পাঠ-১০ মধ্যযুগৰ অসম
১) উত্তৰ দিয়া-
ক) কিমান শতিকাত আহোমসকল অসমলৈ আহিছিল ?
উত্তৰ- ত্ৰয়োদশ শতিকাত।
খ) চুকাফা অসমলৈ আহোতে লগত অহা মন্ত্ৰী দুজন কোন কোন আছিল ?
উত্তৰ-বুঢ়াগোঁহাই আৰু বৰগোঁহাই
গ) মূলাগাভৰু কোন আছিল ?
উত্তৰ- ফ্ৰাচেংমুং বৰগোহাইৰ পত্নী ǀ স্বামীৰ হত্যাৰ প্ৰতিশোধ লবলৈ তুৰ্বকৰ লগত যুদ্ধ কৰি প্ৰাণ আহুতি দিছিল ǀ
ঘ) কিমান খ্ৰীষ্টাব্দত গদাধৰ সিংহ আহোম সিংহাসনত বহে ?
উত্তৰ- ১৮৬১ খ্ৰীষ্টাব্দত ǀ
ঙ) কোচ ৰজা নৰনাৰায়ণে কিমান খ্ৰীষ্টাব্দত আহোম ৰাজ্যাক্ৰমণ কৰিছিল ǀ
উত্তৰ- ১৫৬২ খ্ৰীষ্টাব্দত ǀ
ঙ) চুটিয়াসকলৰ শ্ৰেষ্ঠ ৰজা কোন ?
উত্তৰ- ৰত্নধ্বজপাল বা গৌৰী নাৰায়ণ
২) ক্ৰমানুসাৰে সজোৱা-
ক)ইয়াণ্ডাবু সন্ধি
খ) হুছেইন শ্বাহৰ কামৰূপ কমতা আক্ৰমণ
গ)শৰাইঘাটৰ যুদ্ধ
ঘ) মিৰজুমলাৰ অসম আক্ৰমণ
ঙ) স্বৰ্গদেউ চুকাফাৰ চৰাইদেউত ৰাজধানী স্হাপন ǀ
চ) ইখতিয়াৰউদ্দিন মালিক উজবেগ তুঘ্ৰিল খাঁৰ কামৰূপ আক্ৰমণ ǀ
উত্তৰ-
৩) শুদ্ধ অশুদ্ধ বিচাৰ কৰা-
ক) আহোমসকল অসমলৈ অহাৰ পৰা ইয়াণ্ডাবু সন্ধিলৈ এই সময়ছোৱা অসম বুৰঞ্জীৰ মধ্যযুগ ǀ
উত্তৰ- শুদ্ধ
খ) চুডাংফা বা বামুণী কোঁৱৰৰ দিনৰ পৰা আহোম স্বৰ্গদেউসকলে হিন্দু নাম গ্ৰহণ কৰে ǀ
উত্তৰ- অশুদ্ধ
গ) মিৰজুমলাৰ অসম আক্ৰমণৰ সময়ত লেখক চিহাবুদ্দিন তালিচ অসমলৈ আহিছিল ǀ
উত্তৰ-শুদ্ধ
ঘ) কছাৰী ৰজা গোবিন্দচন্দ্ৰৰ দিনত কছাৰী ৰাজ্য ব্ৰিটিছৰ অধীনস্হ হয় ǀ
উত্তৰ-শুদ্ধ
ঙ) চুটিয়াসকল বৈষ্ণৱ ধৰ্মী আছিল ǀ
উত্তৰ- অশুদ্ধ
চ) কামৰূপ আক্ৰমণৰ সময়ত তুৰ্কী আফগানসকলক ভূঞাসকলে সহায় কৰিছিল ǀ
উত্তৰ-অশুদ্ধ
৪) খালী ঠাই পূৰোৱা-
ক) আহোমসকল অসমলৈ অহা পিছৰে পৰা কামৰূপ ৰাজ্যখন অসম নামেৰে পৰিচিত হয় ǀ
খ) আহোম সকলে চোমদেউ নামৰ দেৱতাক পূজা সেৱা কৰিছিল ǀ
গ) স্বৰ্গ নাৰায়ণ স্বৰ্গদেউ চুহুংমুং বা দিহিঙ্গিয়া ৰজাৰ হিন্দু নাম ǀ
ঘ) সন্ধ্যাই কামৰূপ ৰাজধানী উত্তৰ গুৱাহাটীৰ পৰা কমতাপুৰলৈ স্হানান্তৰিত কৰে ǀ
ঙ) ৰত্নধ্বজপাল বা গৌৰীনাৰায়ণ চুটিয়াসকলৰ আটাইতকৈ শক্তিশালী ৰজা আছিল ǀ
চ) ভূঞা শব্দৰ অৰ্থ হ’ল মাটিৰ মালিক ǀ
৫) ৫০টা মান শব্দৰ ভিতৰত উত্তৰ লিখা -
ক) কেতিয়া, কোনে আৰু কেনেকৈ অসমত আহোম ৰাজ্য স্হাপন কৰিছিল ?
উত্তৰ- ত্ৰয়োদশ শতিকাত আহোমসকল অসমলৈ আহে ǀ অসমত তেওঁলোক উনৈশ শতিকাৰ আগভাগলৈ প্ৰায় ৬০০ বছৰ ৰাজত্ব কৰিছিল ǀ
আজিৰ পৰা প্ৰায় ৭৮৪ বছৰ আগেয়ে মাওলুঙ ৰাজ্যৰ পৰা মুংকং হৈ পাটকাই পৰ্বত অতিক্ৰম কৰি চুকাফাই অসমত প্ৰৱেশ কৰে ǀ১২২৮ খ্ৰীষ্টাব্দত পাটকাই পৰ্বত অতিক্ৰম কৰি চৰাইদেউত ৰাজধানী স্হাপন কৰালৈ এই সময়ছোৱাত চুকাফাই খিলঞ্জীয়া লোকসকলৰ বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল ǀ চুকাফাই এই লোকসকলক কৌশলেৰে বশ কৰি নিজৰ অধীনস্হ কৰিছিল ǀ এই সময়ত দিখৌ আৰু দিচাং নৈৰ মাজৰ ঠাইখিনি মৰাণ আৰু বৰাহী দুটা জনজাতিৰ অধীনত আছিল ǀ মৰাণ আৰু বৰাহীসকলক চুকাফাই নিজৰ অধীনস্হ কৰি তেওঁলোকৰ তিৰোতাৰ পাণি গ্ৰহণ কৰিছিল ǀ চুকাফা চতুৰ ,সাহসী আৰু সুদক্ষ যোদ্ধা আছিল ǀ ৩৬ বছৰ ৰাজত্ব কৰি ১২৬৮ খ্ৰীষ্টাব্দত তেখেত স্বৰ্গগামী হয় ǀ
খ) শৰাইঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল ? ইয়াৰ ফলাফল কি হ’ল ?
উত্তৰ- ৰজা চক্ৰধ্বজ সিংহই মোগলসকলক কৰ দিবলৈ অমান্তি প্ৰকাশ কৰাৰ বাবে আহোম আৰু মোগলৰ মাজত সংঘাত আৰম্ভ হয় ǀ মোগল সম্ৰাট ঔৰংগজেৱে ৰামসিংহক অসম আক্ৰমণ কৰিবলৈ পঠিয়াই ǀইয়াৰ পৰিণতিতে বীৰ লাচিত বৰফুকন নেতৃত্বত আহোম সেনা আৰু ৰামসিংহৰ নেতৃত্বত মোগল সেনাৰ মাজত ১৬৭১ খ্ৰীষ্টাব্দত শৰাইঘাটৰ যুদ্ধ হৈছিল ǀ
এই যুদ্ধত মোগল সেনা পৰাজিত হৈছিল আৰু আহোমৰ হেৰুৱা মান, যশ উদ্ধাৰ হৈছিল ǀ
গ) বীৰ চিলাৰায় কোন আছিল ? তেওঁ কি কি ৰাজ্য জয় কৰিছিল ?
উত্তৰ- বীৰ চিলাৰায় ৰ অন্য এটা নাম হ’ল- শুক্লধ্বজ ǀ কোচসকলৰ শ্ৰেষ্ঠ ৰজা নৰনাৰায়ণৰ ৰাজত্বকালত তেঁওৰেই ভায়েক শুক্লধ্বজক সেনাপতি পাতিছিল ǀ শুক্লধ্বজে চিলাৰ দৰে অতৰ্কিতে আক্ৰমণ কৰি ৰাজ্য জয় কৰিছিল বাবে তেওঁ বুৰঞ্জীত ‘চিলাৰায়’ নামেৰে জনাজাত ǀ
বীৰ চিলাৰায়ে জয় কৰা ৰাজ্যবোৰ হৈছে-আহোম ৰাজ্য, কছাৰী, মণিপুৰ, জয়ন্তীয়া, ত্ৰিপুৰা, খৈৰাম, ডিমৰুৱা, শ্ৰীহট্ট আদি ǀ
ঘ) বাৰভূঞাসকল কোন ?
উত্তৰ- অসমত বাৰভূঞাসকলৰ উত্থান সম্পৰ্কে বহুতো কাহিনী আছে ǀ কিছুমানৰ মতে কামৰূপ ৰাজ্যৰ পূৰ্বৰ শাসন ব্যৱস্হাত ৰজাৰ পৰা ৰাজহ মুক্ত হোৱা শক্তিশালী সামন্তসকলেই পৰৱৰ্তী সময়ত ভূঞা হিচাপে প্ৰতিষ্ঠিত হয় ǀ পৰ্যাপ্ত পৰিমাণৰ ধন আৰু সৈন্যবল থকাৰ কাৰণে ভূঞাসকলে কামৰূপৰ দূৰ্বল ৰজাসকলৰ শাসন কালত স্বাধীন ৰজাহিচাপে মূৰ দাঙি উঠিছিল ǀ ’ভূঞা’ শব্দৰ অৰ্থ হ’ল মাটিৰ মালিক ǀ অসমৰ ভূঞাসকল মূলঃত কায়স্হ,দৈবজ্ঞ আৰু ব্ৰাহ্মণ ভূঞা ǀ অসমৰ ভূঞাসকলক বাৰভূঞা নামে জনা যায় ǀ
ঙ) কছাৰীসকল কোন ?
উত্তৰ- কছাৰীসকল অসমৰ অতি পুৰণি অধিবাসী ǀ ইতিহাসবিদ সকলৰ মতে প্ৰাচীন কালত কছাৰী কামৰূপ ৰাজ্যত শাসন কৰিছিল ǀ তেওঁলোকৰ শাসন বৰ্তমান বাংলাদেশৰ চিলেট, মৈমনসিং আদিকে ধৰি সাগৰৰ পাৰলৈ বিস্তৃত আছিল ǀ চুতীয়া ,কোচ, ত্ৰিপুৰী, শৰণীয়া, গাৰো ,ৰাভা,লালুং, ডিমাচা জনগোষ্ঠীসকল আদিতে এই কছাৰী জাতিৰ অন্তৰ্ভুক্ত আছিল ǀ কিন্তু এই জনগোষ্ঠীৰ লোকসকল সময়ত বিভিন্ন স্হানত নিগাজিকৈ থাকিবলৈ লোৱাত চৌপাশৰ পাৰিপাশ্বিক পৰিবেশৰ প্ৰভাৱত নিজস্ব কৃষ্টি সংস্কৃতিৰ জন্ম দিয়ে ǀ এই সংস্কৃতি তেওঁলোকৰ পূৰ্বৰ সংস্কৃতিতকৈ কিছু পৃথক ǀ সেয়ে এই লোকসকলক বিভিন্ন স্হানত বিভিন্ন নামেৰে জনা যায় ǀযেনে- বড়ো, কছাৰী, মেছ,ডিমাচা, গাৰে, হাজং, শৰণীয়া, সোণোৱাল আদি ǀ







Comments
Post a Comment