পাঠ-৩ পৃথিৱীৰ উপৰিভাগ আৰু ইয়াৰ পৰিৱৰ্তন
১। তলত দিয়াবোৰৰ উত্তৰ লিখা— (৩০টা মান শব্দৰ ভিতৰত)
(ক) বায়ুমণ্ডল বুলিলে কি বুজা?
উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰ বায়ুৰ আৱৰণটোকে বায়ুমণ্ডল বুলি কোৱা হয়।
(খ) ফলকবোৰ এক বছৰত কিমান লৰচৰ কৰে?
উত্তৰঃ ফলকবোৰ এক বছৰত ১ৰ পৰা ১.৫ ছে মি পৰ্যন্ত গতি কৰে।
(গ) সাময়িক বতাহৰ বিষয়ে লিখা।
উত্তৰঃ বছৰৰ বিভিন্ন ঋতুত ভিন্ন বতাহ বলা দেখা যায়। এই বতাহৰ কাৰণ হ'ল বায়ুমণ্ডলত হোৱা তাপ আৰু চাপৰ তাৰতম্য। ইয়াৰ ফলত বায়ুৰ চাপৰো তাৰতম্য ঘটে। এনে তাৰতম্যৰ ফলত উচ্চ চাপঅঞ্চলৰ পৰা নিম্নচাপ অঞ্চললৈ যি বতাহ বলে তাকে সাময়িক বতাহ বোলে। জলবতাহ, স্থলবতাহ, মৌচুমী বতাহ আদি সাময়িক বতাহ।
(ঘ) বালিস্তূপ কি?
উত্তৰঃ মৰুভূমিৰ কোনো কোনো অঞ্চলত বতাহৰ গতি কমি আহিলে ই কঢ়িয়াই অনা শিল বালিবোৰ জমা হৈ বালিস্তূপ সৃষ্টি হয়।
(ঙ) অশ্বখুৰাকৃতিৰ হ্রদ কি?
উত্তৰঃ সমভূমি অঞ্চলত নদীৰ গতিপথ একা-বেঁকা হয়। নদীৰ এই গতিক সর্পিল গতি বুলি কোৱা হয়। কেতিয়াবা নদীৰ এই ভাজৰ মাত্রা বাঢ়ি যায়। খৰালি কালত নদীৰ পানী কম থাকিলে এই ভাজে ভাজে নদী বৈ থাকে কিন্তু বাৰিষা নদীৰ পানী বাঢ়িলে তেনে ভাজ এৰি নদী প্রচণ্ড শক্তিৰে পোনে পোনে ববলৈ ধৰে। নদীয়ে এৰি যোৱা ভাজটোৰ মুখত বালি জমা হৈ মূল নদীৰ পৰা বিচিন্ন হয় আৰু ভাজটো বিল বা হ্রদত পৰিণত হয়। ঘোঁৰাৰ খুৰাৰ আকৃতিৰ এনেকুৱা জলাশয়বোৰক অশ্বখুৰাকৃতিৰ হ্রদ বোলে।
২। শুদ্ধ উত্তৰটোত চিন দিয়া
(i) তলৰ কোনবিধ গেছে আমাক সূৰ্যৰ অনিষ্টকাৰী ৰশ্মিৰ পৰা ৰক্ষা কৰে?
(ক) কার্বন-ডাই-অক্সাইড (খ) নাইট্র’জেন (গ) অ’জন
উত্তৰঃ (গ) অ’জন
(ii) হিমবাহৰ অৱক্ষেপ বোৰৰ নাম হ'ল
(ক) প্লাৱনভুমি (খ) কাঠফুলা (গ) গ্রাৱ
উত্তৰঃ (গ) গ্রাৱ
(iii) পানীৰ ৰূপত পৃথিৱীত পৰা অর্ধক্ষেপণৰ নাম—
(ক) বৰষুণ (খ) মেঘ (গ) বৰফ
উত্তৰঃ (ক) বৰষুণ।
(iv) কাঠফুলা আকৃতিৰ শিলা পোৱা ঠাই –
(ক) মৰুভূমি (খ) নদী উপত্যকা (গ) প্লাবন ভূমি
উত্তৰঃ (ক) মৰুভূমি।
(v) মানুহৰ বাবে বায়ুমণ্ডলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্তৰটো হল-
(ক) মেছ'স্ফিয়েৰ (খ) ষ্ট্ৰেট’স্ফিয়েৰ (গ) ট্ৰপস্ফিয়েৰ
উত্তৰঃ (গ) ট্ৰপস্ফিয়েৰ
(vi) অশ্বখুৰাকৃতিৰ হ্রদ সৃষ্টি হোৱা ঠাই -
(ক) হিমবাহ অঞ্চল (খ) নদী উপত্যকা (গ) মৰুভূমি
উত্তৰঃ (খ) নদী উপত্যকা।
৩। বাওঁফালৰ কথাখিনিৰ লগত সোঁফালৰ কথাখিনি মিলোৱা-
বাওঁফাল - সোঁফাল
(ক) বাণিজ্য বতাহ - নদীৰ মধ্য অংশ
(খ) হিমবাহ - স্থানীয় বতাহ
(গ) লু - অ'জন স্তৰ
(ঘ) সর্পিল গতি - বৰফৰ নদী
(ঙ) ষ্ট্ৰেট’স্ফিয়েৰ - নিয়ত বতাহ
ভূমিকম্প
উত্তৰঃ
(ক) বাণিজ্য বতাহ
(ঙ) নিয়ত বতাহ
(খ) হিমবাহ
(ঘ) বৰফৰ নদী
(গ) লু
(খ) স্থানীয় বতাহ
(ঘ) সৰ্পিল গতি
(ক) নদীৰ মধ্য অংশ
(ঙ) ষ্ট্ৰেট’স্ফিয়েৰ
(গ) অ'জন স্তৰ
৪। কাৰণ দৰ্শোৱা (৫০টা মান শব্দৰ ভিতৰত)
(ক) সেমেকা বতৰত তিতা কাপোৰ সোনকালে নুশুকায়।
উত্তৰঃ সেমেকা বতৰত বায়ুমণ্ডলত অত্যাধিক জলীয়ভাপ থাকে আৰু সেয়েহে এনে অৱস্থাত বায়ুৰ অধিক জলীয় বাষ্প ধাৰণ ক্ষমতা নাথাকে। এনে বতৰত তিতা কাপোৰ বতাহত মেলি দিলে সোকাবলৈ সময় লয়।
(খ) প্লাৱনভূমি বোৰ বৰ সাৰুৱা।
উত্তৰঃ প্লাৱন ভূমিবোৰ নদীয়ে কঢ়িয়াই অনা বোকা আৰু বালিৰ গেদৰ উপৰিও শিলৰ টুকুৰা, গছ-গছনিৰ ডাল-পাত অৱশিষ্ট, জাৱৰ-জোথৰৰ দ্বাৰা গঠিত হয় বাবে সেইবোৰ সাৰুৱা বা উৰ্বৰা শক্তি অধিক।
(গ) মৰুভূমিত থকা কিছুমান শিলা কাঠফুলা আকৃতিৰ।
উত্তৰঃ মৰুভূমিত বতাহে অতি পাতল ধূলিকণাবোৰ দূৰলৈ উৰুৱাই নিয়ে। কিন্তু বালিকণা বা সেই আকাৰৰ পদার্থবোৰ বেছি। দূৰলৈ উৰুৱাই নিব নােৱাৰে। এটা নির্দিষ্ট উচ্চতাত বতাহে উৰুৱাই নিয়া বালিৰ কণিকাবোৰৰ খনন ক্ষমতা বেছি। সেইবাবে মৰুভূমিৰ বুকুত থকা শিলাখণ্ডবোৰৰ এক বিশেষ উচ্চতাত বেছিকৈ ক্ষয় গৈ কাঠফুলা আকৃতিৰ শিলাৰ সৃষ্টি কৰে।
(ঘ) বিষুবীয় অঞ্চলতকৈ দুই মেৰু অঞ্চল শীতল।
উত্তৰঃ সূৰ্যৰ ৰশ্মি বিষুৱীয় অঞ্চলত পোনপটীয়াকৈ পৰে আৰু মেৰু অঞ্চলত হেলনীয়াকৈ পৰে। সেইবাবে বিষুবীয় অঞ্চলতকৈ দুই মেৰু অঞ্চল শীতল।







Comments
Post a Comment