Skip to main content

You may also like this

4-tag:ENGLISH 3-185px-mosaic

ASSAMESE POEM RECITATION

3-tag:POEM RECITATION-350px-list

পাঠ ১৯. পৰিকল্পনা, বাজেট আৰু উন্নয়ন Class-7

পাঠ ১৯   পৰিকল্পনা, বাজেট আৰু উন্নয়ন


১। চমু উত্তৰ লিখা— 
(ক) সঞ্চয়ৰ অর্থ কি? 
উত্তৰঃ কোনো এটা বস্ত ক্ৰয় কৰাৰ পিছত ৰাহি অংশ জমা কৰাকে সঞ্চয় বোলে।

(খ) পৰিকল্পনা কাক বােলে?
উত্তৰঃ কোনো এটা কাম কৰিবলৈ যিখিনি কামৰ কামৰ চিন্তা আগতীয়া কৈ কৰা হয়, সেয়াই হৈছে পৰিকল্পনা।

(গ) বাজেট মানে কি?
উত্তৰঃ পৰিকল্পনা মতে কাম কৰিবলৈ কিমান অৰ্থ বা চকা-পইচাৰ প্ৰয়েজন হ'ব, সেই অৰ্থ ক'ৰ পৰা পাব, কেনেকৈ খৰচ কৰিব আদিৰ হিচাপ যিদৰে কৰা হয় সেয়াই হৈছে বাজেট ।

(ঘ) কল্যাণমূলক কাম কাক বােলে? 
উত্তৰঃ যিবোৰ কাম কৰিলে দেশৰ জনসাধাৰণৰ সুবিধা হয় আৰু ৰাইজৰ মংগল হয়। সেইবোৰ কামক কল্যানমূলক কাম বোলে।

(ঙ) কোনবোৰ ব্যক্তিক মানৱ সম্পদ বুলি কোৱা হয়? 
উত্তৰঃ কাৰ্যক্ষম ব্যক্তিক মানৱ সম্পদ বোলি কোৱা হয়। যিহেতু সিহঁতে নিজৰ লগতে আনৰো উপকাৰ সাধন কৰে।

২। উত্তৰ লিখা—
(ক) কোনাে এখন দেশৰ পৰিকল্পনাত কোনবােৰ কামক গুৰুত্ব দিয়া হয়? কামবােৰ কৰিবলৈ চৰকাৰে কেনেদৰে, অর্থ আহৰণ কৰে?
উত্তৰঃ কোনো এখন পৰিকল্পনাত সাধাৰণতে উন্নয়নমূলক কাম-কাজতহে গুৰুত্ব প্ৰদান কৰা হয়। বিভিন্ন ধৰণৰ কাম-কাজ যেনে- বাট-পথ নিৰ্মাণ, ৰাজহুৱা খেল-পথাৰ নিৰ্মাণ, দলং নিৰ্মাণ, খোৱা পানীৰ যোগান, পথ পকীকৰণ, বিদ্যালয় ঘৰ নিৰ্মাণ বৈদ্যুতিকৰণ আদি।
    এই কামবোৰ কৰিবলৈ চৰকাৰে প্ৰাকৃতিক আৰু মানৱসম্পদ ব্যৱহাৰ কৰি কৃষি, উদ্যোগ, আৰু সেৱা খণ্ডৰ পৰা অৰ্থ আহৰণ কৰে। কৃষি আৰু উদ্যোগত উৎপাদিত সামগ্ৰীবোৰ নিজৰ প্ৰয়োজন হোৱা অংশ বাহিৰে অতিৰিক্ত ভাগ বিক্ৰী কৰি চৰকাৰে ৰাজহ সংগ্ৰহ কৰে। তাৰোপৰি চৰকাৰে নিজৰ ৰাহি অংশ বিনিয়োগ কৰি অথবা বিভিন্ন ব্যক্তি প্ৰতিষ্ঠানত ধাৰলৈ দি সুদ আহৰণ কৰি উপাৰ্জন বৃদ্ধি কৰে।

(খ) পাঠত উল্লেখ কৰাৰ উপৰি চৰকাৰে আৰু কি কি ক্ষেত্ৰত ৰাহি ধন খৰচ কৰে? (শিক্ষকৰ সহায়ত লিখা)
উত্তৰঃ চৰকাৰে জনসাধাণৰ কল্যাণ সাধন কৰা কাম-কাজত সাধাৰণতে ৰাহি ধন খৰচ কৰে। বিনামূলীয়া পাঠ্যপুথি বিতৰণ আঁচনি আৰু মাধ্যহ্ন ভোজনৰ ব্যৱস্থা কৰিছে। সকলো শিশুকে সাক্ষৰ কৰা অৰ্থে চৰকাৰে শিক্ষা খণ্ডত বিভন্ন আঁচনি কাৰ্যকৰী কৰিছে। নিবনুৱা সমস্যা হ্ৰাস কৰিবলৈ চৰকাৰে নিয়োগ নিশ্চিত আঁচনি ৰূপায়ন কৰি কাৰ্যকৰী কৰিছে। দৰিদ্ৰতাৰ সংখ্য়া হ্ৰাস কৰিবলৈ চৰকাৰে সুলভ মূল্যত খাদ্যবস্তু যোগান, বিনামূলীয়া আবাস, স্বাস্থ্য সেৱা আদিত ৰাহিধন খৰচ কৰি জনসাধাৰণৰ কল্যাণ সাধিবলৈ প্ৰয়াস কৰিছে।        
৩। শুদ্ধ উত্তৰটো বাছি উলিওৱা—

(ক) নীতি আয়ােগৰ অধ্যক্ষ-
(i) ৰাষ্ট্রপতি (ii) বিত্তমন্ত্রী (iii) প্রধানমন্ত্রী (iv) গৃ হমন্ত্রী ।  
উত্তৰঃ (iii) প্রধানমন্ত্রী।

(খ) পঞ্চবার্ষিক পৰিকল্পনাৰ কাৰ্যকাল— 
(i) ৪ বছৰ (ii) ৬ বছৰ (iii) ৮ বছৰ (iv) ৫ বছৰ উত্তৰঃ (iv) ৫ বছৰ।                                   

(গ) পৰিকল্পনাৰ কাম-কাজ ৰূপায়ণৰ বাবে চৰকাৰক প্রয়ােজন হয়- 
(i) কৃষি ( ii ) উদ্যোগ (iii) অর্থ (iv) বাণিজ্য  
উত্তৰঃ (iii) অর্থ

(ঘ) চৰকাৰৰ উপাৰ্জনৰ ৰাহি অংশ জমা হয়—
(i) বেংকত (ii) প্রধানমন্ত্রীৰ হাতত (iii) ৰাজকোষত ( iv ) বিত্তমন্ত্রীৰ হাতত।
উত্তৰঃ (iii) ৰাজকোষত।

 
(ঙ) বিনিয়ােগ মানে- 
(i) দূর্গতসকলক দিয়া সাহায্য (ii) বিদেশলৈ পঠোৱা সাহায্য (iii) অধিক উৎপাদনৰ বাবে কৰা ব্যয় (iv) বানপীড়িতৰ বাবে কৰা ব্যয়।
উত্তৰঃ (iii) অধিক উৎপাদনৰ বাবে কৰা ব্যয়।


৪। খালী ঠাই পূৰ কৰা-

(ক) পৰিয়ালটো সুখে সন্তোষে থাকিবলৈ হ'লে পৰিয়ালৰ আটাইৰে সদিচ্ছাবােৰক গুৰুত্ৱ দিব লাগে।

(খ) অৰুণিমা এগৰাকী মৃতব্যয়ী মহিলা।

(গ) প্ৰতিটো পৰিয়ালৰে মাহিলী কৰিবলগীয়া কামৰ এক নির্দিষ্ট বাজেট থাকে।

(ঘ) চৰকাৰী পৰিকল্পনামতে কাম কৰিবলৈ। চৰকাৰী বাজেট প্রস্তুত কৰি লােৱা হয় ।

।। ধন্যবাদ ।।

Comments

3-popular-180px-course