Skip to main content

You may also like this

4-tag:ENGLISH 3-185px-mosaic

ASSAMESE POEM RECITATION

3-tag:POEM RECITATION-350px-list

পাঠ-৯ নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান Class 8 SOCIAL SCIENCE

পাঠ-৯   নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান

Download SCERT Class 8 SOCIAL Science Textbook 👉 


                             অনুশীলনী                                                     

১) উত্তৰ লিখা -
ক) ভক্তিবাদ বুলিলে কি বুজায় ?
উত্তৰ- আভিধানিক অৰ্থত ভক্তি বোলোতে ঈশ্বৰৰ প্ৰতি গভীৰ আনুগত্য আৰু শ্ৰদ্ধাক বুজায় ǀ ভগৱানৰ লগত মানৱ আত্মাৰ মিলন, ঈশ্বৰৰ প্ৰতি অগাধ প্ৰেম তথা ভক্তিৰ ওপৰত গুৰুত্ব দি মহাপুৰুষসকলে যি মতবাদৰ সৃষ্টি কৰিছিল সেইয়াই ভক্তিবাদ ǀ

খ)ভক্তিবাদ আন্দোলন গঢ়ি উঠাৰ কাৰণ দুটা কি কি ?
উত্তৰঃ ভক্তিবাদ আন্দোলন গঢ়ি উঠাৰ  দুটা কাৰণ হ'ল-
    ১) খ্ৰীষ্টীয় সপ্তম শতিকাৰ পৰা দাক্ষিণাত্যৰ তামিল ৰাজ্যত আলভাৰচ্ আৰু নায়নাৰ নামৰ  সম্প্ৰদায়  দুটাই  তেওঁলোকৰ চিন্তাধাৰাত ঈশ্বৰৰ প্ৰতি থকা শ্ৰদ্ধাকে কেৱল ভক্তি বুলি নাভাৱি ঐশ্বৰিক শক্তি উপাসানাৰ মাধ্যমেৰে সমাজ সংস্কাৰ কৰি সৰ্বসাধাৰণৰ সকলো প্ৰকাৰৰ কল্যাণ সাধন কৰা কাৰ্যক ভক্তিৰ অন্তৰ্ভুক্ত বুলি বিবেচনা কৰিছিল ǀ এইদৰে ভক্তিবাদৰ নতুন নতুন ধ্যান ধাৰণাই ভাৰতীয় সমাজ সংস্কৃতিত প্ৰভাৱ বিস্তাৰ কৰিছিল। 
      ২) মধ্যযুগত ইছলাম ধৰ্মৰ অৰ্ভিভাৱে ভক্তি আন্দোলন জাগৰণত অৰিহণা যোগাইছিল ǀ

গ) ‘দিব্য প্ৰবন্ধম’ কি ?
উত্তৰ- আলভাৰচ্ সকলৰ গীত,মাত,মৌখিক সাহিত্যৰ কীৰ্তিৰাজী পৰৱৰ্তী কালত সংকলিত ৰূপত প্ৰকাশ পায় ǀ আলভাৰচ্ সকলৰ এই সংকলিত সাহিত্য সম্ভাৰকে ‘দিব্য প্ৰবন্ধম’ বোলে ǀ

ঘ)উত্তৰ ভাৰতত ভক্তি আন্দোলনৰ গুৰি ধৰোতা চাৰিগৰাকী ব্যক্তিৰ নাম লিখা ǀ
উত্তৰ- উত্তৰ ভাৰতত ভক্তি আন্দোলনৰ গুৰি ধৰোতা চাৰিগৰাকী ব্যক্তিৰ নাম হ'ল - ৰামানন্দ, গুৰু নানক, তুলসীদাস, আৰু কবীৰ  ǀ

ঙ) শংকৰদেৱৰ মতে মানুহে কেনেকৈ মুক্তি লাভ কৰিব পাৰে ?
উত্তৰ- ঈশ্বৰৰ ওচৰত একান্ত বিশ্বাস তথা নাম ভক্তিৰ দ্বাৰাই মানুহে মুক্তি লাভ কৰিব পাৰে ǀ

২) উপযুক্ত শব্দেৰে তলৰ খালী ঠাইবোৰ পূৰ কৰা---

ক) শংকৰাচাৰ্য আছিল অদ্বৈতবাদত বিশ্বাসী ǀ

খ) খ্ৰীষ্টীয় নৱম শতিকাৰ পৰা ভাৰতত ইছলাম ধৰ্মাৱলম্বী তুৰ্কী আফগানসকলৰ অৰ্বিভাৱ ঘটিছিল ǀ

গ) ৰামানন্দৰ মূল উপাস্য দেৱতা আছিল বিষ্ণুৰ অৱতাৰ ৰাম ǀ

ঘ) তুলসীদাসক বাল্মিকীৰ অৱতাৰ বুলি গণ্য কৰিছিল ǀ
ঙ)গীত গোবিন্দত শ্ৰীকৃষ্ণৰ লীলাৰ প্ৰশংসা আৰু গৰিমা প্ৰচাৰ কৰা হৈছে ǀ

৩) চমু টোকা লিখা 
(ক)শংকৰাচাৰ্য (খ) জ্ঞানদেৱ  (গ) ৰামানন্দ (ঘ) নানক  (ঙ) মীৰাবাঈ 

(ক)শংকৰাচাৰ্য - শংকৰাচাৰ্য আছিল অদ্বৈতবাদত বিশ্বাসী ǀ তেওঁৰ মতে আত্মা আৰু পৰমাত্মাৰ মাজত কোনো পাৰ্থক্য নাই ǀ মানুহৰ মাজতে ভগৱান বিদ্যমান ǀ সৎজ্ঞান আৰু সৎকৰ্মৰ যোগেদি মানুহে মুক্তি লাভ কৰিব পাৰে ǀ দক্ষিণ ভাৰতৰ কেৰেলা ৰাজ্যত শংকৰাচাৰ্যৰ নেতৃত্বত অষ্টম শতিকাত ভক্তিবাদৰ উত্থান হৈছিল ǀ 

(খ) জ্ঞানদেৱ- উত্তৰ পশ্চিম ভাৰতৰ মহাৰাষ্ট্ৰত জ্ঞানদেৱৰ নেতৃত্বত ১৩ শতিকাত ভক্তি আন্দোলনৰ এক ধাৰা গঢ় লৈ উঠিছিল ǀ জ্ঞানদেৱে গীত মাতৰ দ্বাৰাই ভগৱানৰ ভক্তিৰ বাণী জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিছিল ǀ প্ৰচলিত সমাজ ব্যৱস্হাৰ জাতিভেদ প্ৰথা, ধনী-দুখীয়া আদি বৈষম্যবোৰ আতৰ কৰি সহজ সৰল বন্ধুত্বপূৰ্ণ জীৱন যাপনত গুৰুত্ব দিছিল ǀ সকলো মানুহৰ গাতে যে ভগৱান বিদ্যমান সেই কথা জনসাধাৰণৰ মাজত উপস্হাপন কৰিছিল ǀ জ্ঞানদেৱৰ এই বাণী পৰবৰ্তী কালত নামদেৱ, টুকাৰাম,ৰামদাস আদি ভক্তিবাদৰ উদ্যোক্তা সকলৰ নেতৃত্বত বিভিন্ন অঞ্চলত প্ৰচাৰিত হৈছিল ǀ

(গ) ৰামানন্দ - উত্তৰ ভাৰতত বিশেষকৈ হিন্দীভাষী অঞ্চলত ভক্তিবাদ আন্দোলনৰ প্ৰচাৰক আছিল ৰামানন্দ ǀ তেওঁ এগৰাকী পণ্ডিত আৰু সমাজ সংস্কাৰক আছিল ǀ তেওঁৰ ভক্তি মাৰ্গৰ মূল উপাস্যদেৱতা আছিল বিষ্ণুৰ অৱতাৰ ৰাম ǀ তেওঁ ধৰ্মৰ দুৱাৰ সকলো শ্ৰেণীৰ লোকলৈ মোকলাই দিছিল ǀ তেওঁ হিন্দী ধৰ্মত কবিতা ৰচনা কৰি ভক্তি ধৰ্ম প্ৰচাৰ কৰিছিল ǀ 

(ঘ) নানক- উত্তৰ ভাৰতত ভক্তি মাৰ্গৰ প্ৰচাৰ কৰোতাসকলৰ অন্যতম এজন আছিল গুৰু নানক ǀ তেওঁক কবীৰৰ ভক্তিমাৰ্গে  বিশেষ ভাৱে প্ৰভাৱিত কৰিছিল ǀ নানকে হিন্দু ধৰ্মৰ প্ৰচলিত মূৰ্তিপূজা আৰু জাতিভেদ প্ৰথাক বিশ্বাস নকৰিছিল ǀ তেওঁৰ মতে ঈশ্বৰ এজন তেওঁ অদ্বিতীয় আৰু নিৰাকাৰ ǀ গুৰু নানকৰ শিষ্য সকলক পৰবৰ্তী সময়ত শিখ বুলি জনাজাত হয় ǀ

(ঙ) মীৰাবাঈ- খ্ৰীষ্টীয় ১৬ শতিকাত উত্তৰ পশ্চিম ভাৰতত মীৰাবাঈ নেতৃত্বত এক ভক্তিবাদৰ ধাৰা গঢ় লৈ  উঠিছিল ǀ গুজৰাট আৰু ৰাজস্থানত ৰবিদাস, দাদই দয়াল আদিৰ সৈতে মীৰাবাঈয়ে ভজন কীৰ্তনৰ জৰিয়তে ভগৱানৰ গুণানুকীৰ্তন জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিছিল ǀ সৰ্বসাধাৰণ লোকক এই ভক্তিমাৰ্গে বিশেষ ভাৱে আকৰ্ষিত কৰিছিল ǀ

৪) আলভাৰচ্ সকল কোন ? তেওঁলোকৰ মূল ধৰ্মমত কি আছিল ? 
উত্তৰঃ - 

৫) চুফীবাদৰ মূলমন্ত্ৰ কি আছিল ?ভাৰতত চুফীবাদ প্ৰসাৰত ভূমিকা লোৱা দুগৰাকী ব্যক্তিৰ নাম উল্লেখ কৰা ǀ
উত্তৰঃ - চুফীবাদৰ মূলমন্ত্ৰ হ'ল - এক ভগৱানকে উপাসনা কৰা ǀ চুফীসকলৰ মতে প্ৰেম আৰু একান্ত ভক্তিৰ জৰিয়তে ভগৱানক লাভ কৰিব পাৰি ǀ
ভাৰতত চুফীবাদ প্ৰসাৰত ভূমিকা লোৱা দুগৰাকী ব্যক্তি হৈছে- নিজামুদ্দিন আউলিয়া আৰু মইনুদ্দিন চিস্তি ǀ 

৬) কবীৰ কিয় হিন্দু আৰু ইছলাম ধৰ্মী সকলো লোকৰ মাজত জনপ্ৰিয় আছিল ?
উত্তৰঃ - 

৭) ভক্তি আন্দোলনৰ নেতাসকলে ধৰ্মৰ উপৰি সমাজ সংস্কাৰৰ কাম হাতত লোৱাৰ উদ্দেশ্য কি আছিল ?
উত্তৰঃ - 

৮) ভাৰতবৰ্ষত ভক্তি আন্দোলন জনপ্ৰিয় হোৱাৰ কাৰণ কি ?
উত্তৰঃ - 

৯) শ্ৰীমন্ত শংকৰদেৱে অসমীয়া সমাজ জীৱনলৈ আগবঢ়োৱা অৰিহণাৰ বিষয়ে ৫০ টামান শব্দৰ ভিতৰত একোটি টোকা লিখা ǀ 
উত্তৰ- খ্ৰীষ্ট্ৰীয় পঞ্চদশ শতিকাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নেতৃত্বত অসমত ভক্তি আন্দোলন গঢ় লৈ উঠে ǀ সেই সময়ত অসমত ধৰ্মৰ নামত কঠোৰ নীতি নিয়ম, কুসংস্কাৰ. আৰু জাতি ভেদ প্ৰথা আদিয়ে সৰ্বসাধাৰণ মানুহৰ ধৰ্ম সাধনত যথেষ্ট বাধাৰ সৃষ্টি কৰিছিল। শংকৰদেৱে ভাৰতৰ প্ৰসিদ্ধ তীৰ্থস্হান সমূহ ভ্ৰমণ কৰি হিন্দু ধৰ্মৰ মূল শাস্ত্ৰবোৰ খৰচি মাৰি অধ্যয়ন কৰিছিল ǀ ভাগৱত পুৰাণকে সকলোৰে মূল বুলি মতপোষণ কৰি তেখেতে অসমত ভক্তি আন্দোলনৰ পাতনি মেলিছিল ǀ শংকৰদেৱৰ মতে ঈশ্বৰৰ ওচৰত একান্ত. বিশ্বাস তথা নাম ভক্তিৰ দ্বাৰাই মানুহে মুক্তি লাভ কৰিব পাৰে । ভক্তিবাদৰ ধাৰণাৰে তেওঁ অসমীয়া সমাজখনক নকৈ গঢ়ি তুলিলে ǀ অসমীয়াৰ সামাজিক জীৱনটোক একত্ৰিত কৰিবলৈ তেওঁ সমতা,সহিষ্ণুতা আৰু অহিংসাৰ বাণী প্ৰচাৰ কৰিছিল ǀ ভক্তিবাদক আশ্ৰয় কৰি তেওঁ বৈষ্ণৱ ধৰ্মপ্ৰচাৰ কৰাৰ লগতে সমাজ সংস্কাৰতো মনোনিবেশ কৰিছিল ǀ ধৰ্মক জনসাধাৰণৰ কাষ চপাই আনিবলৈ শংকৰদেৱে সংস্কৃতৰ সলনি ব্ৰজাৱলী  আৰু অসমীয়া ভাষাত ধৰ্ম শাস্ত্ৰবোৰ ৰচনা কৰিছিল ǀ সামাজিক একতা আৰু সম্প্ৰীতিৰ বান্ধ সূদৃঢ় কৰিবলৈ তেওঁ বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ ব্যৱস্হা কৰিছিল ǀ এইদৰে শংকৰদেৱে সমাজলৈ এক অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে। 




।।। ধন্যবাদ।। ।


Comments

3-popular-180px-course