পাঠ ৮ উত্তৰ পূব ভাৰত
১) উত্তৰ লিখা-
(ক) উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যক আগতে নেফা বুলি জনা গৈছিল?
উত্তৰঃ অৰুণাচল প্ৰদেশক আগতে নেফা বুলি জনা গৈছিল।
(খ) কোনখন ৰাজ্যৰ ঠেক সমভূমি অংশই উত্তৰ-পূব ভাৰতক ভাৰত ভূখণ্ডৰ লগত সংযোগ কৰিছে?
উত্তৰঃ পশ্চিমবংগৰ ঠেক সমভূমি অংশই উত্তৰ-পূব ভাৰতক ভাৰত ভূখণ্ডৰ লগত সংযোগ কৰিছে।
(গ) উত্তৰ-পূব ভাৰতৰ প্ৰধান নদী কেইখন আৰু কি কি?
উত্তৰঃ উত্তৰ- পূব ভাৰতৰ প্ৰধান নদীসমূহ-
অৰুণাচল প্ৰদেশ- লুইত, সোৱণশিৰি, ছিয়াং, জীয়াভৰালী।
অসম- ব্ৰহ্মপুত্ৰ, বৰাক, সোৱণশিৰি, মানাহ, জীয়াভৰালী, বঢ়ীদিহিং, কপিলী, ধনশিৰি।
ত্ৰিপুৰা- ফেনী, গোমতী, খোৱাই, মহুৰি।
মণিপুৰ- বৰাক, ইম্ফল, ইৰিল।
নাগালেণ্ড- ঝুমকি, দয়াং, টিজু।
মিজোৰাম- কালাদন, টুইভাই, সোণাই, টলং, লঙ্গাই।
মেঘালয়- ডিগাৰু (উমট্ৰু), বৰাপানী (উমিয়াম), সোমেশ্বৰী, দুধনৈ।
(ঘ) পাহাৰীয়া অঞ্চলতকৈ সমভূমি অঞ্চল কৃষি কাৰ্যত আগবঢ়া কিয়?
উত্তৰঃ তুলনামূলকভাৱে পাহাৰীয়া অঞ্চলতকৈ সমভূমি অঞ্চলত কৃষি কাৰ্য কৰিবলৈ সুবিধাজনক। পাহাৰীয়া অঞ্চলবোৰলৈ উচ্চতাৰ বাবে কৃষিৰ প্ৰয়োজনীয় সা-সামগ্ৰীবোৰ কঢ়িয়াই নিয়াত অসুবিধা থাকে। মাটি ওখোৰা মোখোৰা হোৱাৰ বাবে চহাবলৈ কষ্টকৰ জলসিঞ্চনৰ ক্ষেত্ৰটো পাহাৰীয়া অঞ্চলত সমস্যাৰ সন্মুখীন হ'ব লগীয়া হয় সমভূমিত নদী-পুখুৰী, জলাশয় আদিৰ পৰা পানী যোগানৰ সুবিধা থাকে। তাৰোপৰি পাহাৰীয়া অঞ্চলৰ জলবায়ু সকলো ধৰণৰ খেতি বা কৃষিকাৰ্যৰ বাবে অনুকূল নহয়।
(ঙ) উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্য উদ্যোগৰ ক্ষেত্ৰত আগবঢ়া?
উত্তৰঃ উত্তৰ পূব ভাৰতৰ অসম উদ্যোগৰ ক্ষেত্ৰত আগবঢ়া।
২। পাহাৰীয়া অঞ্চলত কেনে ধৰণে খেতি হয়? (৫০ টা মান শব্দৰ ভিতৰত লিখা।)
উত্তৰঃ পাহাৰীয়া জনগোষ্ঠীৰ লোকসকলে ঝুম খেতি পদ্ধতিৰে খেতি কৰে। প্ৰতি বছৰে পাহাৰৰ হাবি-বন কাটি জুই লগাই ঝুম খেতি পথাৰ মুকলি কৰা হয়। মাটি খিনি মুকলি কৰাৰ পিছত তাত পৰম্পৰাগত সা-সঁজুলিৰে মাটি চহাই কৃষিকাৰ্য কৰা হয়। পাহাৰত ঝুম পদ্ধতিৰে খেতি কৰি আলু, কচু, হালধি, কল, তিল, ধান, আদি বিভিন্ন শস্য উৎপাদন কৰা হয়। দুই তিনিবছৰ মান এডোখৰ কৃষিভূমি ব্যৱহাৰ কৰাৰ পিছত সেই ঠাই এৰি আন এঠাইত খেতিৰ বাবে মাটি মুকলি কৰা হয়।
৩। খালী ঠাই পূৰ কৰা-
(ক) উত্তৰ পূব ভাৰতৰ সাতখন ৰাজ্যৰ মুঠ মাটিকালি ২,৫৫,০৮৩ বৰ্গ কিল'মিটাৰ।
(খ) ভাৰতৰ উত্তৰ - পূব অঞ্চল ২০º উত্তৰ অক্ষাংশৰ পৰা ২৯º৩০৴ উত্তৰ অক্ষাংশলৈকে বিস্তৃত।
(গ) উত্তৰ পূব মৌচুমী বতাহ শীতকালত বয়।
(ঘ) উত্তৰ - পূব ভাৰতত মুঠতে ৭ খন ৰাজ্য আছে।
(ঙ) মিজোৰাম উত্তৰ-পূব ভাৰতৰ একেবাৰে দক্ষিণ ফালে থকা ৰাজ্য।
৪ । উত্তৰ - পূব ভাৰতৰ মানচিত্র এখন আঁকি তলত দিয়াবোৰ যথাস্থানত বহুওৱা —
(ক) উত্তৰ - পূব ভাৰতৰ চাৰিসীমা
(খ) ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী
(গ) অসম , মেঘালয় , মণিপুৰৰ ৰাজধানী
(ঘ) নামৰূপ সাৰ কাৰখানা
(ঙ) পর্যটন ক্ষেত্ৰ টাৱাং







Comments
Post a Comment