Skip to main content

You may also like this

4-tag:ENGLISH 3-185px-mosaic

ASSAMESE POEM RECITATION

3-tag:POEM RECITATION-350px-list

পাঠ ২০. অৰ্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা Class-7

পাঠ ২০   অৰ্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা
 

১। চমু উত্তৰ লিখা— 
(ক) ৰাষ্ট্ৰীয় গ্রাম্য নিয়ােগ নিশ্চিতকৰণ আঁচনিৰ জৰিয়তে দুখীয়া নিবনুৱাসকলে কি লাভ কৰিছে? 
উত্তৰঃ ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আঁচনিৰ জৰিয়তে দুখীয়া নিবনুৱাসকলকে জবকাৰ্ড লাভ কৰিছে।

(খ) বর্তমান প্রাথমিক বিদ্যালয়ৰ গৃহসমূহ কোন আঁচনিৰ অধীনত নির্মাণ কৰা হৈছে? 
 উত্তৰঃ বৰ্তমান প্ৰাথমিক বিদ্যালয়ৰ গৃহসমূহ সৰ্বশিক্ষা অভিযান মিছনৰ অধীনত নিৰ্মাণ কৰা হৈছে।  

(গ) স্বাস্থ্যৱান ব্যক্তি বুলিলে কাক বুজায়?
উত্তৰঃ স্বাস্থ্যৱান ব্যক্তি বুলিলে নিৰোগী আৰু কাৰ্যক্ষম ব্যক্তিক বুজায়।

(ঘ) সর্বাত্মক শিক্ষাৰ উদ্দেশ্য কি?
উত্তৰঃ সৰ্বাত্মক শিক্ষাৰ উদ্দেশ্য হৈছে- শাৰীৰিক আৰু মানসিকভাৱে
বাধাগ্ৰস্ত শিশুসকলক সৰ্বাত্মক শিক্ষাৰ জৰিয়তে বাধ্যতামূলকভাৱে শিক্ষাৰ ব্যৱস্থাৰ লগত সাঙুৰি লোৱা।


২। উত্তৰ লিখা—
(ক) আন্তঃগাঁথনিমূলক কাম-কাজ মানে কি? আমাৰ দেশৰ চৰকাৰে দেশৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে কি কি আঁচনি গ্ৰহণ কৰিছে?
উত্তৰঃ মৌলিক উপাদানসমূহৰ ভিতৰত ৰাস্তা-ঘাট, দলং, গৃহ, যাতায়াত ব্যৱস্থা, যোগাযোগ ব্যৱস্থা, জলসিঞ্চন, খোৱা পানী, চিকিৎসালয়, বিদ্যালয়, বিজুলী যোগান, টেলিফোন সেৱা আদি কামবোৰকে আন্তঃগাঁথনি কাম-কাজ বুলি কওঁ।
    আমাৰ দেশৰ চৰকাৰে যাতায়তৰ ক্ষেত্ৰত চাৰিলেনযুক্ত ৰাস্তা, ৰে'লপথ সম্প্ৰসাৰণ, দ্ৰুতগামী ৰে'লৰ প্ৰবৰ্তন, ডাঙৰ নদীসমূহত সংযোগী দলং আদি নিৰ্মাণ কৰিছে। শিক্ষাৰ ক্ষেত্ৰত ৬বছৰৰ পৰা ১৪বছৰৰ ভিতৰৰ সকলো শিশুৰ বাবে শিক্ষা বাধ্য়তামূলক আৰু বিনামূলীয়া কৰি দিছে। ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ বাবে ইউনিফৰ্ম আৰু মধ্য়াহ্ন ভোজনৰো ব্য়ৱস্থা কৰিছে। স্বাস্থ্য়ৰ ক্ষেত্ৰত গাঁৱে গাঁৱে খোৱা-পানীৰ যোগান ধৰাৰ লগতে স্বাস্থ্য় কেন্দ্ৰসমূহ স্থাপন কৰিছে। তাৰোপৰি চিকিৎসালয়সমূহত বিনামূলীয়া ঔষধ-পাতিৰ যোগান ধৰিছে। বিদ্য়ুৎ যোগানৰ ক্ষেত্ৰত চৰকাৰে গাঁৱে গাঁৱে বিদ্য়ুৎ যোগানৰ ব্য়ৱস্থা কৰিছে। এনেদৰে চৰকাৰে আন্তঃগাথনিমূলক কাম-কাজৰ বাবে আঁচনি হাতত লৈছে।

(খ) যাতায়াত আৰু যােগাযােগ ব্যৱস্থাই দেশৰ উন্নয়নত কেনেদৰে অৰিহণা যােগায় তাক বহলাই আলােচনা কৰা। 
উত্তৰঃ
        যাতায়াতৰ অৱদান- উন্নয়নৰ এক উল্লেখনীয় বুনিয়াদ হৈছে যাতায়াত ব্যৱস্থা। যাতায়াত ব্যৱস্থা সমাজ এখনৰ উন্নতিৰ প্ৰথম খলপ। কৃষি, উদ্যোগ, সেৱা সকলাে খণ্ডৰ উৎপাদনশীল কাম-কাজসমূহ মূলতঃ নিৰ্ভৰ কৰে উন্নত যাতায়াত ব্যৱস্থাৰ ওপৰত। উদাহৰণস্বৰূপে উন্নত যাতায়াত ব্যৱস্থা থাকিলে উদ্যোগ প্রতিষ্ঠা কৰিবলৈ মানুহ আগ্রহী হয়। মেচিন, কেঁচামাল আদি অতি সহজে ইঠাইৰ পৰা সিঠাইলৈ সৰবৰাহ কৰিব পাৰে। বস্তুৰ আমদানি-ৰপ্তানি খৰতকীয়া হয়। সেয়েহে উন্নয়নমূলক কামৰ তালিকাত যাতায়াত ব্যৱস্থাক চৰকাৰে আগস্থান দিয়ে।
        যােগাযােগৰ অৱদান- যােগাযােগ ব্যৱস্থাই আজি সমগ্র বিশ্বত এক বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে। বিজ্ঞান-প্রযুক্তিৰ প্ৰভাৱত এই ব্যৱস্থা ইমানেই আধুনিক আৰু সক্রিয় হৈছে যে ঘৰত বঢ়ি নিমিষতে আমি পৃথিৱীৰ ইমূৰ-সিমূৰৰ বাতৰি পাবলৈ সক্ষম হৈছো। উন্নত যােগাযোগ ব্যৱস্থাই অনেক তথ্যৰ যােগান ধৰে, যাৰ ফলত মানুহে বহুতাে দূৰূহ কাম সহজে সম্পন্ন কৰিব পাৰে। মানৱ জাতিৰ উন্নতিত যােগাযােগ ব্যৱস্থাৰ অৱদান অতুলনীয়। সেয়েহে চৰকাৰে দেশৰ আৰু জনসাধাৰণৰ উন্নতিৰ গতি ক্ষিপ্ৰ কৰিবলৈ যােগাযােগৰ মাধ্যমসমূহক শক্তিশালী কৰাত যথেষ্ট গুৰুত্ব প্রদান কৰিছে। 


৩।খালী ঠাই পূৰ কৰা— 
(ক) আন্তঃগাঁথনি মানে কোনাে কার্য কৰিবৰ বাবে বুনিয়াদী আৰু অত্যন্ত আৱশ্যকীয় আগতীয়া কাৰিকৰী সংগঠন বা সা-সুবিধা যিবিলাকৰ অবিহনে অৰ্থনৈতিক উন্নয়ন সম্ভব হ’ব নােৱাৰে। 

(খ) ৰাষ্ট্ৰীয় আয় বৃদ্ধি হােৱা মানে দেশ এখন উন্নতিৰ পথত অগ্রসৰ হােৱা।

(গ) প্রধানমন্ত্রী গ্ৰামচড়ক যােজনাৰ অধীনত গ্রামাঞ্চলৰ ৰাস্তা- ঘাটবােৰ পকীকৰণ কৰা হৈছে। 

(ঘ) সংবিধানে প্ৰাথমিক শিক্ষাক শিশুৰ মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিছে। 

(ঙ) বিদ্যুতৰ ব্যৱহাৰে আমাৰ জীৱনবােৰক যথেষ্ট সুচল আৰু উন্নয়নমুখী কৰি তুলিছে।

।। ধন্যবাদ ।।

Comments

3-popular-180px-course