Skip to main content

You may also like this

4-tag:ENGLISH 3-185px-mosaic

ASSAMESE POEM RECITATION

3-tag:POEM RECITATION-350px-list

পাঠ ৯ ভাৰতৰ জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, কৃষি আৰু জনসংখ্যা Class 7 Social Science

পাঠ ৯  ভাৰতৰ জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, কৃষি আৰু জনসংখ্যা

১। শুদ্ধ- অশুদ্ধ বিচাৰি উলিওৱাঃ
(ক) ভাৰতত দুই ধৰণৰ মৌচুমী বায়ু প্ৰবাহিত হয়।
উত্তৰঃ শুদ্ধ।
(খ) জনসংখ্যাৰ আকাৰৰ ক্ষেত্ৰত ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰত প্ৰধান।
উত্তৰঃ অশুদ্ধ।
(গ) ভাৰতবৰ্ষৰ প্ৰায় সোঁমাজেদি কৰ্কটক্ৰান্তি ৰেখা পাৰ হৈ গৈছে।
উত্তৰঃ শুদ্ধ।
(ঘ) দক্ষিণ ভাৰতৰ কলা মাটি অঞ্চল চাহ খেতিৰ বাবে উপযোগী।
উত্তৰঃ অশুদ্ধ।
(ঙ) মৰুভূমি অঞ্চলত চিৰসেউজীয়া উদ্ভিদ পোৱা যায়।
উত্তৰঃ অশুদ্ধ।

২। শুদ্ধ উত্তৰটো বাছি উলিয়াই লিখাঃ
(ক) দক্ষিণ পশ্চিম মৌচুমী বতাহ প্ৰশান্ত মহাসাগৰ/আৰৱ সাগৰ /লোহিত সাগৰৰ ওপৰেদি প্ৰবাহিত হয়।
উত্তৰঃ দক্ষিণ পশ্চিম মৌচুমী বতাহ আৰৱ সাগৰৰ ওপৰেদি প্ৰবাহিত হয়।

(খ) ২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতবৰ্ষৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ৩৮০ /৩৮২ /৩২৪ জন।
উত্তৰঃ ২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতবৰ্ষৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ৩৮২ জন।

(গ) ফলমূল উৎপাদনত পঞ্জাব/ জন্মু-কাশ্মীৰ /হিমাচল প্ৰদেশৰ স্থান ভাৰতৰ ভিতৰত প্ৰথম।
উত্তৰঃ ফলমূল উৎপাদনত জন্মু-কাশ্মীৰ ভাৰতৰ ভিতৰত প্ৰথম।

(ঘ) মৰুভূমি অঞ্চলত চিৰসেউজীয়া /কাইঁটীয়া /তৃণজাতীয় উদ্ভিদ পোৱা যায়।
উত্তৰঃ মৰুভূমি অঞ্চলত কাইঁটীয়া উদ্ভিদ পোৱা যায়।

(ঙ) ভাৰতবৰ্ষৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখন হল অৰুণাচল প্ৰদেশ /মহাৰাষ্ট্ৰ /উত্তৰ প্ৰদেশ।
উত্তৰঃ ভাৰতবৰ্ষৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখন হল উত্তৰ প্ৰদেশ।

৩। `ক' অংশৰ লগত `খ' অংশ মিলোৱাঃ

 'ক' অংশ                                      'খ' অংশ

১) মৌচুমীয় উদ্ভিদ-                বছৰি ১০০ ছেন্টিমিটাৰৰ পৰা ২০০ ছেন্টিমিটাৰ বৰষুণ হয়।

২) তৃণজাতীয় উদ্ভিদ

৩) বছৰি ৫০ ছেন্টিমিটাৰৰ পৰা ১০০ ছেন্টিমিটাৰ বৰষুণ হয়।

৩) কাইঁটীয়া মৰুজ উদ্ভিদ

২) বছৰি ৫০ ছেন্টিমিটাৰতকৈ কম বৰষুণ হয়।

৪) চিৰসেউজীয়া উদ্ভিদ বৰষুণ হয়।

- ১) ২০০ ছেন্টিমিটাৰতকৈ অধিক বৰষুণ হয়।

৪। চমু উত্তৰ লিখা (৪০ টা মান শব্দৰ ভিতৰত)

(ক) জনসংখ্যা হ্ৰাস বৃদ্ধি কি কি কাৰণত হব পাৰে?
উত্তৰঃ কোনো এখন ঠাইৰ জনসংখ্যা সদায় একে নাথাকে। জনসংখ্যাৰ হ্ৰাস বা বৃদ্ধি হয়। জনসংখ্যাৰ এনে হ্ৰাস অথবা বৃদ্ধি হোৱাকে জনসংখ্যাৰ পৰিৱৰ্তন বোলা হয়। সাধাৰণতে কোনো এখন ঠাইৰ জনসংখ্যা বাঢ়ি যোৱাহে পৰিলক্ষিত হয়। কিন্তু প্ৰাকৃতিক কাৰণ, যেনে- প্ৰাকৃতিক দুৰ্যোগ, বিভিন্ন ৰোগ ব্যাধি, যুদ্ধ- বিগ্ৰহ, মহামাৰী, স্থায়ীভাৱে ঠাই এখন এৰি যোৱা আদিৰ বাবে কোনো এখন ঠাইৰ জনসংখ্যা সাময়িকভাৱে কমিবও পাৰে। আনহাতে কোনো এখন ঠাইৰ জনসংখ্যা বৃদ্ধি নিৰ্ভৰ কৰে মূলতঃ জন্মৰ হাৰ, মৃত্যুৰ হাৰ আৰু প্ৰবজনৰ ওপৰত। সাধাৰণতে মৃত্যুৰ হাৰতকৈ জন্মৰ হাৰ বেছি হয়, তেতিয়া জনসংখ্যা বাঢ়িব ধৰে।

(খ) ভাৰতবৰ্ষৰ জলবায়ু নিৰ্ধাৰণ কৰা কাৰকসমূহ কি কি?
উত্তৰঃ ভাৰতবৰ্ষৰ জলবায়ু নিৰ্ধাৰণ কৰা কাৰকসমূহ হল- দেশখনৰ বিশালতা, বেলেগ বেলেগ ভূ- প্ৰকৃতি, বিষুৱৰ পৰা দূৰত্ব, উচ্চতাৰ পাৰ্থক্য, মৌচুমী বতাহ আদিৰ প্ৰভাৱে ভাৰতবৰ্ষৰ জলবায়ু নিৰ্ধাৰণ কৰে।

(গ) ভাৰতবৰ্ষৰ ক'ত ক'ত চিৰসেউজীয়া উদ্ভিদ পোৱা যায়?
উত্তৰঃ সাধাৰণতে যিবোৰ অঞ্চলত বৰষুণৰ পৰিমাণ ২০০ ছেন্টিমিটাৰৰ অধিক আৰু উষ্ণতা ২৫°- ২৭° চেন্টিগ্ৰেডৰ ভিতৰত থাকে, তেনে অঞ্চলত চিৰসেউজীয়া উদ্ভিদ পোৱা যায়। এই শ্ৰেণীৰ উদ্ভিদসমূহ পশ্চিমঘাট পৰ্বতৰ পশ্চিমঢাল, উজনি অসম, অৰুণাচল, হিমালয়ৰ নামনি অংশ, মণিপুৰ আৰু মিজোৰামৰ পাৰ্বত্য অঞ্চল, আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কিছু অংশত পোৱা যায়।

(ঘ) ভাৰতবৰ্ষত কপাহ খেতি হোৱা ঠাইসমূহ কি কি?
উত্তৰঃ মধ্য প্ৰদেশ আৰু গুজৰাটৰ দক্ষিণ অংশ, মহাৰাষ্ট্ৰ, অন্ধপ্ৰদেশ আৰু কৰ্ণাটকৰ উত্তৰ অংশত অৱস্থিত কলা মাটি অঞ্চলত প্ৰচুৰ পৰিমাণে কপাহ খেতি কৰা হয়।


৫। উত্তৰ লিখাঃ
(ক) ভাৰতবৰ্ষৰ জলবায়ু ওপৰত দক্ষিণ পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱ সম্পৰ্কে মানচিত্ৰৰ সহায়ত বুজাই লিখা।
উত্তৰঃ গ্ৰীষ্মকালত কৰ্কটক্ৰান্তি ৰেখাৰ ওপৰত সূৰ্যৰ ৰশ্মি লম্বভাৱে পৰে। ইয়াত বায়ু গৰম হৈ নিম্নচাপৰ সৃষ্টি কৰে। এই অঞ্চললৈ ভাৰত মহাসাগৰৰ পৰা জলীয় ভাপ গধুৰ বায়ু বৈ আহে। এই বতাহৰ এটি সোঁতে অন্ধপ্ৰদেশ, উৰিষ্যা আৰু পশ্চিম বংগত প্ৰৱেশ কৰে। আন এটি সোত বাংলাদেশৰ ওপৰেদি পাৰ হৈ অসমত প্ৰৱেশ কৰে। কৰমণ্ডল উপকূলীয় অঞ্চল, অসম, মেঘালয়, অৰুণাচল আদি স্থানসমূহত ইয়াৰ প্ৰভাৱত প্ৰচুৰ বৰষুণ হয়। আনফালে আৰৱ সাগৰৰ ওপৰৰে উত্তৰলৈ গতি কৰা বতাহৰ এটি সোঁতে পশ্চিমঘাট পৰ্বতত খুন্দা মাৰে। এই বতাহৰ প্ৰভাৱত দক্ষিণ ভাৰতৰ মালাবাৰ উপকূল, কংকন উপকূল আৰু গুজৰাটৰ উপকূল অঞ্চলত বৰষুণ হয়।


(খ) ভিন ভিন খেতিৰ বাবে ভিন ভিন জলবায়ুৰ প্ৰয়োজন - বাখ্যা কৰা।
উত্তৰঃ জলবায়ুৰ বৈশিষ্ট্য আৰু মাটিৰ গুণাগুণৰ ওপৰত নিৰ্ভৰ কৰি ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত বিভিন্ন খেতি কৰা হয়। গংগা আৰু ব্ৰহ্মপুত্ৰ নদীৰ উপত্যকা অঞ্চলত গ্ৰীষ্মকালত বায়ুৰ উত্তাপ ২৫° চেলচিয়াছৰ অধিক হয়। আনহাতে বৰষুণো ১০০ ছেন্টিমিটাৰৰ অধিক হয়। পশ্চিম বংগ, বিহাৰ, উত্তৰ প্ৰদেশ আৰু অসম এই অঞ্চলৰ অন্তগৰ্ত। ধান এই অঞ্চলৰ প্ৰধান কৃষিজাত সামগ্ৰী। বৃষ্টিপাত তুলনামূলক ভাৱে কম হলেও পঞ্জাব আৰু হাৰিয়ানাত জলসিঞ্চনৰ সহায়ত প্ৰচুৰ পৰিমাণে ধান উৎপাদন হয়। ইয়াৰ উপৰি উৰিষ্যাৰ মহানদী উপত্যাকা, গোদাবৰী, কৃষ্ণা, কাৱেৰী নদীৰ মোহনা অঞ্চল আৰু কেৰালাত প্ৰচুৰ ধান খেতি কৰা হয়।
       পঞ্জাব, হাৰিয়ানা, ৰাজস্থান আৰু উত্তৰ প্ৰদেশত শুকান জলবায়ু আৰু কম বৃষ্টিপাতৰ বাবে ঘেঁহুক মূল কৃষি হিচাপে লোৱা হৈছে। ইয়াৰ বাহিৰেও মধ্য প্ৰদেশ, বিহাৰ, পশ্চিম বংগ আদি প্ৰদেশতো ঘেঁহু খেতি কৰা হয়।
      মধ্য প্ৰদেশ আৰু গুজৰাটৰ দক্ষিণ অংশ, মহাৰাষ্ট্ৰ, অন্ধপ্ৰদেশ আৰু কৰ্ণাটকৰ উত্তৰ অংশত অৱস্থিত কলা মাটি অঞ্চলত প্ৰচুৰ পৰিমাণে কপাহ খেতি কৰা হয়। ৰাজস্থান, মধ্য প্ৰদেশ, পূব মহাৰাষ্ট্ৰ, কৰ্ণাটক আৰু অন্ধপ্ৰদেশৰ কিছু অংশত জোৱাৰ আৰু বজৰা খেতি কৰা হয়। দক্ষিণ ভাৰতৰ নীলগিৰি অঞ্চলৰ মাটিত কফি আৰু চাহ খেতি কৰা হয়। অসমৰ উত্তৰ আৰু উত্তৰ পূব অঞ্চলৰ ওখ এঢলীয়া মাটি, পশ্চিম বংগ, দাৰ্জিলিং আদি অঞ্চলত চাহ খেতি কৰা হয়। বিহাৰ, উত্তৰ প্ৰদেশ, পঞ্জাব ৰাজ্যৰ কিছু অংশত কুঁহিয়াৰ খেতি কৰা হয়। পশ্চিম বংগ, উৰিষ্যা আৰু অসমত ধানৰ উপৰি মৰাপাট খেতি কৰা হয়। তাৰোপৰি, মধ্য ভাৰতৰ আটাইকেইখন ৰাজ্যতে বিভিন্ন প্ৰকাৰৰ মাহ আৰু মচলা জাতীয় শস্যৰ খেতি কৰা হয়। জন্মু- কাশ্মীৰত প্ৰচুৰ পৰিমাণে কমলা, আপেল, আঙুৰ আদি ফলমূলৰ খেতি কৰা হয়। সমগ্ৰ পূব আৰু পশ্চিম উপকূলত নাৰিকলৰ খেতি বহুল ভাৱে কৰা হয়।


(গ) মৌচুমীয় উদ্ভিদৰ বাবে কেনেধৰণৰ জলবায়ুৰ প্ৰয়োজন? মৌচুমীয় উদ্ভিদৰ উদাহৰণ লিখি ভাৰতৰ কত পোৱা যায় ঠাইসমূহ উল্লেখ কৰা।
উত্তৰঃ বছৰি ১০০ ছেন্টিমিটাৰৰ পৰা ২০০ ছেন্টিমিটাৰ বৰষুণ হোৱা আৰু প্ৰায় ২৭° চেলচিয়াছ গড় উষ্ণতা থকা অঞ্চলত মৌচুমীয় উদ্ভিদ পোৱা যায়। বৰ্ষাকালত বৰষুণৰ পৰিমাণ বঢ়াৰ বাবে সেই সময়ছোৱাত এই উদ্ভিদৰো বৃদ্ধি হয়। আনহাতে শীতকালত মৌচুমীয় অঞ্চলত বৰষুণ আৰু উষ্ণতা কম হয় বাবে মাটি শুকান হৈ যায় আৰু গছৰ পাত সৰি পৰে। মৌচুমীয় উদ্ভিদৰ উদাহৰণ - শাল, চেগুন, শিমলু, শিশু, অৰ্জুন ইত্যাদি।
     অসম, বিহাৰ, পশ্চিম বংগ, উত্তৰ প্ৰদেশ, হিমাচল প্ৰদেশ, ঝাৰখণ্ড, ছট্টিশগড়, মধ্য প্ৰদেশ, তামিলনাডু, পূৰ্বঘাট, পশ্চিমঘাটকে ধৰি দাক্ষিণাত্য মালভূমিৰ পূব অংশত পোৱা যায়। আন্দামান নিকোবৰ দ্বীপপুঞ্জত কিছু পৰিমাণে মৌচুমীয় উদ্ভিদ পোৱা যায়।


(ঘ) ধান খেতিৰ বাবে কেনেকুৱা জলবায়ুৰ প্ৰয়োজন? ভাৰতবৰ্ষত ধান খেতি প্ৰধান ৰাজ্যবোৰৰ নাম উল্লেখ কৰা।
উত্তৰঃ ধান খেতিৰ বাবে গ্ৰীষ্ম কালত বায়ুৰ উত্তাপ ২৫° চেলচিয়াছৰ অধিক হ'ব লাগিব। আনহাতে বৰষুণো ১০০ ছেন্টিমিটাৰৰ অধিক হ'ব লাগিব। ভাৰতবৰ্ষত ধান খেতি হোৱা প্ৰধান ৰাজ্যবোৰ হল- পশ্চিমবংগ, বিহাৰ, উত্তৰ প্ৰদেশ, অসম, পঞ্জাব, হাৰিয়ানা, উৰিষ্যাৰ মহানদী উপত্যাকা, গোদাবৰী, কৃষ্ণা, কাবেৰী নদীৰ মোহনা অঞ্চল, কেৰেলা।
(ঙ) জনসংখ্যা বৃদ্ধিয়ে ভাৰতবৰ্ষৰ কি কি সমস্যাৰ সৃষ্টি কৰিছে আলোচনা কৰা।
উত্তৰঃ অত্যাধিক জনসংখ্যা বৃদ্ধি বৰ্তমান সময়ৰ এক জ্বলন্ত সমস্যা। জনসংখ্যা বৃদ্ধিৰ লগে লগে বসবাসৰ সমস্যা, বনাঞ্চল আৰু কৃষিভূমিৰ পৰিমাণ কমি যোৱাৰ সমস্যা, খাদ্য সমস্যা, নিবনুৱা সমস্যা, দৈনন্দিন জীৱন যাপনৰ সমস্যাকে আদি কৰি বহু সমস্যাৰ সৃষ্টি কৰিছে।


Comments

3-popular-180px-course