Skip to main content

You may also like this

4-tag:ENGLISH 3-185px-mosaic

ASSAMESE POEM RECITATION

3-tag:POEM RECITATION-350px-list

পাঠ ৫ মানৱ সৃষ্ট পৰিৱেশ Class 7 Social Science

পাঠ ৫. মানৱ সৃষ্ট পৰিৱেশ


Download SCERT Class 7 Social Science Textbook 👉 Click here 

অনুশীলনীঃ 

১। কেৱল উত্তৰ লিখা-
(ক) পৰিৱেশক ঘাইকৈ কেইটা ভাগত ভগাব পাৰি?
উত্তৰঃ পৰিৱেশ ঘাইকৈ দুটা ভাগত ভগাব পাৰি।

(খ) মানুহৰ উপকাৰত অহা আৰু আৰ্থিক মূল্য থকা বস্তুবোৰক কি বোলে?
উত্তৰঃ মানুহৰ উপকাৰত অহা আৰু আৰ্থিক মূল্য থকা ভাল বস্তুবোৰক সম্পদ বোলে। 

(গ) ভাৰত চৰকাৰৰ কোনটো মন্ত্ৰণালয়ে দেশৰ মানৱ সম্পদ উন্নয়নৰ দিশটো চোৱা-চিতা কৰে?
উত্তৰঃ ভাৰত চৰকাৰ 'মানৱ উন্নয়নৰ মন্ত্ৰণালয়ে' দেশৰ মানৱ সম্পদ উন্নয়ন দিশটো চোৱা-চিতা কৰে।

(ঘ) ভূ- প্ৰকৃতিৰ ভিত্তিত অসমক কেইটা ভাগত ভগোৱা হৈছে?
উত্তৰঃ ভূ প্ৰকৃতিৰ ভিত্তিক অসমক দুটা ভাগত ভগোৱা হৈছে। 

(ঙ) উত্তৰ কাছাৰ পাৰ্বত্য জিলাক বতমান কি নামেৰে জনা যায়?
উত্তৰঃ কাছাৰ পাৰ্বত্য জিলাক বৰ্তমান ডিমা-হাছাও নামেৰে জনা যায়।


২। খালী ঠাই পূৰ কৰাঃ
(ক) মানৱ সৃষ্ট পৰিৱেশক সাংস্কৃতিক পৰিৱেশো বোলা হয়।
(খ) শাৰীৰিক আৰু মানসিকভাৱে কাম কৰিবলৈ সক্ষম ব্যক্তিক মানৱ সম্পদ বোলে। 
(গ) আন সকলো সম্পদৰ তুলনাত মানৱ সম্পদ শ্ৰেষ্ঠ সম্পদ।
(ঘ) অসম দক্ষিণ পশ্চিম মৌছুমি জলবায়ুৰ গতি পথত অৱস্থিত।
(ঙ) অসমৰ কৃষি উতপাদিত শস্যক তিনিটা প্ৰধান ভাগত ভাগ কৰিব পাৰি।

৩। শুদ্ধ উত্তৰটো বাছি লিখা-
(ক) মানৱ সৃষ্ট পৰিৱেশৰ উপাদান এটা হ'ল গছ-গছনি/বাসগৃহ।
উত্তৰঃ বাসগৃহ।

(খ) জাপান পৃথিৱীৰ ভিতৰত উল্লেখযোগ্য উদ্যোগ প্ৰধান / কৃষি প্ৰধান দেশ।
উত্তৰঃ উদ্যোগ প্ৰধান।

(গ) অসমৰ নদী উপত্যকা অঞ্চলৰ বাসিন্দাসকলৰ জীৱিকা চাকৰি / কৃষি।
উত্তৰঃ কৃষি।

(ঘ) পাহাৰীয়া অঞ্চলত জনবসতি ঘন/ সেৰেঙা।
উত্তৰঃ সেৰেঙা।

(ঙ) কাবি আংলং/ উত্তৰ কাছাৰ পাবত্য জিলাৰ বতমান নাম ডিমা হাছাও।
উত্তৰঃ উত্তৰ কাছাৰ।

৪। শুদ্ধ অশুদ্ধ লিখা -
(ক) মানৱ সৃষ্ট পৰিৱেশক কৃত্ৰিম পৰিৱেশ হিচাপেও জনা যায়।
উত্তৰঃ- অশুদ্ধ।

(খ) প্ৰাকৃতিক পৰিৱেশৰ উপাদানসমূহ ব্যৱহাৰ কৰি মানৱ সৃষ্ট পৰিৱেশৰ উপাদান সমূহ সৃষ্টি কৰা হয়।
উত্তৰঃ শুদ্ধ।

(গ) মানৱ সৃষ্ট পৰিৱেশ পৰিৱতনশীল।
উত্তৰঃ শুদ্ধ। 

(ঘ) শাৰীৰিক আৰু মানসিকভাৱে উতপাদনমুখী কাম কৰিবলৈ সক্ষম ব্যক্তিসকল মানৱ সম্পদ।
উত্তৰঃ শুদ্ধ। 

(ঙ) ভূ- প্ৰকৃতিৰ ভিত্তিত অসমক দুটা সুকীয়া ভূ-খণ্ডত বিভিক্ত কৰিব পাৰি।
উত্তৰঃ শুদ্ধ। 
৫। চমু উত্তৰ লিখা- (৪০ টা মান শব্দৰ ভিতৰত )
(ক) সমাজ উন্নয়নত মানৱ সম্পদৰ ভূমিকা।
উত্তৰঃ যি সকল ব্য়ক্তি শাৰীৰিক আৰু মানসিকভাৱে কোনো উৎপাদন মুখী কাম কৰি সমাজৰ বিকাশৰ অৰিহনা আগবঢ়াবলৈ সক্ষম সেই সকল ব্যক্তি মানৱ সম্পদ। মানুহৰ বিভিন্ন কাম-কাজে মানৱ সভ্যতাৰ উত্তৰণ ঘটাইছে। মানুহে উদ্ভাৱন কৰা বিভিন্ন সা-সামগ্ৰীয়ে আমাৰ জীৱন-ধাৰণৰ মান উন্নত কৰি তুলিছে। ছপাযন্ত্ৰ কম্পিউটাৰ, কৃত্ৰিম উপগ্ৰহ আদিৰ উদ্ভাৱনে আমাৰ সভ্যতা দ্ৰুত গতিত আগবঢ়াই নিছে। পৰিবহণ আৰু যোগাযোগ ব্যৱস্থাৰ উন্নতিয়ে গোটেই পৃথিৱীখনকে আজি এখন বিশাল গোলকীয় গাঁওলৈ পৰ্যবসিত কৰিছে। মানৱ সম্পদত চহকী দেশ স্বাভাৱিকতে উন্নত। উদাহৰণ হিচাপে, তুলনামূলকভাৱে প্ৰাকৃতিক সম্পদত জাপান বেছি চহকী নহয়। কিন্তু জাপানত কাৰিকৰী দিশত পাৰ্গত আৰু উচ্চ শিক্ষিত লোকৰ অভাৱ নাই। এই লোকসকল সেই দেশৰ মানৱ সম্পদ। অন্য দেশৰ পৰা আমদানি কৰা কেচা সামগ্ৰী ব্যৱহাৰ কৰি ইয়াৰ মানৱ সম্পদে জাপানত পৃথিৱীৰ ভিতৰত এখন আগশাৰীৰ উদ্যোগ প্ৰধান আৰু ধনী দেশত পৰিণত কৰিছে।

(খ) অসমৰ জনবসতি বিস্তাৰৰ ওপৰত নদী উপত্যকাৰ সমভূমিৰ প্ৰভাৱ।
উত্তৰঃ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী আৰু ইয়াৰ উপনৈৰে গঠিত উপত্যকা অঞ্চলৰ ভূ-প্ৰকৃতি প্ৰায় সমান। এই দুয়োটা উপত্যকা নদীৰ পলসুৱা মাটিৰে গঠিত আৰু কৃষি-কাৰ্যৰ উপযোগী। ইয়াত মানুহৰ মুখ্য জীৱিকা কৃষি। এই অঞ্চলত পৰিৱহণ উন্নত। ঠায়ে ঠায়ে কিছুসংখ্যক শিল্প-উদ্যেগ গঢ়ি উঠিছে। পৰিবহণৰ সুবিধাৰ কাৰণে ব্যৱসায় বাণিজ্যৰো প্ৰসাৰ ঘটিছে। এই অঞ্চলত ৰাজ্যৰ চহৰ, মহানগৰ সমূহো অৱস্থিত। ইয়াত মানুহৰ জীৱন ধাৰণৰ প্ৰণালী সুবিধাজনক হোৱা কাৰণে জনবসতি অতি ঘন।
৬। বহলাই লিখা- (৮০ টা মান শব্দৰ ভিতৰত )
(ক) মানৱ সৃষ্ট পৰিৱেশ কাক বোলে আৰু ইয়াৰ উপাদান সমূহ কি কি? এই পৰিৱেশ গঢ় দিয়াত মানুহৰ ভূমিকা সম্পৰ্কে লিখা।
উত্তৰঃ মানুহে জ্ঞান বুদ্ধি, কৌশল খটুৱাই প্ৰাকৃতিক উপাদানসমূহ মানুহৰ প্ৰয়োজনীয় কামত ব্যৱহাৰ কৰে। এনে কাম-কাজে কোনো এখন ঠাইত যি এক সুকীয়া পৰিস্থিতি সৃষ্টি কৰে তাকেই সেই ঠাইখনৰ মানৱ সৃষ্ট পৰিৱেশ বোলে আৰু ইয়াৰ উপাদানসমূহ হ’ল- ৰাস্তা-ঘাট, দলং, বাসগৃহ, উদ্যোগ, পৰিয়াল, সামাজিক ৰীতি-নীতি, কৃষ্টি-সংস্কৃতি, ধৰ্মীয় আচৰণ, শিক্ষা-ব্যৱস্থা, ৰাজনৈতিক কাম-কাজবোৰো মানৱ সৃষ্ট পৰিৱেশৰ উপাদান।
        মানৱ সৃষ্ট পৰিৱেশৰ উপাদানসমূহ সৃষ্টি কৰিবলৈ মানুহে প্ৰকৃতিক পৰিৱেশৰ উপাদানসমূহ সংগ্ৰহ কৰিব লগা হয়। মানুহৰ এই কাৰ্যৰ ফলত এফালে মানৱ সৃষ্ট পৰিৱেশৰ উন্নয়ন হ’লেও প্ৰকৃতিক উপাদানসমূহৰ অত্যাধিক আহৰণে প্ৰকৃতিৰ স্বাভাৱিক অৱস্থাৰ ক্ষতিসাধন কৰে। এনেকৈয়ে পৰিৱেশ প্ৰদূষণ হ’বলৈ ধৰে। এই প্ৰদূষণে মানৱ সমাজক ক্ষতিগ্ৰস্ত কৰে।

(খ) কি কি কাৰণত অসমত বানপানী হয়? বানপানীৰ সৈতে সহাৱস্থান কৰাৰ ফলাপ্ৰসূ যুক্তি দি দুটা ব্যৱস্থা উল্লেশ কৰা।
উত্তৰঃ অসমত বানপানী হোৱাৰ কাৰণ হ’ল –
    (ক) অসমৰ নদীসমূহে পাহাৰীয়া উপতি অশ্চলত হোৱা ভূমি ক্ষয়ৰ মাটি, শিল বালিবোৰ বোৱাই আনি সমভূমি অংশৰ তলি ভাগত জমা কৰে। এই ধৰণে নদীসমূহ বাম হৈ পৰিছে আৰু পানী বহন ক্ষমতা হ্ৰাস পাইছে। ইয়াৰ বাবে সঘনাই বানপানীৰ সৃষ্টি হয়।
 (খ)ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উত্তৰ পাৰে থকা উপনৈসমূহে বাৰিষা বৰষুণৰ পানীৰ উপৰিও হিমালয়ৰ বৰফগলা অতিৰিক্ত পানী বহন কৰে, যাৰ বাবে দুয়োপাৰ উপচিপৰি বানপানীৰ সৃষ্টি হয়।
        বানপানীৰ সৈতে সহাৱস্থান কৰা ফলপ্ৰসূ যুক্তি দি দুটা ব্যৱস্থা হ’ল-
    (ক) বানাক্ৰান্ত অঞ্চলত বানপানী নোহোৱা সময়ত কৰিব পৰা কৃষি ব্যৱস্থাত গুৰুত্ব দিয়া। ইয়াৰ উপাদানৰ উপাৰ্জনেৰে প্ৰয়োজনীয় ধান-চাউল ক্ৰয় কৰাৰ ব্যৱস্থা কৰা।
    খ) বানপানী হোৱাৰ আগতে প্ৰয়োজনীয় ঔষধ, খাদ্য সামগ্ৰী, অস্থায়ী গৃহ-নিৰ্মাণৰ সামগ্ৰী, বীজাণুনাশক দ্ৰব্য মজুত কৰি ৰখা।



Comments

3-popular-180px-course