Skip to main content

You may also like this

4-tag:ENGLISH 3-185px-mosaic

ASSAMESE POEM RECITATION

3-tag:POEM RECITATION-350px-list

পাঠ ৪ আমাৰ পৰিৱেশ Class 7 Social Science

পাঠ-৪  আমাৰ পৰিৱেশ



Download Class 7 Social Science Textbook Lesson wise 👉.  Click here 


১। উত্তৰ লিখা।
(ক) পৰিৱেশ মানে কি?
উত্তৰঃ পৰিৱেশ হ’ল আমাৰ চাৰিওফালৰ উপাদানবিলাকৰ সম্বন্বয়ত গঢ়ি উঠা এক স্বাভাৱিক অৱস্থা। 

(খ) পৰিৱেশ কেই প্ৰকাৰৰ আৰু কি কি?
উত্তৰঃ পৰিৱেশ দুই প্ৰকাৰৰ– প্ৰাকৃতিক পৰিৱেশ আৰু মানৱ সৃষ্ট পৰিৱেশ।

(গ) পৰিৱেশৰ প্ৰধান উপাংশসমূহ কি কি?
উত্তৰঃ পৰিৱেশৰ প্ৰধান উপাংশসমূহ দুটা ভাগত ভাগ কৰিব পাৰি – 
(ক) জৈৱিক উপাংশ- পৰিৱেশত থকা আটাইবোৰ প্ৰাণী, উদ্ভিদ, ভেঁকুৰ, বেক্টেৰিয়া আদি।

(খ) অজৈৱিক উপাংশ- বায়ু (বায়ুমণ্ডল), পানী (জলমণ্ডল), মাটি (স্থলমণ্ডল) আদি।
(ঘ) মানৱ সৃষ্ট পৰিৱেশ কেনেদৰে সৃষ্টি হয়?
উত্তৰঃ মানুহে নিজৰ প্রয়োজন পূৰাবলৈ বিভিন্ন উপায়েৰে নিজৰ পৰিৱেশত থকা সমলবোৰ কামত খটুৱায়। এনে কাৰ্যৰ ফলত, পৰিৱেশত কিছু পৰিৱৰ্তন সাধন হয় আৰু নতুন পৰিৱেশ এটা গঢ় লৈ উঠে। এনেদৰে মানুহে নিজৰ সুবিধা মতে গঢ়ি তোলা পৰিৱেশেই মানৱ সৃষ্ট পৰিৱেশ।

২। শুদ্ধ উত্তৰত শুদ্ধ চিন দিয়া।
(ক) কোনটো মানৱ সৃষ্ট পৰিৱেশৰ উপাদান নহয়?
(১) মাটি 
(২) শিক্ষানুষ্ঠান
(৩) পৰিবহণ ব্যৱস্থা
উত্তৰঃ (১) মাটি।
 
(খ) কোনটো প্রাকৃতিক পৰিৱেশৰ উপাদান নহয়?
(১) পর্বত
(২) ঘৰ 
(৩) নদী
উত্তৰঃ (২) ঘৰ।
 
(গ) তলৰ কোনবোৰে পৰিৱেশৰ ক্ষতি কৰে?
(১) গছ-গছনি
(২) কল-কাৰখানাৰ আৱৰ্জনা
(৩) খাদ্য শস্যৰ বৃদ্ধি
(৪) জনসংখ্যা বৃদ্ধি
(৫) জীৱ-জন্তু নিঃশেষ হলে।

উত্তৰঃ
(২) কল-কাৰখানাৰ আৱৰ্জনা,
(৪) জনসংখ্যা বৃদ্ধি,
(৫) জীৱ-জন্তু নিঃশেষ হলে।
 
৩। বাওফালৰ সৈতে সোঁফালৰ মিল থকা অংশ চিনেৰে মিলোৱা।
বাওঁফাল                      সোঁফাল
(ক) আমাৰ চৌপাশ (ক) মাটি
(খ) জলমণ্ডল।        (খ) বায়ু
(গ) স্থলমণ্ডল।         (গ) পৰিৱেশ    
(ঘ) জীৱমণ্ডল         (ঘ) পানী
(ঙ) বায়ুমণ্ডল।        (ঙ) জীৱ-জগত
উত্তৰঃ
(ক) আমাৰ চৌপাশ - (গ) পৰিৱেশ
(খ) জলমণ্ডল - (ঘ) পানী
(গ) স্থলমণ্ডল - (ক) মাটি
(ঘ) জীৱমণ্ডল - (ঙ) জীৱ-জগত
(ঙ) বায়ুমণ্ডল - (খ) বায়ু
 
৪। জৈৱিক উপাংশৰ উপাদানসমূহ কেনেদৰে পৰিৱেশত বৰ্তি থাকে ৮০ টা মান শব্দৰ ভিতৰত লিখা।
উত্তৰঃ জৈৱিক উপাংশৰ সকলো উপাদানেই এটাৰ ওপৰত আনটো নিৰ্ভৰ কৰি পৰিৱেশত বাচি থাকে। উদাহৰণস্বৰূপে- সেউজীয়া উদ্ভিদে সৌৰশক্তি (সূৰ্যৰ তাপ, পোহৰ)ৰ সহায়ত জীয়াই থাকে। তৃণভোজী প্রাণীয়ে ইহঁতক খাদ্য হিচাপে গ্রহণ কৰে। সেই প্রাণী মাংসাহাৰী প্রাণীয়ে খায়। যেনে- গৰু, ছাগলী, হৰিণা আদিয়ে ঘাঁহ খায়। বাঘ, সিংহ আদিয়ে আকৌ গৰু ছাগলী, হৰিণা আদি ভক্ষণ কৰে। উদ্ভিদ, তৃণভোজী আৰু মাংসাহাৰীৰ মৃত্যু হলে জীৱাণুয়ে পচাই মাটিত মিলাই দিয়ে। ইয়াৰ পৰা বুজা গল যে একে পৰিৱেশত থকা সকলোবোৰ উপাদানে পৰস্পৰ সম্পৰ্কৰ জৰিয়তে একেলগে জীৱন নির্বাহ কৰে। 

৫। তুমি কেনেকুৱা পৰিৱেশত থাকিব বিচৰা চমুকৈ লিখা। (১০০ টা মান শব্দৰ ভিতৰত লিখা।)
উত্তৰঃ 
১) পৰিবেশত থকা প্ৰতিটো জীৱিত উপাদানে যেনেকৈ ইটো সিটোৰ লগত পৰস্পৰ সম্পৰ্ক ৰক্ষা কৰি চলে আমিও প্ৰত্যেকে তেনেকৈ আমাৰ চৌপাশৰ পৰিৱেশৰ লগত সহমৰ্মিতা দেখুওৱাটো উচিত।
২) পৰিৱেশৰ লগত সদ্ভাৱ দেখুৱাই আমি সকলো জীৱ-জন্তুৰ প্ৰতি দয়াশীল হোৱা উচিত। যধে মধে গছ-বন কটা অনুচিত। অবৈধ হাৰত বৃদ্ধি পোৱা বায়ু ,পানী আৰু মাটি প্ৰদূষণেই ক্ৰমাগত পৰিবেশ ধ্বংসৰ মূল। গতিকে, আমি আমাৰ কাৰ্যাৱলীসমূহ নিয়ন্ত্ৰণ কৰিলেই প্ৰদূষণ নিয়ন্ত্ৰণলৈ আহিব। প্ৰদূষণমুক্ত পৃথিৱী এখনত বাস কৰিবলৈ আমি সকলো আগ্ৰহী। 
৩) আমি সম্পদৰ বহনক্ষমতাৰ ওপৰতো দৃষ্টি ৰখা উচিত। আমাৰ হাতত থকা সমল বা সম্পদবোৰ এনেধৰণে ব্যৱহাৰ কৰা উচিত যাতে সেইয়া ভৱিষ্যত প্ৰজন্মৰ বাবে সংৰক্ষিত হৈ থাকে।     




Comments

3-popular-180px-course