পাঠ ২১. শ্ৰমৰ সমমৰ্যদা আৰু সমমূল্য
১। উত্তৰ লিখা-
(ক) শ্ৰমৰ সমমৰ্যদা মানে কি?
উত্তৰঃ পুৰুষ মহিলা নিৰ্বিশেষে ব্যক্তিয়ে কৰা কামক স্বীকৃতি দিয়াকে শ্ৰমৰ সমমৰ্যদা বোলে।
(খ) শ্ৰমৰ সমমূল্য মানে কি?
উত্তৰঃ পুৰুষ মহিলা নিৰ্বিশেষে ব্যক্তিয়ে কৰা কামৰ উচিত মূল্য প্ৰদান কৰাকে শ্ৰমৰ সমমূল্য বোলে।
(গ) প্রতিভা দেৱী সিং পাটিলৰ কৰ্মজীৱন কেনেকৈ আৰম্ভ হৈছিল?
উত্তৰঃ এগৰাকী উকিল হিচাপে প্ৰতিভা দেৱী সিং পাতিলৰ কৰ্মজীৱন আৰম্ভ হৈছিল।
(ঘ) মামণি ৰয়ছম গোস্বামীয়ে কিমান বয়সৰ পৰা সাহিত্য সাধনাত ব্ৰতী হয়?
উত্তৰঃ ১৩ বছৰ বয়সৰ পৰা মামণি ৰয়ছম গোস্বামীয়ে সাহিত্য সাধনাত ব্ৰতী হয়।
(ঙ) কল্পনা চাওলাই কোন বিষয়ত ডিগ্রী লাভ কৰিছিল?
উত্তৰঃ কল্পনা চাওলাই এগৰাকী বৈমানিক অভিযন্ত্ৰা হিচাপে ডিগ্ৰী লাভ কৰিছিল।
(চ) কলেজীয়া জীৱনত কি খেলত বাচেন্দ্ৰীয়ে প্রথম পুৰস্কাৰ লাভ কৰিছিল ?
উত্তৰঃ কলেজীয়া জীৱনত বাচেন্দ্ৰীয়ে ৰাইফল শ্বু টিঙত প্ৰথম পুৰস্কাৰ লাভ কৰিছিল।
২। উত্তৰ লিখা-
(ক) পুৰুষ মহিলাৰ পাৰস্পৰিক সমমৰ্যদা আৰু সহযোগিতাই সমাজ এখনৰ উন্নতিত কেনেদৰে অৰিহণা যোগায়?
উত্তৰঃ সমতা গণতন্ত্রৰ এক অন্যতম বৈশিষ্ট্য। ভাৰতৰ সংবিধানে সমতাৰ অধিকাৰক মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিছে। এই সমতা শব্দটোৱে আমাৰ দেশত জাতি, ধর্ম, বর্ণ, লিংগভেদে সকলো মানুহৰে সকলো বিষয়তে সমান অধিকাৰৰ কথাকে সূচাইছে। কিন্তু বাস্তৱত আমি দেখিবলৈ পাওঁ যে আমাৰ দেশত পুৰুষ আৰু মহিলাৰ মাজত সমতাৰ কথাটোৱে বেছি গুৰুত্ব পােৱা নাই। লিংগ বৈষম্যৰ কৱলত আমাৰ সমাজৰ অধিকাংশ এতিয়াও নিমজ্জিত। কিন্তু সমাজ বা দেশ এখন প্রগতিৰ পথত আগুৱাই যাবলৈ হ'লে এনে বৈষম্যৰ অৱসান ঘটিবই লাগিব। যদি সমাজৰ আটাইবোৰ ছোৱালী আৰু মহিলাই পুৰুষৰ সমানে নিজ দক্ষতাক প্রকাশ কৰাৰ সুযোগ পায়, তেতিয়াহ'লে সমাজ বা দেশৰ উন্নতি হ’ব। আজিৰ দিনত মহিলাসকলে দেশক ৰাজনৈতিক, সামৰিক, বিজ্ঞান, কলা-শিক্ষা আৰু সংস্কৃতি তথা খেলা ধূলা সকলো দিশতে নেতৃত্ব দি নিজৰ যোগ্যতা সাব্যস্ত কৰিবলৈ সক্ষম হৈছে। নাৰী শক্তিক আওকান কৰি কোনো সমাজব্যস্থা স্বাৱলম্বী হৈ উঠিব নোৱাৰে। পুৰুষ-মহিলাৰ সমমর্যাদা আৰু পাৰস্পৰিক সহযোগিতাইহে উন্নতিৰ পথ মসৃণ কৰে। দেশৰ আৰু দহৰ কল্যাণৰ হকে পুৰুষ-মহিলা নির্বিশেষে আটায়ে সমানে দায়বদ্ধ। সেয়েহে মহিলাক পুৰুষতকৈ দুর্বল বুলি ভবাৰ থল নাই।
(খ) লিংগ বৈষ্যমৰ কবলত আমাৰ সমাজৰ অধিকাংশ এতিয়াও নিমজ্জিত, কেনেকৈ?
উত্তৰঃ লিংগ বৈষ্যমৰ কবলত আমাৰ সমাজৰ অধিকাংশ এতিয়াও নিমজ্জিত, কথাষাৰ সত্য। ঘৰ এখনত কন্যা শিশুৰ পঢ়া-শুনা আৰু খেলা-ধূলাৰ ক্ষেত্ৰত যিবোৰ বাধ্য-বাধকতা আৰোপ কৰা হয়, সন্তানটো ল’ৰা হ’লে সেইখিনিত বহু শিথিলতা দেখা যায়। বহু সময়ত সমাজত মহিলাসকলে কৰা কামৰ স্বীকৃতি নাপায় বা তেওঁলোকে কৰা কামৰ উচিত মূল্য দিয়া নহয়। ঘৰুৱা কামত মহিলাসকল পুৰুষতকৈ অধিক জড়িত হৈ থাকিব লাগে বুলি এটা পৰম্পৰা আমাৰ সমাজত এতিয়াও প্ৰচলিত হৈ আছে। আনহাতে ঘৰৰ বাহিৰৰ কামবোৰ অধিক কষ্টসাধ্য বুলি ধৰা হয় আৰু সেইবোৰৰ বাবে মহিলাসকলক উপযোগী বুলি ধৰি লোৱা নহয়। তাৰোপৰি মহিলাসকলে কৰা কামৰ ভট্টা বা মজুৰি পুৰুষৰ তুলনাত কম।
(গ) সমাজৰ উন্নতিত মহিলাৰ ভূমিকা কিয় অপৰিহাৰ্য?
উত্তৰঃ সমাজৰ উন্নতিত মহিলাৰ ভূমিকা অপৰিহাৰ্য। পৰম্পৰাগত ধাৰণা অনুসৰি মহিলাসকলক সমাজত ঘৰুৱা কামকাজৰ মাজতে আৱদ্ধ কৰি ৰখাৰ ব্যৱস্থা আছিল। কিন্তু কালক্ৰমত শিক্ষা ব্যৱস্থা উন্নতি হোৱাৰ ফলত মহিলাসকলৰ লগত জড়িত সমাজৰ বহুতো পৰম্পৰা সলনি হয়। পুৰুষসকলৰ দৰে মহিলাসকলো আজিৰ দিনত কৃষি, উদ্যোগ, সেৱা সকলোতে যথেষ্ট পাৰদৰ্শী ভূমিকা পালন কৰিছে। মহিলাসকল সাধাৰণতে মেধাসম্পন্ন আৰু কষ্টসহিষ্ণু। নিজৰ আত্মবল আৰু আত্মবিশ্বাসৰ বলত তেওঁলোকে সকলো বাধা নেওচি নিজ প্রতিভাক বিকশিত কৰিব পাৰে তথা সমাজৰ প্ৰগতিত নিজৰ অৱদান আগবঢ়াব পাৰে।
৩। খালী ঠাই পূৰ কৰাঃ
(ক) নাৰী আৰু পুৰুষৰ শ্ৰমৰ সমমর্যদা অবিহনে সমাজৰ উন্নতি সম্ভৱ নহয়।
(খ) সমাজৰ উন্নতি ত পুৰুষৰ সমানেই মহিলাৰ অৱদানো অনস্বীকার্য।
(গ) সমতা গণতন্ত্র এক অন্যতম বৈশিষ্ট্য।
(ঘ) মহিলা সকলো পুৰুষৰ সমানে দূৰদৰ্শী আৰু দায়িত্বশীল।
(ঙ) আমাৰ সমাজৰ ছোৱালীসকল ল'ৰাৰ সমানেই পৰিশ্ৰমী আৰু বুদ্ধিদীপ্ত।
।। ধন্যবাদ ।।







Comments
Post a Comment