অধ্যায় ১ ভূ-পৃষ্ঠত সময় গণনা
Download SCERT Class 7 Social Science Textbook - Lesson 1 👇
অনুশীলনী ঃ
১। চমু উত্তৰ দিয়া-
(ক) দ্ৰাঘিমাৰেখাৰ সৰ্বমুঠ সংখ্যা কিমান?
উত্তৰঃ দ্ৰাঘিমাৰেখাৰ সৰ্বমুঠ সংখ্যা হল- ৩৬০ ডাল।
(খ) ভাৰতীয় মান সময়ৰ দ্ৰাঘিমাংশ কিমান?
উত্তৰঃ ভাৰতীয় মান সময়ৰ দ্ৰাঘিমাংশ হল- ভাৰতবৰ্ষৰ প্ৰায় সোঁমাজেদি যোৱা ৮২°৩০′ পূব দ্ৰাঘিমাৰেখা।
(গ) পৃথিৱীৰ নিজ মোৰুদণ্ডত এপাক ঘূৰিবলৈ কিমান ঘণ্টা সময়ৰ প্ৰয়োজন?
উত্তৰঃ পৃথিৱীৰ নিজ মেৰুদণ্ডত এপাক ঘূৰিবলৈ ২৪ ঘন্টা সময়ৰ প্ৰয়োজন।
(ঘ) গ্ৰীনিজৰ ওপৰেৰে কল্পনা কৰা প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ স্থানীয় সময়ক কি বোলে?
উত্তৰঃ গ্ৰীনিজৰ ওপৰেৰে কল্পনা কৰা প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ স্থানীয় সময়ক গ্ৰীনিজ মান সময় বোলে।
(ঙ) কৌণিক দূৰত্বৰ জোখৰ একক কিমান?
উত্তৰঃ কোণিক দূৰত্বৰ জোখৰ একক হ'ল ডিগ্ৰী।
২। খালী ঠাই পূৰ কৰা-
(ক) পৃথিৱীৰ পৰিধিয়ে কেন্দ্ৰত ৩৬০ ডিগ্ৰী কোণ কৰি থাাকে।
(খ) দ্ৰাঘিমাৰেখাৰ মান বা জোখক দাঘিমাংশ বোলে।
(গ) প্ৰাথমিক দ্ৰাঘিমাৰেখাৰ কৌণিক দূৰত্ব ঠাইখনৰ দ্ৰাঘিমাংশ।
(ঘ) মধ্যাহ্ন সূৰ্যৰ পৰা পূৱফালে ১৫ডিগ্ৰী আঁতৰত থকা ঠাইখনত ১বাজিব।
৩। সঁচা-মিছা নিৰ্ণয় কৰা-
(ক) পৃথিৱীৰ আহ্নিক গতিৰ ফলত পশ্চিমৰ ঠাইসমূহ পূবতকৈ আগতে সূৰ্যৰ সন্মূখীন হয়।
উত্তৰঃ অশুদ্ধ।
(খ) ভ্ৰমণকাৰীয়ে পূব দিশৰ পৰা ১৮০ ডিগ্ৰী অতিক্ৰম কৰাৰ সময়ত ১ দিন য়োগ দিব লাগে ।
উত্তৰঃ অশুদ্ধ।
(গ) কোনো এখন ঠাইত নিশা ১২ বাজিলে ঠাইখনত এটা দিন শেষ হয় আৰু অন্য এটা দিন আৰম্ভ হয়
উত্তৰঃ শুদ্ধ।
(ঘ) ১৮০ ডিগ্ৰী দ্ৰাঘিমাংশত সময়ৰ ব্যৱধান ১২ ঘণ্টা।
উত্তৰঃ শুদ্ধ।
(ঙ) গ্ৰীনিজতকৈ পিছত সন্ধিয়া হোৱা ঠাই এখন পশ্চিম দ্ৰাঘিমাংশত অৱস্থিত।
উত্তৰঃ শুদ্ধ।
৪। শুদ্ধ উত্তৰটো বাছি উলিওৱা -
(ক) ভ্ৰমণকাৰীয়ে গ্ৰীনিজৰ মান সময় অনুসৰে গ্ৰীনিজৰ পশ্চিমে গলে সময় লাভ /লোকচান হোৱা বুলি অনুভৱ কৰে।
উত্তৰঃ সময় লাভ।
(খ) গ্ৰীনিজতকৈ মুম্বাইত আগতে সূৰ্য্যোদয় হয়। গতিকে মুম্বাইত পূব /পশ্চিম দ্ৰাঘিমাংশত অৱস্তিত।
উত্তৰঃ পূব।
(গ) প্ৰাথমিক দ্ৰাঘিমাৰেখাৰ পূবৰ প্ৰতি ডিগ্ৰী দ্ৰাঘিমাৰেখাত ৪ মিনিটকৈ সময় আগবঢ়া /পিছপৰা।
উত্তৰঃ আগবঢ়া
(ঘ) ভাৰতীয় মান দ্ৰাঘিমাৰেখাৰ হিচাপে ৮৩ডিগ্ৰী ২০/৯০/৮২ ডিগ্ৰী ৩০ পূব দ্ৰাঘিমাৰেখা ডালক গ্ৰহণ কৰা হৈছে ।
উত্তৰঃ ৮২ ডিগ্ৰী ৩০।
(ঙ) আমি পিন্ধাসাধাৰণ হাত ঘডীবোৰ স্থানীয় সময় /গ্ৰীনিজ মান সময় /ভাৰতীয় মান সময় মতে চলে ।
উত্তৰঃ ভাৰতীয় মান সময় মতে চলে।
৫) পাৰ্থক্য লিখা।
(ক) অক্ষৰেখা আৰু দ্ৰাঘিমাৰেখা
উত্তৰঃ বিষুৱৰেখাক ভিত্তি কৰি দুয়ো মেৰুৰ পিনে কৌণিক দূৰত্ব গণনা কৰি অক্ষাংশসমূহ নিৰ্ণয় কৰা হয়। বিষুৱৰ সমন্তৰালকৈ দুয়ো মেৰুৰ পিনে কল্পনা কৰা বৃত্তাকাৰ ৰেখাসমূহেই হল অক্ষৰেখা।
প্ৰাথমিক দ্ৰাঘিমাৰ পূবে আৰু পশ্চিমে দুয়ো মেৰু সংযোগ কৰি কল্পনা কৰা ৰেখাবোৰেই হল দ্ৰাঘিমাৰেখা।
(খ) স্থানীয় সময় আৰু মান সময়।
উত্তৰঃ কোনো এখন ঠাইৰ মধ্যাহ্ন সূৰ্যৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি যি সময় গণনা কৰা হয় তাকে ঠাইখনৰ স্থানীয় সময় বোলে।
সময় গণনাৰ অসুবিধা দূৰ কৰিবলৈ প্ৰত্যেক দেশে এক বা একাধিক নিৰ্দিষ্ট দ্ৰাঘিমাৰেখাৰ স্থানীয় সময় ব্যৱহাৰ কৰে। কোনো এক বা একাধিক নিৰ্দিষ্ট দ্ৰাঘিমাৰ ভিত্তিত সমগ্ৰ দেশৰ বাবে যি সময় গণনাৰ ব্যৱস্থা কৰা হয় তাক দেশখনৰ মান সময় বোলে।







Comments
Post a Comment