular-180px-course